ফাতিমী মহৰৰ পৰিমাণ কিমান
ফাতিমী মহৰৰ পৰিমাণ কিমান প্ৰশ্নঃ-ফাতিমী মহৰ মানে কি,ইয়াৰ পৰিমাণ কিমান ?▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- আমাৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ দয়াৰ জীয়ৰী,জান্নাতী খাতুন হজৰত ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ নিকাহত যি মহৰ ধাৰ্য কৰা হৈছিল সেই মহৰক ফাতিমী মহৰ বোলা হয়। • তেওঁৰ মহৰ নিৰ্ধাৰিত কৰা হৈছিল চাৰি শ মিছক্কাল ৰূপ। •মিৰকাতুল মাফাতীহ শ্বাৰহে মিচকাতুল মাছাবীহত আছে: نقل ابن الهمام ان صداقة فاطمة كان اربع مئة درهم
অৰ্থাৎ ইবনে হুমামে(ফাতহুল কাদীৰৰ লেখক)লিখিছে হজৰত ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ মহৰ চাৰি শ দিৰহাম আছিল। (مرقاة المفاتيح شرح مشكوٰة المصابيح،ج٦،ص٣٥٩-٣٦٠،كتاب النكاح،الحديث ٣٣٠٤)
আৰু হজৰত শ্বেইখ আব্দুল হক্ক মোহাদ্দীছ দেহলৱী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
مہر فاطمہ زہراء رضی اللہ تعالیٰ عنہا چہار صد درہم بود
হজৰত ফাতিমা জাহৰা ৰাদ্বিয়াল্লাহু আনহাৰ মহৰ চাৰি শ দিৰহাম ধাৰ্য কৰা হৈছিল।(اشعہ لمعات،ج۳،ص١٣٧)
চাৰি শ মিছক্কাল ৰূপৰ তোলা হিচাপে হ’ব ১৫০ তোলা অৰ্থাৎ ১ কিলো ৮৬৬ গ্ৰাম ২৪০ মিলিগ্ৰাম ৰূপ।
[দেন মহৰ আৰু বিবাহ সম্পৰ্কিত আৱশ্যেকীয় কিছু কথা জানিবলৈ লিংকটো খোলক। Click here ]
(ماخوذ از بہار شریعت-ج۱،ص٥٩،فتاوی رضویہ،ج١٢،ص١٢٥،رضا فاؤنڈیشن لاہور،فتاویٰ فیض الرسول،ج۱،ص٦٤٨،انور الحدیث ٣٢٥)
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে যি ব্যক্তিয়ে কোনো মহিলাৰ লগত মহৰ নিৰ্ধাৰণ কৰি নিকাহ কৰে এই নিয়্যতত যে মহৰ মই আদায় নকৰোঁ,তেন্তে সেই ব্যক্তি জিনাকাৰী,ব্যভিচাৰী।(الترغيب والترهيب،١٨٠٦)
বিঃদ্ৰঃ ফাতিমী মহৰ সম্পৰ্কে যদিওঁ ভিন্ন মত আছে কিন্তু উল্লেখিতটো গ্ৰহণযোগ্য।
আল্লাহ পাকে আমাক চৰিয়তৰ বিধান মানি চলাৰ তৌফিক দান কৰক।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
ফাতিমী মহৰৰ পৰিমাণ কিমান
Ring ceremony আঠমঙলা বা তেল বাধ্যতামূলক নেকি – click here
আমাৰ ইউটিউব চেনেল- click here
Recent Comments