কুচিয়া খাব পাৰিনে ?

প্ৰশ্নঃ- কুচিয়া খাব পাৰিনে ?


বিছমিল্লাহিৰ ৰসমানিৰ ৰাসীম। 

উত্তৰঃ– কুচিয়া খাব পাৰি কিন্তু বাচি থকা উত্তম। পানীৰ জীৱ মাছৰ বাহিৰে সকলো হাৰাম,খাব নোৱাৰি। কিন্তু মাছৰ প্ৰজাতিৰ পৰা কুচিয়া হয় নে নহয় এই সম্পৰ্কে ভিন্ন মত আছে। আমাৰ অসমত যদিও ইয়াক মাছ বোলা হয় কিন্তু পশ্চিম বংগৰ পিনে আকৌ ইয়াক কুচিয়া সাপ বোলা হয়। সেয়ে যি ঠাইত কুচিয়া মাছ ৰূপে পৰিচিত তাত খোৱাত অসুবিধা নাই অন্যথা মকৰূহ তসৰিমী হ’ব। ইয়াৰ দৃষ্টান্ত হৈছে নিচলা বা মিছামাছ,যিদৰে নিচলা মাছৰ প্ৰজাতি হোৱাটো নিশ্চিত নহয় তদ্ৰুপ কুচিয়াও মাজৰ প্ৰজাতি হোৱা সম্পৰ্কে অনিশ্চিত। সেয়েহে ইয়াৰ পৰা আঁতৰি থকা উত্তম।

আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:

دَعْ مَا يَرِيبُكَ إِلَى مَا لَا يَرِيبُكَ

সন্দেহযুক্ত বস্তু বৰ্জন কৰি সন্দেহমুক্ত বস্তু গ্ৰহণ কৰা। [তিৰমিজি শ্বৰীফ, কিয়ামতৰ আলোচনা, ২৫১৮]।

ফতাৱা ৰেজৱীয়্যাত আছে: নিচলা মাছ হয় নে নহয় এই সম্পৰ্কে মত ভিন্ন, সেয়ে যাৰ দৃষ্টিত ই মাছ নহয় তেওঁৰ বাবে খোৱা হাৰাম আৰু যাৰ দৃষ্টিত মাছ হয় তেওঁৰ বাবে হাৰাম নহয় কিন্তু নোখোৱা ভাল। [খণ্ড: ২০, পৃষ্ঠা: ৩৩৫, ৩৩৯, প্ৰকাশন: ৰাজা ফাউণ্ডেশ্বন লাহোৰ]।

ফতাৱা ফকিহে মিল্লতত আছে: নিচলা খাব পাৰি কিন্তু বাচি থকা ভাল। [খণ্ড: ২, পৃষ্ঠা: ৩০৭, প্ৰকাশন: শ্বাব্বীৰ ব্ৰাদাৰ্জ]।

বিঃদ্ৰঃ এই বিষয়ে অধিক অধ্যয়নৰ বাবে ওমদাতুল ক্কাৰী শ্বৰহুল বুখাৰী, বাবু কওলিল্লাহি তাআলা “উসিল্লা লাকুম স্বইদুল বাসৰ: ২১/১০৫” প্ৰকাশন: ইদাৰাতুত্তাবাআতিল মুনিৰাহ বেইৰুট, আদ্দুৰুল মুখতাৰ, কিতাবুয্যাবাইস, খণ্ড: ৬, পৃষ্ঠা: ৩০৭, প্ৰকাশন: দাৰুল ফিকৰ বেইৰুট আৰু ফতাৱা ৰেজৱীয়্যাহ, খণ্ড: ২০, পৃষ্ঠা: ৩২৭, ৩৩১, প্ৰকাশন: ৰাজা ফাউণ্ডেশ্বন লাহোৰ চাব পাৰে। আল্লাহ সৰ্বোত্তম জ্ঞানী।

▁▁▁▁▁▁▁▁▁▁▁▁

ইঞ্জামুল হক মিছবাহী, দৰং অসম।

৩ জুমাদাল উলা ১৪৪৫ হিজ্‌ৰী,১৮ নবেম্বৰ ২০২৩

মাহেকীয়া হোৱা মহিলাই কদৰৰ ৰাতি কি কৰিব – click link 

আমাৰ ইউটিউব চেনেল – click link

কুচিয়া খাব পাৰিনে ?

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d