প্ৰশ্ন:- ইছলাম ধৰ্মাৱলম্বী মানুহে কুকুৰ পোহপাল দিব পাৰে নে নোৱাৰে ?
•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- ঘৰৰ ভিতৰত কুকুৰ পোহপাল দিয়া,পালিবলৈ অনা মকৰূহ। যদি সঁচাকৈ কুকুৰৰ প্ৰয়োজন তেন্তে পালিব পাৰি অন্যথা নোৱাৰিব। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ-
وعن أبي هريرة -رضي الله عنه- إنَّ رسول الله -صلَّى الله عليه وسلَّم- قال: “مَن أمْسَكَ كَلْبًا، فإنَّه يَنْقُصُ مِن عَمَلِهِ كُلَّ يَومٍ قِيراطٌ، إلَّا كَلْبَ حَرْثٍ،
যিজনে কুকুৰ পোহিলে তেওঁৰ প্ৰত্যেক দিনে এক কিৰাত আমল(নেকি)হ্ৰাস হৈ থাকিব কিন্তু সুৰক্ষাৰ বাবে পালিব পাৰিব। (কিৰাত কোৱা হয় উহুদ পাহাৰৰ পৰিমাণক)
যেনেদৰে হাদিছত আহিছে: كل قِيراطٌ مثل احد(مسلم،،كلاهما)
বহুতে পহৰা দিয়াৰ ভাবনাৰে ঘৰৰ ভিতৰত কুকুৰ পোহপাল দিব পাৰি বুলি ভাবে,এয়া ঠিক নহয়। হয়! যদি সঁচাকৈ গাঁও,চহৰ বা ঘৰ আদি চোৰ-ডকাইতৰ পৰা নিৰাপদ নহয় আৰু চকীদাৰেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে সুৰক্ষাৰ বাবে কুকুৰ পোহিব পাৰে। যদি কুকুৰ ঘৰৰ ভিতৰত থাকিলেই ঘৰ নিৰাপদ থাকিব আৰু বাহিৰত থাকিলে নিৰাপদ নহয় আৰু কুকুৰক মাৰি পেলাব তেন্তে ঘৰৰ ভিতৰত ৰাখিব পাৰিব। এনেই ফেশ্বন বা আনক দেখি পোহাৰ মুঠেই অনুমতি নাই।এনেদৰেই ফতাৱা আলমগীৰিত আছে: وفي الأجناس: لاينبغي أن يتخذ كلباً إلا أن يخاف من اللصوص أو غيرهم اھ۔(٥/ ٣٦١)
ফতাৱা ৰেজৱীয়্যাত আছে: প্ৰকৃত প্ৰয়োজনত(নিৰাপত্তাৰ বাবে)কুকুৰ ৰাখিব পাৰি। (খণ্ড:২৪, পৃষ্ঠা:৬৫৮, সংস্কৰণ:ৰাজা ফাউণ্ডেশ্যন লাহোৰ) আছে
؎اللّٰهُ تَعَالٰى اَعْلَم
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
- ✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
- ༺ ১৮ মুসাৰ্ৰাম,১৪৪৫ হিজ্ৰী,৬ আগষ্ট ২০২৩
বোখাৰী আৰু মুছলিমত সকলো হাদিছ আছেনে click here
YouTube channel Click here
কুকুৰ পুহিব পাৰিনে ? কুকুৰ পুহিব পাৰিনে ?
Recent Comments