কাজা নামাজৰ সৰল পদ্ধতি
প্ৰশ্নঃ- মোৰ এতিয়ালৈ কিমান নামাজ কাজা হৈছে মনত নাই। সেইখিনি কেনেকৈ আদায় কৰিম,কিবা সৰল পদ্ধতি থাকিলে অৱশ্যেই জনাব। আৰু কি কি নামাজৰ কাজা পঢ়িব লাগিব,এতিয়া যি কাজা হয় সেয়া লগে লগে আদায় কৰিব পৰা যাব নেকি ?
•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- কিমান নামাজ কাজা হৈছে মনত নাথাকিলে আনুমানিক যিমানৰ ওপৰত বিশ্বাস আহে সিমানখিনি আদায় কৰা হ’ব। আৰু কোনো অনুমান নাথাকিলে প্ৰত্যেক নামাজৰ কাজা আদায় কৰি থাকিব লাগিব যেতিয়ালৈকে কোনো কাজা বাকী নাই বুলি প্ৰবল ধাৰণা নহয় বা যেতিয়ালৈকে সম্পূৰ্ণ বিশ্বাস হৈ নাযায় যে মই সকলো কাজা আদায় কৰিলোঁ।
মনত ৰখা উচিত যে কাজা নামাজৰ নিয়্যত কৰাটো আৱশ্যকীয়। আৰু নিয়্যত এনেদৰে কৰা হ’ব যে “নিয়্যত কৰিলো মই প্ৰথম ফজৰৰ,যিটো মোৰ কাজা হৈছে।” “নিয়্যত কৰিলো মই প্ৰথম জোহুৰৰ,যিটো মোৰ কাজা হৈছে” এনেদৰে প্রত্যেক কাজাৰ নিয়্যত প্ৰথম নামাজ বুলিয়েই কৰা হ’ব।
যি ব্যক্তিৰ বহুত নামাজ কাজা হৈছে তেওঁ সুবিধার্থে নিম্নোক্ত পদ্ধতিৰেও আদায় কৰিব পাৰে;
প্ৰত্যেক ৰুকু আৰু ছিজদাহৰ তছবিহ তিনিবাৰৰ ঠাইত সম্পূৰ্ণকৈ এবাৰ পঢ়িব। ফৰজৰ তৃতীয় আৰু চতুৰ্থ ৰাকাতত ছুৰা ফাতিহাৰ পৰিৱৰ্তে মাথোঁ সম্পূৰ্ণকৈ ছুবসানাল্লাহ,ছুবসানাল্লাহ,ছুবসানাল্লাহ তিনিবাৰ পঢ়ি ৰুকু কৰিব,এয়া মাথোঁ ফৰজৰ ক্ষেত্ৰতহে। ৱিতিৰৰ তিনিও ৰাকাতত ছুৰা ফাতিহাৰ লগত অইন ছুৰা পঢ়া হ’ব। অন্তিম বৈঠকত “আত্তাসিয়্যাতু” পঢ়াৰ পিছত দুৰূদ শ্বৰীফ আৰু দোৱা মাছুৰাৰ ঠাইত কেৱল “আল্লাহুম্মা স্বল্লি আলা মুসাম্মাদিও ৱা আলিহি” পঢ়ি ছালাম ফিৰাব। ৱিতিৰৰ তৃতীয় ৰাকাতত দোৱা কুনুতৰ পৰিৱৰ্তে আল্লাহু আকবাৰ আৰু মাথোঁ এবাৰ অথবা তিনিবাৰ “ৰব্বিগফীৰ লী” পঢ়ি ৰুকু কৰিব।
কাজা মাথোঁ ফৰজ আৰু ৱিতিৰৰহে পঢ়িব লাগিব। প্ৰতিদিনৰ কাজা মাত্ৰ ২০ ৰাকাত পঢ়িব লাগে;জোহুৰ,আচৰ আৰু ইশ্বা নামাজৰ চাৰি চাৰি ৰাকাত ফৰজ। ফজৰৰ দুই ৰাকাত ফৰজ।তিনি ৰাকাত মাগৰিবৰ ফৰজ আৰু ৱিতিৰৰ তিনি ৰাকাত। (ফতাৱা ৰেজৱীয়্যা,খণ্ড:৮,পৃষ্ঠা:১৫৭,১৫৮,১৬৩,সংস্কৰণ:ৰাজা ফাউণ্ডেশ্বন লাহোৰ)
এনেদৰেই হাশ্বিয়াতুত্তাস ত্বাৱীত আছে:
ﻣﻦ ﻻ ﻳﺪﺭﻱ ﻛﻤﻴﺔ الفواﺋﺖ ﻳﻌﻤﻞ ﺑﺄﻛﺒﺮ ﺭﺃﻳﻪ ﻓﺈﻥ ﻟﻢ ﻳﻜﻦ ﻟﻪ ﺭﺃﻱ ﻳﻘﺾ ﺣﺘﻰ ﻳﺘﻴﻘﻦ ﺃﻧﻪ ﻟﻢ ﻳﺒﻖ ﻋﻠﻴﻪ ﺷﻲء اه.(كتاب الصلاة،باب قضاء الفوائت،ص٤٤٧،ط:دارالکتب العلمیة،بیروت)
ইয়াৰোপৰি হাশ্বিয়াতুশ্বিবলি আলা তাবয়ীনিল হাকাইকত আছে:
ﻭﻓﻲ اﻟﺤﺎﻭﻱ ﻻ ﻳﺪﺭﻱ ﻛﻤﻴﺔ اﻟﻔﻮاﺋﺖ ﻳﻌﻤﻞ ﺑﺄﻛﺒﺮ ﺭﺃﻳﻪ ﻓﺈﻥ ﻟﻢ ﻳﻜﻦ ﻟﻪ ﺭﺃﻱ ﻳﻘﻀﻲ ﺣﺘﻰ ﻳﺴﺘﻴﻘﻦ اھ۔(کتاب الصلاۃ،باب قضاء الفوائت،ج١،ص١٩٠،ط: مکتبہ امدادیہ ملتان)
ফতাৱা শ্বামীত আছে:
كثرة الفوائت نوى أول ظهر عليه أو آخره اه.(الدر المختار،كتاب الصلاة،باب قضاء الفوائت،ج٢،ص٥٣٨،ط: زكريا بك دفو)
ফতাৱা শ্বামীতেই আছে:
فإن أراد تسهيل الأمر يقول أول فجر مثلا،فانه إذا صلاه يصير ما يليه أولاً أو يقول آخر فجر فانما قبله يصير آخراً،ولا يضره عكس الترتيب لسقوطه بكثرة الفوائت اه.(المرجع السابق)
আল আশ্ববাহ ৱান্নাযাইৰত আছে:
ولو نوى أول ظهر عليه،أو آخر ظهر عليه جاز،وهذا هو المخلص لمن لم يعرف الاوقات الفائتة،أو اشتبهت عليه،أو أراد التسهيل على نفسه اه.(الاشباه والنظائر،القاعدة الثانية:الأمور بمقاصدِها،ج١،ص:١١٥،١١٦،ط: زكريا بك دفو)
ফতাৱা আমজাদিয়া খণ্ড:১,পৃষ্ঠা:২৭৩,সংস্কৰণ:কুতুব খানা আমজাদিয়াতো একেধৰণে উল্লেখ আছে।
এতিয়া যি নামাজ কাজা হয় সেয়া লগে লগে আদায় কৰাত কোনো অসুবিধা নাই বৰং কোনো পলম নকৰাকৈ কাজাসমূহ আদায় কৰিব লাগিব।
মুছলিম শ্বৰীফত আছে:
حَدَّثَنَا مُحَمَّدُ بْنُ الْمُثَنَّی حَدَّثَنَا عَبْدُ الْأَعْلَی حَدَّثَنَا سَعِيدٌ عَنْ قَتَادَةَ عَنْ أَنَسِ بْنِ مَالِکٍ قَالَ قَالَ نَبِيُّ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ مَنْ نَسِيَ صَلَاةً أَوْ نَامَ عَنْهَا فَکَفَّارَتُهَا أَنْ يُصَلِّيَهَا إِذَا ذَکَرَهَا.
নবী স্বল্লাল্লাহু আলাইহি ৱাছল্লামে কৈছে: যি কোনোৱে নামাজ পাহৰি যায় বা অসাৱধান হৈ শুই থকাৰ ফলত নামাজ গুচি যায় তেন্তে তাৰ বিনিময় হৈছে মনত পৰাৰ পিছত পঢ়া। (হাদিছ নং:১৫৬৮)
অৰ্থাৎ এনেই শুই থাকোঁতে টোপনি যোৱাত নামাজৰ সময় উকলি গ’ল আৰু নামাজ কাজা হৈ গ’ল তেতিয়া সাৰ পাই মনত পৰাৰ পিছত পঢ়া হ’ব আৰু জানি বুজি শুই নামাজ কাজা কৰিলে গুণাহগাৰ হ’ব। (মিৰআত:৬০৩)
؎وَاللّٰهُ تَعَالٰى اَعْلَم.
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ২৫ ৰবিউল আওৱাল ১৪৪৫ হিজ্ৰী,১১ অক্টোবৰ ২০২৩
মাতৃৰ মৰ্যাদা চল্লিশ হাদিছৰ আলোকত click here
YouTube channel click here
Recent Comments