প্ৰশ্নঃ তাবিজ ল’ব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- কোৰআন হাদিছৰ দ্বাৰা প্ৰস্তুত তাবিজ লোৱাত কোনো অসুবিধা নাই এয়া বৈধ আনকি হাদিছৰ দ্বাৰা প্ৰমাণিত। যি তাবিজত শ্বীৰ্ক সংযুক্ত,কুফৰিয়া শব্দ বা বাক্য উল্লেখ থাকিব সেয়া লোৱা হাৰাম(অৰ্থাৎ শ্বৰীয়ত বিৰুধী কোনো বাক্য নথকা তাবীজ লোৱাত কোনো অসুবিধা নাই।) যেনেদৰে প্ৰাচীন অজ্ঞ যুগৰ লোকে শ্বীৰ্ক সংযুক্ত তাবিজ লোৱা কৰিছিল। একমাত্ৰ সেই তাবিজহে ল’ব পাৰি য’ত কোৰআন শ্বৰীফৰ বা আল্লাহ পাকৰ নাম থাকে আৰু শ্বৰীয়ত বিৰুধী কোনো বাক্য নাথাকে।
ইয়াৰোপৰি তাবিজৰ বাবে তিনিটা চৰ্ত আছে। ইব্নে হাজাৰ আছক্কালানী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে:
وقد أجمع العلماء علی جواز الرقی عند اجتماع ثلاثة شروط أن یکون بکلام اللہ تعالی أو بأسمائہ وصفاتہ وباللسان العربی أو بما یعرف معناہ من غیرہ وأن یعتقد أن الرقیة لا تؤثر بذاتہا بل بذات اللہ تعالی
অৰ্থাৎ তিনিটা চৰ্তত তাবিজ ল’ব পাৰি:১)তাবিজ কোৰআনৰ আয়াত,আল্লাহৰ নাম বা তেওঁৰ গুণাৱলীৰে হ’ব লাগিব।২)আৰবী বা উদ্দেশ্য অথবা বাক্য বুজি পোৱা ভাষাত হ’ব লাগিব। ৩)এয়া বিশ্বাস ৰাখিব লাগিব যে তাবিজে নিজে আৰোগ্য প্ৰদান কৰিব নোৱাৰে যিহেতু প্ৰকৃততে আল্লাহ পাকহে আৰোগ্য প্ৰদানকাৰী।(ইনশ্বা-আল্লাহ তাবিজৰ বৰকতত নিৰাময় হ’ব) (فتح الباري: الطب والرقی بالقرآن والمعوذات: ۵۷۳۵)
এনেদৰেই ফতোৱা শ্বামীত আছে:
ولا باي بالمعوذات إذا كتب فيها القرآن او أسماء الله تعالىٰ_____ قالوا و انما تكره العوذة إذا كانت لغير لسان العرب ولا يدرى ما هو و لعله يدخله سحر او كفر او غير ذالك
যদি তাবিজত কোৰআনৰ আয়াত বা আল্লাহ পাকৰ নাম থাকে তেন্তে কোনো অসুবিধা নাই। উলামা সকলে কৈছে; আৰবী ব্যতীতত লিখা মকৰূহ যদিহে তাৰ অৰ্থ নুবুজে কাৰণ তেনে অৱস্থাত বাক্যবোৰ যাদুমন্ত্ৰ বা কুফ্ৰিয়া আদিৰেও হ’ব পাৰে।(رد المحتار-٩،كتاب الحظر والاباحت فى اللبس،ص٥٢٣،)
তাবিজৰ বৈধতা হাদিছৰ দ্বাৰা প্ৰমাণিত
নবীৰ চাহাবী হজৰত আওফ্ বিন মালিক আচজাঈ ৰাদ্বিয়াল্লাহু আনহুই কয়:
کُنَّا نَرْقِی فِی الْجَاہِلِیَّةِ، فَقُلْنَا: یَا رَسُولَ اللَّہِ، کَیْفَ تَرَی فِی ذَلِکَ؟ فَقَالَ:
আমি অজ্ঞ যুগত জৰাফুঁকা কৰিছিলোঁ (ইছলাম গ্ৰহণৰ পিছত)নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক নিবেদন কৰিলোঁ যে: এই মন্ত্ৰবোৰৰ বিষয়ে আপুনি কি আদেশ দিব ? তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে:اعْرِضُوا عَلَیَّ رُقَاکُمْ، لَا بَأْسَ بِالرُّقَی مَا لَمْ یَکُنْ فِیہِ شرکٌ، رواہ مسلم
তোমাৰ মন্ত্ৰ মোক শুনোৱা(শুনোৱাৰ পিছত ক’লে)এই মন্ত্ৰত কোনো অসুবিধা নাই যেতিয়ালৈকে ইয়াত শ্বীৰ্ক নাথাকিব। • মুছলিম:২২০০, ইয়াৰোপৰি ইবনে মাজা শ্বৰীফৰ ৮ নং পৃষ্ঠাৰ (মজলিছে বাৰকাত)প্ৰথম হাদিছ “আল ঈমানু মাঅৰিফাতুম বিল ক্কল্বি…” ৰ শেষত উল্লেখ কৰা আছে: لو قرء هذا الاسناد على مجنون لبرء
অৰ্থাৎ যদি এই হাদিছৰ ছনদ পঢ়ি কোনো পাগল ব্যক্তিৰ ওপৰত ফুক মাৰি দিয়া হয় তেন্তে তেওঁ আৰোগ্য লাভ কৰিব। আনহাতে চদৰু শ্বৰীআহ ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: ডিঙিত(হাতত)তাবিজ ল’ব পাৰি যদিহে সেয়া জায়েজ অৰ্থাৎ কোৰআনৰ আয়াত,আল্লাহ পাকৰ নাম বা ভিন্ন দোৱাৰে হয়। আৰু যিবোৰ হাদিছত তাবিজ ব্যৱহাৰৰ প্ৰতি যি নিষেধাজ্ঞা আহিছে সেয়া সেই তাবিজ য’ত নাজায়েজ বা কুফ্ৰি বাক্য লিখা থাকে,যিটো অজ্ঞ যুগত কৰা কৰিছিল।
তাবিজ আদি আৰোগ্যৰ নিয়্যতত পানীত গলাই খুওৱাও বৈধ।(بہار شریعت،ج۳،ص٤١٩) (এনেদৰেই আল্লামা ছুয়ুটীয়ে “ফইজুল ক্কাদীৰত লিখিছে:
أو المراد من علق تمیمة من تمائم الجاہلیة یظن أنہا تدفع أو تنفع فإن ذلک حرام والحرام لا دواء فیہ وکذا لو جہل معناہا وإن تجرد عن الاعتقاد المذکور فإن من علق شیئا من أسماء اللہ الصریحة فہو جائز بل مطلوب محبوب فإن من وکل إلیہ أسماء اللہ أخذ اللہ بیدہ(فیض القدیر:۶/۱۰۷)
আনহাতে হাদিছ শ্বৰীফত আহিছে: عن عائشة قالت أمر النبى صلى الله عليه وسلم ان نسترقى من العين
হজৰত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কয়:নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে আদেশ দিছে: যাতে আমি বদ নজৰ(কু-দৃষ্টি,মুখ লগা)ৰ বাবে তাবিজ লওঁ। (رواه البخارى،فى كتاب المرض،٥٦٤١ و ٢٦٤١،ج٢،ص٨٥٤)
হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুই কৈছে:যেতিয়া মহিলাই প্ৰসৱৰ সময়ত কষ্ট অনুভৱ কৰিব এই বাক্য কেইটা লিখা:
بِسْمِ اللہِ الرَّحْمٰنِ الرَّحِیْم لَااِلٰہَ اِلَّا اللہُ الْعَظِیْمُ الْحَلِیْمُ الْکَرِیْمُ سُبْحَانَ اللہِ رَبِّ السَّمَاوَاتِ وَ رَبِّ الْاَرْضِ وَ رَبِّ الْعَرْشِ الْعَظِیْم کَاَنَّھُمْ یَوْمَ یَرَوْنَھَا لَمْ یَلْبَثُوْا اِلَّا عَشِیَّۃً اَوْ ضُحَاھَا کَاَنّھُمْ یَوْمَ یَرَوْنَ مَایُوْعَدُوْنَ لَمْ یَلْبَثُوْا اِلَّا سَاعَۃً مِّنَ النَّھَارِ بَلَاغ فَھَلْ یُھْلَکُ اِلَّا الْقَوْمُ الْفَاسِقُوْن
তাৰ পিছত পানীত গলাই খুৱাই দিয়া।(زاد المعاد لابن قیم،جلد 4،صفحہ 328)
ইয়াৰোপৰি আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হজৰত আবু দাজ্জানা ৰাদ্বিয়াল্লাহু আনহুক তাবিজ লিখুৱাইছিল যাৰ দ্বাৰা তেওঁক কষ্ট দিয়া চয়তান ধ্বংস হৈ যায়।(دلائل النبوة ما یذکر من حرز أبی دجانة: ۷/۱۱۸)
এনেদৰেই বিখ্যাত চাহাবি হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ কৰ্মৰ দ্বাৰাও ইয়াৰ বৈধতা প্ৰমাণিত হয়। হাদিছত আহিছে وَكَانَ عَبْدُ اللَّهِ بْنُ عُمَرَ يُعَلِّمُهُنَّ مَنْ عَقَلَ مِنْ بَنِيهِ، وَمَنْ لَمْ يَعْقِلْ كَتَبَهُ فَأَعْلَقَهُ عَلَيْهِ
(নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁক শিকোৱা দোৱাটো)তেওঁৰ জনা বুজা হোৱা সন্তানক শিকাইছিল আৰু নজনাবোৰক লিখি ডিঙিত ওলমাই দিছিল। • আবু দাউদ:৩৮৯৩,তিৰমিজি:৩৫২৮
শ্বেইখ আব্দুল হক মোহাদ্দিছে দেহলৱীয়ে লিখিছে: যি মন্ত্ৰত শ্বৰীয়তৰ বিপৰীত কোনো বাক্য নাথাকে সেয়া বৈধ। (ماخوذ ازاشعۃاللمعات)
ইয়াৰোপৰি তাবিজৰ বৈধতাত অসংখ্য হাদিছ আছে তাৰে মাজৰ কিছু উপৰত উল্লেখ কৰা হৈছে।
নোট যি তাবিজত শ্বৰীয়ত বিৰুধী কোনো বাক্য নাথাকে সেয়া নিশ্চিত ৰূপত বৈধ। যিবোৰ হাদিছত ইয়াৰ নিষেধাজ্ঞা আহিছে সেইবোৰ কুফ্ৰিয়া বাক্য বা শ্বীৰ্ক সংযুক্ত শব্দ থকাৰ বাবেহে অন্যথা উপৰোক্ত হাদিছৰ দ্বাৰা ইয়াৰ বৈধতা স্পষ্ট। আল্লাহে আমাক সঠিক মাছাঈল বয়ান কৰাৰ ক্ষমতা দান কৰক। আ-মী-ন। তাবিজ ল’ব পাৰিনে ? তাবিজ ল’ব পাৰিনে ?
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মূৰটো নাথাকিলে জানাজাৰ নামাজ – click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments