মুছাফিৰ বা কচৰৰ নামাজ
প্ৰশ্নঃ- মুছাফিৰ বা কচৰৰ নামাজ সম্পৰ্কে জনাবচোন ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- আল্লাহ পাকে কৈছে:-
وَإِذَا ضَرَبْتُمْ فِي الْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَقْصُرُوا مِنَ الصَّلَاةِ
আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া নামাজ কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। ছুৰা:১০১
মুছাফিৰ কাক বোলা হয়: যদি কোনাে ব্যক্তি নিজ বাসস্থানৰ পৰা ৫৭/⁵ মাইল প্রায় ৯২ কিলােমিটাৰ দূৰৰ কোনাে ঠাইলৈ পােন্ধৰ দিনতকৈ কম দিন থকাৰ সিদ্ধান্ত লৈ ভ্ৰমণ কৰিবলৈ যায় তেন্তে ব্যক্তিজন মুছাফিৰ বা ভ্ৰমণকাৰী বুলি গণ্য হ’ব। কিন্তু তেওঁ যদি পােন্ধৰ দিন বা তাতােকৈ অধিক দিন থকাৰ সিদ্ধান্ত লয় তেন্তে তেওঁ মুছাফিৰ বুলি গণ্য নহ’ব বৰং তেওঁ মুকীম বুলি বিবেচিত হ’ব (মুকীম বুলিলে স্থায়ী বাসিন্দাক বুজোৱা হয়)। কিন্তু গন্তব্যস্থল পোৱা পৰ্যন্ত অৰ্থাৎ ৰাস্তাত যিমান নামাজ হ’ব সেইবোৰৰ কছৰ কৰা হ’ব। • ফাতোৱা ৰেজৱিয়্যাহ- new-৮/২৭০/old-৩/৬৬৯; নুজহাতুল ক্বাৰী শ্বাৰহু ছহিহুল বােখাৰী,আল বাবু তাকস্বীৰিছ ছালাতি,৩/৬৬৫
মুছাফিৰ হ’লে তেওঁৰ বাবে কচৰ নামাজ পঢ়া ফৰজ(বাধ্যতামূলক)। কচৰ শব্দৰ অৰ্থ হৈছে সংক্ষেপ অৰ্থাৎ চুটি বা সৰু আৰু চাৰি ৰাকাত ফৰজ নামাজ দুই ৰাকাত পঢ়াকে কচৰৰ নামাজ বোলা হয়। কচৰ নামাজ চাৰি ৰাকাতৰ ঠাইত দুই ৰাকাত পঢ়িব লাগে। দুই ৰাকাত বা তিনি ৰাকাত বিশিষ্ট নামাজ যেনে ফজৰ আৰু মাগৰিবৰ নামাজ পৰিপূৰ্ণ পঢ়িব লাগিব। ব্যক্তিজন যেতিয়া ঘৰৰ পৰা বাহিৰ হ’ব তেতিয়াৰ পৰাই মুছাফিৰ বুলি গণ্য হ’ব আৰু তেতিয়াৰ পৰাই পুনৰ ঘৰলৈ উভতি অহালৈকে কচৰ পঢ়িব লাগিব অৰ্থাৎ ফজৰ আৰু মাগৰিবৰ বাহিৰে বাকীবোৰ দুই ৰাকাতকৈ পঢ়িব লাগিব। ভ্ৰমণৰত অৱস্থাত চাৰি ৰাকাত বিশিষ্ট কোনাে ফৰজ নামাজ কাজা হ’লে দুই ৰাকাতৰ কাজা আদায় কৰিব লাগে। কোনাে মুছাফিৰ যদি গন্তব্য স্থানত পােন্ধৰ দিনতকৈ কম দিন থকাৰ নিয়্যত কৰে কিন্তু ঘটনাক্রমে যদি অধিক দিন থাকিব লগা হয়,তেতিয়াও তেওঁ কচৰ পঢ়িব লাগিব। মুছাফিৰ ব্যক্তিয়ে স্থায়ী ঈমামৰ পিছত নামাজ পঢ়িলে তেওঁৰ ইক্তেদা কৰিব অর্থাৎ সম্পূর্ণ নামাজ আদায় কৰিব। মুছাফিৰৰ পিছত স্থায়ী ব্যক্তিয়ে ইক্তেদা কৰিলে মুছাফিৰে দুই ৰাকাত পঢ়ি নামাজ শেষ কৰিব অর্থাৎ কচৰ পঢ়িব। স্থায়ী মুক্তাদি সকলে থিয় হৈ বাকী নামাজ নিজে নিজে আদায় কৰিব। মুছাফিৰ ঈমাম হ’লে তেওঁ মুক্তাদিসকলক জনাই দিব লাগিব যে তেওঁ কচৰ পঢ়িব। মুছাফিৰ অৱস্থাত কাজা হোৱা নামাজ য’তেই আদায় নকৰক কিয়,কচৰেই পঢ়িব লাগিব অৰ্থাৎ চাৰি ৰাকাতৰ ফৰজ দুই ৰাকাত কাজা হ’লেও দুই ৰাকাতেই পঢ়িব লাগিব। ছুন্নতৰ কাজা নাই (এই বিষয়ে তলৰ লিংকটোৰে পঢ়ক Click here আনহাতে ৱিতিৰৰ কাজা আছে।
বিশেষ দ্রষ্টব্যঃ- মুছাফিৰে জানি বুজি কচৰ নপঢ়িলে গুনাহগাৰ হ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
Recent Comments