মূৰটো নাথাকিলে জানাজাৰ নামাজ
প্ৰশ্নঃ-মৃত ব্যক্তিৰ কেৱল মূৰটো নাই বাকী শৰীৰ আছে,এনে অৱস্থাত জানাজাৰ নামাজ পঢ়িব পাৰিনে?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- উক্ত মৃতকৰ জানাজাৰ নামাজ পঢ়া হ’ব। কাৰণ ওপৰত উল্লেখ কৰা ক্ষেত্ৰত মূৰৰ বাহিৰে বাকী অংশ আছে আৰু যেতিয়া মৃতদেহৰ বেছিভাগ অংশ থাকে তেতিয়া মূৰটো নাথাকিলেও বা বেছিভাগ অংশ নাথাকিলেও যদি মূৰটোকে ধৰি শৰীৰৰ আধা অংশ থাকে তেন্তে জানাজাৰ নামাজ পঢ়া হ’ব। কিন্তু যদি মূৰসহ শৰীৰৰ আধাতকৈ কম অংশ থাকে তেন্তে গোচল ও জানাজা অবিহনেই দফন কৰা হ’ব।মাজমাউল আনহুৰত আছে-
(ولا يصلى على عضو)أي عضو كان هذا إذا وجد الأقل ولو مع الرأس۔۔۔أما إذا وجد الأكثر أو النصف مع الرأس فيغسل ويصلى عليه بالاتفاق
এটা অংগৰ ওপৰত নামাজ কৰা নহ’ব অৰ্থাৎ মৃতকৰ যি অংগ আধাতকৈ কম থাকিব মূৰৰ সৈতে হ’লেও জানাজাৰ নামাজ পঢ়া নহ’ব।কিন্তু যদিহে মূৰকে ধৰি শৰীৰৰ অধিকাংশ বা আধা অংশ পোৱা যায়,তেতিয়া তেওঁক গোচল দিয়া আৰু জানাজা দিয়া হ’ব।
( مجمع الأنهر في شرح ملتقى الأبحر،ج١،ص١٨٥،دار إحياء التراث العربي)
হাশ্বিয়াতুত্তাহ্ তাৱীত আছে-
أو نصفه مع الرأس قيد به لأنه لو وجد النصف بدون رأس لا يغسل ولا يصلي عليه بل يدفن
তেওঁৰ কথা: “বা মূৰসহ মৃতদেহৰ আধা অংশ” ইয়াত মৃতকৰ অৰ্ধ শৰীৰৰ চৰ্ত ৰখা হৈছে,কাৰণ যদি মৃতদেহৰ আধা অংশ মূৰ নোহোৱাকৈ পোৱা যায় তেন্তে গোচল দিয়া বা জানাজা নামাজ পঢ়া নহ’ব বৰঞ্চ তেওঁক(গোচল আৰু নামাজ অবিহনে)দফন কৰা হ’ব।
(حاشية الطحطاوي على مراقي الفلاح ،باب احکام الجنائز،ص٥٧٥،دار الكتب العلمية،بيروت)
মুফতি আমজাদ আলী আজমী ৰাহমাতুল্লাহ আলাইহিয়ে জানাজাৰ নামাজৰ চৰ্ত বৰ্ণনা কৰি লিখিছে- “জানাজাৰ নামাজৰ উপস্থিতিৰ অৰ্থ হ’ল গোটেই বা বেছিভাগ শৰীৰ বা মূৰসহ শৰীৰৰ আধা অংশ উপস্থিত থকা,গতিকে অনুপস্থিতিত জানাজাৰ নামাজ নহ’ব।(بہارشریعت،ح۴،،ص٨٢٨،مکتبۃ المدینہ)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কোৰআনৰ কছম ল’ব পাৰিনে,কছম খোৱাৰ পিছত কি কৰিব লাগিব ? Click here
আমাৰ ইউটিউব চেনেল click here
মূৰটো নাথাকিলে জানাজাৰ নামাজ
Recent Comments