প্ৰশ্নঃ- জানাজাৰ নামাজত বেযুৰীয়াকৈ কাতাৰ কিয় বান্ধিব লাগে ?
আমি প্ৰায়েই আমাৰ সমাজত দেখা পাওঁ বা কোৱা দেখো যে জানাজা নামাজত কাতাৰ বা ছফ বান্ধিলে বেযুৰীয়াকৈ বান্ধিব লাগে;৩-৫-৭-৯-১১ এনেকুৱা শ্বৰীয়তে এইবিষয়ে কি কয়…?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- জানাজাৰ নামাজত বেযুৰীয়াকৈ কাটাৰ বন্ধা সম্পৰ্কে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে সু-সংবাদ দিছে যে বেযুৰীয়াকৈ পঢ়া জানাজা নামাজৰ মৃত ব্যক্তিক আল্লাহে ক্ষমা কৰি দিয়ে আৰু জান্নাতদান কৰে। জানাজাৰ নামাজত তিনিটা কাটাৰ(লাইন)বনোৱা উত্তম,আনকি যদি নামাজি সাতজন থাকে তেন্তে ঈমামৰ পিছৰ লাইনত তিনিজন,তাৰ পিছৰ লাইনত দুজন আৰু তৃতীয় কাটাৰত এজন থিয় হৈ তিনিটা ছফত নামাজ পঢ়া হ’ব। এনেদৰেই ফতোৱা আলামগীৰি আদিত আছে:
إذا کان القوم سبعة قاموا ثلاثة صفوف یتقدم واحد وثلاثة بعدہ واثنان بعدہم وواحد بعدہما کذافي التتارخانیة اھ
সাতজন মানুহৰ উপস্থিতিত জানাজাৰ নামাজ হ’লে(ঈমামৰ বাহিৰে)তিনিটা ছফত জামাত কৰা হ’ব; প্ৰথম লাইনত তিনিজন,দ্বিতীয় কাটাৰত দুজন আৰু তৃতীয় ছফত এজন। • আলমগিৰী:১/১৬৪
জানাজৰ নামাজত বিযোৰ বা অযুগ্ম সংখ্যাত লাইন বনোৱা আল্লাহৰ পছন্দনীয় আৰু উত্তম। যদি নামাজিৰ সংখ্যা বাঢ়ে আৰু তিনিটকৈ বেছি ছফৰ প্ৰয়োজন হয় তেন্তে তিনিটাতকৈ বেছি কাটাৰ বনোৱা হ’ব,কিন্তু বেযুৰ অৰ্থাৎ ৫,৭,৯ বনোৱা উত্তম(কিন্তু যদি কোনোৱে বিযোৰ নকৰে তেন্তেও চৰিয়ত অনুসৰি কোনো অসুবিধা নাই।) যথা হাদিছ শ্বৰীফত আহিছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে;
ان الله وتر و يحب الوتر আল্লাহ পাক বিযোৰ(Odd)আৰু তেওঁ বেযুৰীয়াক পছন্দ কৰে। • ছহিহ মুছলিম:৪/২০৬৩:২৬৭৭ ইয়াৰোপৰি আন এক হাদিছত আহিছে যে;
قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَعلى آلِهِ وَصَحْبِهِ وَسَلَّمَ: «مَا مِنْ مُؤْمِنٍ يَمُوتُ، فَيُصَلِّي عَلَيْهِ أُمَّةٌ مِنَ الْـمُسْلِمِينَ يَبَلَغُوا أَنْ يَكُونُوا ثَلَاثَةَ صُفُوفٍ إِلَّا غُفِرَ لَهُ»
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যিজন মোমিনৰ জানাজা নামাজ মুছলমানে তিনি চফ(কাটাৰ,লাইন)ত পঢ়িব তাৰ মাগফিৰাত(ক্ষমা কৰি দিয়া)হ’ব।
(رواه أحمد وأبو داود والترمذي،کتاب الجنائز، باب في الصف علی الجنازۃ)
তদ্ৰুপ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে সু-সংবাদ দি কয় যে:
“عَنْ مَالِكِ بْنِ هُبَيْرَةَ، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَا مِنْ مُسْلِمٍ يَمُوتُ فَيُصَلِّي عَلَيْهِ ثَلَاثَةُ صُفُوفٍ مِنَ الْمُسْلِمِينَ، إِلَّا أَوْجَبَ» ، قَالَ: فَكَانَ مَالِكٌ «إِذَا اسْتَقَلَّ أَهْلَ الْجَنَازَةِ جَزَّأَهُمْ ثَلَاثَةَ صُفُوفٍ لِلْحَدِيثِ»”.
কোনো মুছলমানৰ জানাজা নামাজ তিনি কাটাৰত পঢ়া নহয় কিন্তু আল্লাহ পাকে তাৰ বাবে(জান্নাত)ওৱাজিব কৰি দিয়ে। আন এক বৰ্ণনাত আহিছে: কিন্তু আল্লাহে তাৰ মাফিৰাত (ক্ষমা)কৰি দিয়ে। (অৰ্থাৎ তিনিটা{বিযোৰ}কৈ কাটাৰ বান্ধি জানাজা পঢ়া মৃত ব্যক্তিক আল্লাহে ক্ষমাদান দি জান্নাতত প্ৰৱেশ কৰায়)
(سنن أبي داود،ج۳-٢٠٢،بہار شریعت،ح٤،نمازِ جنازہ کا بیان)
বিঃদ্ৰঃ- বেযুৰীয়া সংখ্যাত লাইন বান্ধি নামাজ পঢ়াৰ ফজিলত মাথোঁ জানাজাৰ নামাজ সম্পৰ্কেহে অন্যথা পাঁচ ওৱাক্তৰ নামাজত প্ৰথম কাটাৰ পূৰ নোহোৱালৈকে দ্বিতীয় কাটাৰ কৰা নহ’ব।
আল্লাহ পাকে আমাক চৰিয়তৰ বিধান মানি চলাৰ তৌফিক দান কৰক। আ-মী-ন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
চল্লিশ হাদিছ – click here
আমাৰ ইউটিউব চেনেল click here
জানাজাৰ নামাজত বেযুৰীয়াকৈ কাতাৰ কিয় বান্ধিব লাগে
Recent Comments