কবৰত আজান দিব পাৰিনে

প্ৰশ্নঃ- কবৰত আজান দিব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- দফনৰ (কবৰ দিয়াৰ) পিছত মৃতকৰ মূৰৰ পিনে পশ্চিম দিশে মুখ কৰি আজান দিয়া নিশ্চয় বৈধ বৰং মোস্তাহাব ও পছন্দনীয় কাম।

মৃতকক দফন কৰাৰ পিছত কবৰত ফিৰিস্তাই প্ৰশ্ন কৰাৰ সময়ত সঠিক উত্তৰ নিদিবলৈ চয়তানে ধোকা দিয়ে,হজৰত ছুফিয়ান ছউৰী ৰাহমাতুল্লাহ আলাইহিৰ পৰা বৰ্ণিত:  اذا سئل المیت من ربک تراءی له الشیطان فی صورۃ فیشیر الی نفسه ای انا ربك فھذہ فتنة عظيمة

যেতিয়া মৃতকক প্ৰশ্ন কৰা হয় যে ;তোমাৰ মালিক (ৰ’ব)কোন? সেইসময়ত চয়তান এটা ৰূপত উপস্থিত হয় আৰু নিজৰ পিনে ইংগিত কৰে অৰ্থাৎ মই তোমাৰ প্ৰতিপালক,ময়ে তোমাৰ আল্লাহ। এয়া এক বৃহৎ ফিৎনা। (نوادر الاصول،ج3،ص227،بیروت)

ইয়াৰ পিছত হাকিম তিৰমিজী আলাইহিৰ ৰাহমাই লিখিছে:

فلو لم یکن ھناك سبیل ما کان لیدعو له رسول الله صلی اللہ علیه واله وسلم بان یجیرہ من الشیطان

যদি মুছলমান মৃতকৰ কবৰত প্ৰতাৰণা তথা ধোকা দিবলৈ চয়তান অহাৰ কোনো ৰাস্তা নাথাকিল হেঁতেন তেতিয়া আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দফন হোৱা ব্যক্তিৰ প্ৰতি চয়তানৰ পৰা নিৰাপদৰ দোআ নকৰিলে হেঁতেন। (نوادر الاصول،ج3،ص227،بیروت)

আৰু ছহিহ হাদিছৰ দ্বাৰা প্ৰমাণিত যে আজানে চয়তানক দূৰ কৰে, এতেকে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; اذا اذن المؤذن ادبر الشیطان وله حصاص

মোআজ্জিনে আজান দিলে চয়তান অপসাৰিত ভাৱে পলায়ন কৰে। • মুছলিম: ১/২৯১,বেইৰুট

সেইবাবে আহলে ছুন্নত ৱা যামাআতে কবৰত আজান দিয়ে,যাতে কবৰৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত চয়তানৰ চয়তানী জালৰ পৰা মুক্ত হৈ সঠিক উত্তৰ দি জান্নাত বাসি হ’ব পাৰে। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা প্ৰমাণিত যে তেওঁ হজৰত ছাদ বিন মোআজ ৰাদ্বিয়াল্লাহুক দফন কৰাৰ পিছত উচ্চ শব্দৰে বাৰ বাৰ তকবিৰ(আল্লাহু আকবাৰ)পঢ়িছিল। “মোঅজামুল কাবিৰ,মুছনাদে আহমদ” আদিত আহিছে: হজৰত জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহুই কৈছে: 

فلما صلی علیه رسول اللہ صلی اللہ علیہ والہ وسلم ووضع فی قبرہ وسوی علیه سبح رسول الله صلی اللہ علیہ والہ وسلم فسبحنا طویلا ثم کبر فکبرنا ۔فقیل:یارسول اللہ !لم سبحت ثم کبرت ؟قال: لقد تضایق علی ھذالعبد الصالح قبرہ حتی فرجه اللہ عنه

যেতিয়া হুজুৰ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হজৰত ছাদ বিন মোআজ ৰাদ্বিয়াল্লাহুৰ জানাজা নামাজ আদায় কৰে তাৰ পিছত দফন কৰি সমান ভাৱে মাটি দিয়ে তাৰ পিছত তেওঁ “ছুবহানাল্লাহ” পঢ়িলে তেতিয়া আমিও বহু সময় “ছুবহানাল্লাহ” কৈ আছিলো তাৰ পিছত তেওঁ আল্লাহু আকবাৰ কলে,আমিও আল্লাহু আকবাৰ কলো,আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক এই বিষয়ে সোধাত তেওঁ ক’লে যে এই নেক বান্দাহ জনৰ কবৰ সৰু হৈ গৈছিল আৰু আল্লাহে এই তছবিহৰ পৰিৱৰ্তে বহল কৰি দিয়ে। • মুছনাদে ইমাম আহমদ:২৩/১৫৮,বেইৰুট

আল্লামা তিবী ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ বাখ্যা এনেদৰে কৰিছে যে:

ای مازلت اکبر واسبح ویکبرون ویسبحون ویکبرون حتی فرجه الله عنه

অৰ্থাৎ মই আৰু মোৰ চাহাবাই ছুবহানাল্লাহ,আল্লাহু আকবাৰ কৈ আছিলো যথা আল্লাহে তাৰ কবৰ আহল বহল কৰি দিয়ে(شرح طیبی،ج1،ص265،ادارۃ القرآن والعلوم الاسلامیۃ،کراچی)

কবৰত তকবিৰ অৰ্থাৎ আল্লাহু আকবাৰ কোৱা হাদিছৰ দ্বাৰা প্ৰমাণিত আৰু আজানতো এয়াই কোৱা হয়। আল্লাহৰ গজবৰ পৰা ৰক্ষা পাবলৈ তকবিৰ কোৱা বহুত উপকৃত। আজানতো তকবিৰৰ শব্দ আছে গতিকে কবৰত আজান দিয়া হয় যাতে আল্লাহ পাকে মৃতকৰ ওপৰত ক্ৰোধান্বিত নহয় আৰু আজাব নিদিয়ে বৰং ৰহমত বৰ্ষণ কৰে,এনেদৰে কোনো ঠাইত জুই লাগিলে আজান দিয়াৰ আদেশ আহিছে,ইয়াৰ দ্বাৰা জুই নুমাই যাব তদ্ৰূপ (আল্লাহে নকৰক)যদি কবৰত আজাবৰ জুই লাগে তেন্তে আজান দিলে নুমাই যাব। হাদিছ শ্বৰীফত আহিছে: اطفؤ الحریق بالتکبیر অগ্নিক তকবিৰৰ দ্বাৰা নুমোৱা।•মিৰকাতুল মাফাতিহ:১/৩৩০,কুইতাহ 

আল্লামা মোল্লা আলী কাৰী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:

التکبیر علی ھذا لاطفاء الغضب الالٰھی ولھذا ورد استحباب التکبیر عند رؤیۃ الحریق

তকবিৰ(আল্লাহু আকবাৰ)ক’লে আল্লাহৰ গজবৰ পৰা ৰক্ষা পাব পাৰি সেই কাৰণে জুই দেখিলে তকবিৰ কোৱা মোস্তাহাব কৰি দিয়া হৈছে। •মিৰকাতুল মাফাতিহ:১/৩৩০,কুইতাহ

আজানৰ পিছত কৰা দোআ কবুল হয় গতিকে কবৰত আজান দিয়াৰ পিছত মৃতকৰ বাবে মাগফিৰাতৰ(ক্ষমাৰ) দোআ কৰিলে কবুল হোৱাৰ আশা বেছি, এতেকে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: اذا نا دی المنادی فتحت ابواب السماء واستجیب الدعاء

যেতিয়া মুআজ্জিনে আজান দিয়ে তেতিয়া আকাশৰ দৰ্জা খোলি দিয়া হয় আৰু দোআ কবুল হয়। • মুস্তাদৰাক আলাস্বাহিহাইন:১/৭৩১,বেইৰুট

আজান হৈছে আল্লাহৰ জিকিৰ আৰু আল্লাহৰ জিকিৰে বিপদৰ পৰা ৰক্ষা কৰে,নিৰাপদে ৰাখে। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: ما من شئی انجی من عذاب الله من ذکر الله  আল্লাহৰ জিকিৰ তথা স্মৰণ ব্যতীত অইন কোনো বস্তুৱে তেওঁৰ আজাব ও গজবৰ পৰা ৰক্ষা কৰিব নোৱাৰে।• শ্বু’বুল ঈমান:২/৬২,ৰিয়াজ

টোকা- যদি উপৰোক্ত দলিল সমূহ নাথাকিল হেঁতেন তেতিয়াও কবৰৰ আজান বৈধ হ’বলৈ ইমানেই যথেষ্ট যে চৰীয়তত ইয়াৰ কোনো নিষেধাজ্ঞা অহা নাই,বিৰত থকাৰ আদেশ শ্বৰিঅতে দিয়া নাই, যিজনে বাধা কৰিব সি যেন কোৰআন আৰু হাদিছৰ দ্বাৰা প্ৰমাণ কৰে,কাৰণ আল্লামা শ্বামী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে:ثبوت الکراھة اذلا بد لھا من دلیل خاص কোনো কামক অপছন্দনীয় তথা মকৰূহ বা হাৰাম ক’বলৈ বিশেষ দলিল আৱশ্যেকীয়। • শ্বামী:১/২৬৭,পেচাৱৰ।

কবৰত আজান নিদিয়াৰ পক্ষে কোনো দলিল নাই বৰং দিয়াৰ পক্ষেহে আছে। এই বিষয়ে অধিক তথ্যৰ প্ৰয়োজন হ’লে আলা হজৰত ৰাহমাতুল্লাহ আলাইহিৰ কিতাপ ایذان الاجر فی اذان القبر পঢ়ক।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

জানাজাৰ নামাজত চতুৰ্থ তকবীৰৰ পিছত দুয়োখন হাত খুলি ছালাম ফিৰাব লাগে নে বান্ধি click here 

আমাৰ ইউটিউব চেনেল click here

কবৰত আজান দিব পাৰিনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d