প্ৰশ্নঃ- জানাজাৰ নামাজত চতুৰ্থ তকবীৰৰ পিছত দুয়োখন হাত খুলি ছালাম ফিৰাব লাগে নে বান্ধি,এই বিষয়ে শ্বৰীয়তে কি কয় ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- হাত খুলি ছালাম ফিৰুৱা ছুন্নত।
যি তকবীৰৰ পিছত পঢ়িব লগীয়া একো নাথাকে সেই তকবীৰৰ পিছত হাত খুলি দিয়া ছুন্নত, উদাহৰণস্বৰূপে ঈদৰ নামাজৰ প্ৰথম ৰাকাতৰ দ্বিতীয়,তৃতীয় তকবীৰৰ পিছত একো পঢ়িব নালাগে সেয়ে তাত হাত খুলি দিব লাগে তদ্ৰুপ জানাজাৰ নামাজৰ চতুৰ্থ তকবীৰৰ পিছত পঢ়িব লগীয়া একো নাই গতিকে ইয়াতো হাত খুলি দিয়া হ’ব,এয়া ছুন্নত।
নামাজত থিয় অৱস্থাত হাত বন্ধা সেই ঠাইত ছুন্নত,য’ত থিয় অৱস্থাত মছনূন জিকিৰ আছে। আৰু থিয় অৱস্থাত যদি মছনূন জিকিৰ নাথাকে তেন্তে হাত ওলোমাই দিয়া(বান্ধি নৰখা)ছুন্নত। আৰু জানাজাৰ নামাজৰ চতুৰ্থ তকবীৰৰ পিছত কোনো মছনূন জিকিৰ নাথাকে সেয়ে তাৰ পিছত হাত বান্ধি ৰখাটো ছুন্নত নহয় বৰং খুলি দিয়া বা ওলমাই দিয়া ছুন্নত। খোলাছাতুল ফতোৱাত আছে:
ولا یعقد بعد التکبیر الرابع لانہ لایبقی ذکر مسنون حتی یعقد فالصحیح انہ یحل الیدین ثم یسلم تسلیمتین ھکذا فی الذخیرۃ আৰু চতুৰ্থ তকবীৰৰ পিছত তেওঁ হাত বান্ধিব নালাগে কাৰণ এতিয়া কোনো মছনূন জিকিৰ বাকী নাই,যাৰ বাবে তেওঁ হাত বান্ধিব লাগে,গতিকে শুদ্ধ এয়া যে দুয়োখন হাত খুলি দিয়া হ’ব তাৰ পিছত দুয়ো ছালাম ফিৰুৱা হ’ব। এনেদৰেই জখীৰাহত আছে।(خلاصۃ الفتاوی،ج۱،ص٢٢٥،مطبوعہ کوئٹہ)
মাজমাউল আনহুৰত আছে:
قال شمس الأئمة الحلوانی:ان كل قيام ليس فيه ذكر مسنون فالسنة فيه الارسال وكل قيام فيه ذكر مسنون فالسنة فيه الوضع শ্বামছ আল-আঈম্মাহ হালৱানীয়ে কৈছে: যি কিয়ামত মাছনূন জিকিৰ নাই সেই প্ৰতিটো কিয়ামত হাত ওলোমাই দিয়াটো ছুন্নত আৰু যি কিয়ামত মাছনূন জিকিৰ থাকে তাত হাত বান্ধি দিয়াটো ছুন্নত। (مجمع الانھر،ج۱،ص١٤١،مطبوعہ کوئٹہ)
ফতোৱায়ে আলমগিৰিত আছে-
كل قيام فيه ذكر مسنون فالسنة فيه الإعتماد __؛وكل قيام ليس فيه ذكر مسنون__؛فالسنة فيه الإرسال كذا في النهاية،ملخصا.. অৰ্থ:হাত বন্ধা সেই কিয়ামত ছুন্নত যি কিয়ামত কিবা পঢ়া ছুন্নত,আৰু যি কিয়ামত কিবা পঢ়া ছুন্নত নহয় তাত হাত ওলমাই ৰখা ছুন্নত।এনেদৰে নিহায়াটো আছে। • আলমগিৰী:১/১৮
ফতোৱা আমজাদিয়াত আছে: মুফতী আমজাদ আলী আয্মী ৰাহমাতুল্লাহ আলাইহিক সোধা হ’ল যে: জানাজাৰ নামাজত হাত বান্ধি ছালাম ফিৰাব লাগে নে খুলি,নে দুয়ো ধৰণে বৈধ ? উত্তৰত তেওঁ ক’লে: হাত খুলি ছালাম ফিৰাব লাগে। তকবীৰসমূহত হাত বান্ধি থকা ছুন্নত,এতেকে ছালামৰ সময়তো হাত বান্ধি ৰাখিব লাগিব বুলি ভবাটো ভুল। তাত (আগৰ তকবীৰবোৰত) দীঘলীয়া মছনূন জিকিৰ (দোআ,দুৰূদ) আছে এতেকে তাৰ ওপৰত অনুমান কৰা ভুল।• ফতোৱা আমজাদিয়া:১/৩১৭,মকতাবা ৰেজৱীয়া,কাৰাচি।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মিছা কথা ক’লে অজু ভংগ হয় নেকি click here
আমাৰ ইউটিউব চেনেল click here
জানাজাৰ নামাজত চতুৰ্থ তকবীৰৰ পিছত দুয়োখন হাত খুলি ছালাম ফিৰাব লাগে নে বান্ধি
Recent Comments