গোবৰেৰে ঘৰ লিপিব পাৰিনে এনে ঠাইত নামাজ পঢ়িলে শুদ্ধ হ’বনে

প্ৰশ্নঃ- গোবৰেৰে ঘৰ লিপিব পাৰিনে,এনে ঠাইত নামাজ পঢ়িলে শুদ্ধ হ’বনে ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- ঘৰ, চোতাল আদি গোবৰেৰে লিপা চৰিয়তৰ দৃষ্টিত নিষিদ্ধ,কাৰণ ই অশুদ্ধ আৰু ডাঙৰ নাপাকি গতিকে ইয়াৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। ফতোৱা আলমগিৰিত আছে:

و اخثاء البقر و العذرة و نجو الكلب و خرء الدجاج والبط والإوز نجس نجاسة غليظة هكذا فى فتاوى قاضخان

গৰুৰ গোবৰ,ছাগলী,কুকুৰ,মুৰ্গী আৰু হাঁহৰ মল বা পায়খানা ডাঙৰ নাপাকি। এনেদৰেই ফতোৱা কাজিখানত আছে। (আলমগিৰী: খণ্ড-১/৫১)

• বাহাৰে চৰীয়তত আছে- প্ৰত্যেক হালাল জন্তুৰ মল যেনে ছাগলী,গৰু,ম’হ বা উট আদিৰ গোবৰ অশুদ্ধ আৰু ডাঙৰ নাপাকি।(খণ্ড-১/৯৮)

• ইয়াৰোপৰি গোবৰেৰে লিপা ঠাই শুকান হ’লেও তাৰ ওপৰত নামাজ পঢ়া বৈধ নহয়। কিন্তু শুকান হ’লে তাৰ ওপৰত ডাঠ কাপোৰ পাৰি নামাজ পঢ়িব পাৰি কোনো অসুবিধা নাই।(বাহাৰে চৰীয়ত:অধ্যায়-নাপাকি,১/৪০৪)

ফতোৱা আলমগিৰিত আছে: تطهير النجاسة من بدن المصلي وثوبه والمكان الذي يصلي عليه واجب

নামাজিৰ শৰীৰ,কাপোৰ-কানি আৰু নামাজ পঢ়া ঠাই পবিত্ৰ হোৱাটো অপৰিহাৰ্য।( আলমগিৰি: ১/৫৮ ) • মাটিৰ লগত গোবৰ মিহলাই লিপা চৰিয়তৰ দৃষ্টিত নিষিদ্ধ। শুকোৱাৰ পিছতো গোবৰ বিশুদ্ধ নহয় বৰং সেয়া অশুদ্ধ হৈ থাকে। এতেকে ইয়াৰ দ্বাৰা তয়ম্মুম কৰাও বৈধ নহ’ব,কাৰণ তয়ম্মুমৰ বাবে মাটি পৰিষ্কাৰ হ’ব লাগিব। কোৰআনত আহিছে: فَتَيَمَّمُوا صَعِيدًا طَيِّبًا তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তয়ম্মুম কৰা।(ছুৰা আন-নিছা:৪৩) • ঘৰটো ধূলিৰ পৰা পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে বা মাটিৰ পৃষ্ঠভাগ মজবুত কৰাৰ সঠিক উদ্দেশ্যে গোবৰেৰে লিপিব দৰকাৰ হ’লে সেয়া প্ৰয়োজনত বৈধ হ’ব।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি click here 

আমাৰ ইউটিউব চেনেল click here 

গোবৰেৰে ঘৰ লিপিব পাৰিনে এনে ঠাইত নামাজ পঢ়িলে শুদ্ধ হ’বনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d