মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰত্যেক প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাৰ ওপৰত পাঁচ ওৱাক্তৰ নামাজ আদায় কৰা অনিবাৰ্য কৰ্তব্য,যাৰ বাবে পবিত্ৰতা অপৰিহাৰ্য বিশেষকৈ অজু। আল্লাহ পাকে ইবাদতৰ ক্ষেত্ৰতো বহুত সৰলতা দান কৰিছে উদাহৰণস্বৰূপে ঠাণ্ডাৰ দিনত অজু কৰোঁতে ভৰি ধোৱাৰ পৰিৱৰ্তে মোজাৰ ওপৰত মাছাহ কৰা,কাটিলে বেণ্ডেজৰ ওপৰত মাছাহ কৰা ইত্যাদি।
মোজাত মাছাহ কৰাৰ বৈধতা হাদিছৰ পৰাঃ হজৰত আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: পবিত্ৰ অৱস্থাত মুছাফিৰৰ বাবে তিনিদিন তিনি ৰাতি আৰু স্থায়ী(ছফৰত নথকা)জনৰ বাবে এদিন এৰাতি মাছাহ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। (ছুনান দাৰে কুত্নী:১/২৭০;৭৩৭) হজৰত খুজাইমাহ বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:
عَنْ خُزَيْمَةَ بْنِ ثَابِتٍ،عَنِ النَّبِيِّ صلي الله عليه وسلم قَالَ الْمَسْحُ عَلَى الْخُفَّيْنِ لِلْمُسَافِرِ ثَلَاثَةُ أَيَّامٍ وَلِلْمُقِيمِ يَوْمٌ وَلَيْلَةٌ মোজাৰ ওপৰত মাছাহ কৰাৰ নিৰ্দিষ্ট সময় সীমা হ’ল এজন মুছাফিৰৰ বাবে তিনিদিন(তিনি ৰাতি)আৰু এজন বাসিন্দাৰ বাবে এদিন আৰু এৰাতি।(আবু দাউদ:১৫৭) • আন এটি হাদিছত আহিছে –
عَنْ صَفْوَانَ بْنِ عَسَّالٍ،قَالَ كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم يَأْمُرُنَا إِذَا كُنَّا سَفْرًا أَنْ لاَ نَنْزِعَ خِفَافَنَا ثَلاَثَةَ أَيَّامٍ وَلَيَالِيَهُنَّ إِلاَّ مِنْ جَنَابَةٍ وَلَكِنْ مِنْ غَائِطٍ وَبَوْلٍ وَنَوْمٍ
হজৰত চফৱান ইবনে আছ্ছাল ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে: আমি যেতিয়া কোনো ছফৰত থাকো তেতিয়া নবীজিয়ে ﷺ আমাক আদেশ দিয়ে,আমি যেন নাপাকিৰ গোচলৰ বাহিৰে তিনিদিনলৈ মোজা নোখোলো আনকি শৌচ-প্ৰস্ৰাৱ আৰু টোপনিৰ পৰা সাৰ পোৱাৰ পিছতো(অজুৰ সময়ত।) (তিৰমিজি:৯৬) মোজা পিন্ধা ব্যক্তিয়ে অজুত ভৰি ধোৱাৰ সলনি তাৰ ওপৰত মাছাহ কৰাটো বৈধ কিন্তু ভৰি ধোৱা উত্তম।
মাছাহ কৰাৰ পদ্ধতিঃ হাত দুখন পানীৰে ভিজাই সোঁহাতৰ তিনিটা আঙুলি সোঁ ভৰিৰ আঙুলিৰ আগফালৰ পৰা আৰু বাওঁহাতৰ তিনিটা আঙুলি বাওঁ ভৰিৰ আগফালৰ পৰা খাৰগাঁঠিলৈ টানি অনা।
আঙুলি তিয়াই লোৱাটো প্ৰয়োজনীয়,অৱশ্যে হাত ধোৱাৰ পিছত বাকী থকা পানীৰে মচিব পৰা যায়। মূৰ মুচেহ কৰাৰ পিছত পানী নোলোৱাকৈয়ে মোজা মাছাহ কৰিলে যথেষ্ট নহ’ব। (গুনয়াতুল মুতামাল্লী-১১০)
মাছাহ কৰাৰ দুটা ফৰজ: ১) প্ৰতিটো মোজাত হাতৰ তিনিটা সৰু আঙুলিৰ সমান মাছাহ কৰা। ২) মোজাৰ ওপৰ ভাগত মাছাহ কৰা।
মাছাহ কৰাৰ ছুন্নত: ১) হাতৰ আঙুলিৰে ভৰিৰ আঙুলিৰ শিৰৰ পৰা খাৰগাঁঠিলৈ মাছাহ কৰা। ২) সম্পূৰ্ণ তিনিটা আঙুলিৰ পেটেৰে মাজত ফাঁক থকা অৱস্থাত খাৰগাঁঠি পৰ্যন্ত মাছাহ কৰা ছুন্নত। (মাৰাকিল ফালাহ:অধ্যায়-পবিত্ৰতা:পৃষ্ঠা ৩১) • আলমগিৰী:১/৩২) • যাৰ ওপৰত ফৰজ গোচল থাকিব তেওঁ মোজাত মাছাহ কৰিব নোৱাৰিব। • মহিলাইয়ো মোজাত মাছাহ কৰিব পাৰিব।
মাছাহ কৰাৰ চৰ্তঃ • অজু কৰাৰ পিছত পিন্ধিব লাগিব। অজু কৰি থকা অৱস্থাত প্ৰথমে ভৰি ধুই মোজা পিন্ধিও বাকী অংশ ধোব পাৰি যদিহে এই সময়ছোৱাত অজু ভংগ হোৱা কোনো কাম কৰা নহয়। • খাৰগাঁঠি আঁৰ হোৱা মোজা হ’ব লাগিব। তাতকৈ অধিকৰ প্ৰয়োজন নাই। হয়! যদি এক দুই আঙুলি কম হয় তেন্তে ক্ষতিকাৰক নহ’ব যদিহে খাৰগাঁঠি আঁৰ হৈ থাকে। • কিবা বস্তুৰে নবন্ধাকৈ ভৰিত খাপ খাই থাকিব লাগিব,যাতে সহজে খোজ কাঢ়িব বা চলা-ফুৰা কৰিব পাৰি। • মোজা ভৰিৰ তিনিটা সৰু আঙুলিৰ সমান নফটা হ’ব লাগিব অৰ্থাৎ খোজ কাঢ়িলে তিনিটা আঙুলিৰ সমান ভৰিৰ কোনো অংশ নেদেখা হ’ব লাগিব। যদি তিনি আঙুলিৰ মাপতকৈ কম হয় তেনেহলে অসুবিধা নাই।• মোজা চামৰা বা Leather ৰ হ’ব লাগিব। যদি মাত্ৰ তলুৱা চমৰাৰ হয় তেন্তে বাকী অংশ ডাঠ পানী নোসোমোৱা হ’ব লাগিব। যদি মোজাৰ ভিতৰেদি পানী সোমায় তেন্তে মাছাহ বৈধ নহ’ব। • গোচল ফৰজ হৈ থাকিলে মোজা পিন্ধা নহ’ব আৰু পিন্ধাৰ পিছত গোচল ফৰজ হ’লেও পিন্ধি থকা নহ’ব। • নিৰ্ধাৰিত সময়ৰ ভিতৰতে হ’ব লাগিব অৰ্থাৎ মোজা পিন্ধাৰ পিছত অজু গ’লে বা পেচাব কৰিলে তাৰ পিছৰ পৰা ছফৰত হ’লে ৭২ ঘন্টা আৰু ঘৰত থাকিলে ২৪ ঘন্টাৰ ভিতৰত মাছাহ কৰাৰ অনুমতি হ’ব।
◈ ভাৰতত সাধাৰণতে সুতাৰ বা ঊণৰ মোজা পিন্ধা হয়,তাত মাছাহ কৰা বৈধ নহয় সেইবোৰ খুলি ভৰি ধোৱাটো বাধ্যতামূলক। ◈ তয়ম্মুম কৰি পিন্ধা মোজাত মাছাহ কৰা বৈধ নহয়। ◈ মোজা পিন্ধাৰ পিছত প্ৰথম বাৰ যেতিয়া অজু যাব তেতিয়াৰ পৰা মাছাহৰ সময় আৰম্ভ হ’ব উদাহৰণস্বৰূপে অজু কৰি ৬ টা বজাত মোজা পিন্ধা হ’ল আৰু ১০ টা বজাত অজু গুচি গ’ল তেন্তে ছফৰত নথকা জনে দ্বিতীয় দিনা ১০ টা বজালৈ আৰু ছফৰত থকা জনে চতুৰ্থ দিনাৰ ১০ বজালৈ ভৰি ধোৱাৰ পৰিৱৰ্তে মাছাহ কৰিব পাৰিব। ◈ মোজা ভিন্ন ঠাইত ছিগিছে,যদিহে তাৰ সমষ্টি তিনিটা আঙুলিৰ মাপতকৈ কম হয় তেন্তে মাছাহ কৰা যাব অন্যথা নাযাব। (আলমগিৰী:অধ্যায়-পবিত্ৰতা:১/৩৩-৩৪) ◈ মোজাৰ কাষত বা তলুৱাত মাছাহ কৰিলে মাছাহ নহ’ব। ◈ মাছাহ কৰোঁতে নিয়্যতৰ প্ৰয়োজন নাই আৰু তিনিবাৰ মাছাহ কৰা ছুন্নত নহয় বৰং এবাৰেই যথেষ্ট।◈ হাত মোজা,পাগুৰী,টুপী,নিকাব বা হিজাব আদিৰ ওপৰত মাছাহ বৈধ নহয়। (নূৰুল ইদ্বাহ:৩৬)
কি কি কাম কৰিলে মাছাহ ভংগ হয়ঃ • যিবোৰ কামে অজু ভংগ কৰে সেইবোৰ কামে মাছাহকো ভংগ কৰি দিয়ে।(হিদায়াহ: অধ্যায়-পবিত্ৰতা:১/৩১) • সময়সীমা অতিবাহিত হ’লে মাছাহ ভংগ হ’ব,এনে ক্ষেত্ৰত পুনৰাই অজু কৰি পিন্ধাৰ প্ৰয়োজন নাই বৰং ভৰি ধুই আকৌ মোজা পিন্ধিব পাৰি কিন্তু অজু কৰি পিন্ধা উত্তম। (বাহাৰে চৰীয়ত প্ৰথম খণ্ড,দ্বিতীয় ভাগ:৩৬৭) • ভৰিৰ পৰা মোজা খুলিলেই মাছাহ ভংগ হ’ব। যদি ভৰিৰ বেছিভাগ অংশ বাহিৰ হয় তেন্তেও মাছাহ ভংগ হ’ব। • ঢিলা হোৱাৰ বাবে যদি আকস্মিক ভাবে গোৰোহা ওলায় তেন্তে অসুবিধা নাই। • যদি মোজাৰ ভিতৰত পানী সোমায় আৰু ভৰিৰ আধাতকৈ বেছিভাগ ভিজি যায় তেন্তে মাছাহ ভংগ হ’ব।(শ্বামী:অধ্যায়-পবিত্ৰতা:মোজাত মাছাহ কৰা সম্পৰ্কে:১/৫১২)
আল্লাহ পাকে আমাক সঠিক ভাবে পবিত্ৰতা অৱলম্বন কৰাৰ ক্ষমতা দান কৰক।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
Lipstick লগাব পাৰিনে ? Click here
মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি
Recent Comments