প্ৰশ্নঃ- lipstick লগাব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-লিপষ্টিক(Lipstick)লগাব পাৰি কোনো অসুবিধা নাই। যদি লিপষ্টিকত এলক’হল( Alcohol) মিশ্ৰিত থকাৰ সন্দেহ থাকে তেন্তে সেয়া ব্যৱহাৰ নকৰা উত্তম। যদি নিসন্দেহে এলক’হল মিহলি হৈ থকা বুলি জানে তেন্তে সেয়া লগোৱা হাৰাম ও গুণাহৰ কাম অৰ্থাৎ এলক’হল থকা লিপষ্টিক লগোৱাৰ অনুমতি নাই কাৰণ এলক’হলৰ বিষয়ে শ্বৰিঅতৰ আদেশ হৈছে যে সেয়া মছজিদত অথবা শৰীৰতেই নহওঁক কিয়, ৮০ শতাংশ বা ১০ শতাংশই নহওঁক কিয়! এলকহল(Alcohol) ব্যৱহাৰ কৰা হাৰাম(নিষেধ)। হয়! যদি এলক’হল ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱা হয় অথবা বাধ্য কৰোৱাৰ কাৰণে অন্তিম বাধ্যত পৰে তেন্তে “الضرورت تبیح المحظورات” সিমানখিনিৰহে অনুমতি হ’ব(ব্যৱহাৰ কৰিব পাৰিব) যিখিনিৰে কাম চলি যায়।(اصول فقہ۔۔۔) অনাথক ব্যৱহাৰৰ অনুমতি নহ’ব। Alcohol free লিপষ্টিক যদি কোনোৱে লগায় তেন্তে সেয়া থকা অৱস্থাত অজু,গোছল একো নহয়। অজু তথা গা ধুই পাক হ’বলৈ সেয়া দূৰ কৰা বাধ্যতামূলক কাৰণ তাৰ layer(চামনি তথা স্তৰ)ধৰে যাৰ ফলত ওঠৰ ছালত পানী নালাগে গতিকে অজু নহ’ব,অজু নহ’লে নামাজো নহ’ব। সচৰাচৰ লিপষ্টিকৰ layer(চামনি তথা স্তৰ)থাকে যাৰ কাৰণে ছালত(Skin)পানী নালাগে আনহাতে অজু তথা গা ধুই পাক হ’বলৈ হ’লে শৰীৰৰ প্ৰত্যেক অংশ তথা নোম তিতা অনিবাৰ্য গতিকে অজু আৰু ফৰজ গোছলৰ(গা ধোৱাৰ)বাবে সেয়া আঁতৰাব লাগিব।
(سراج الفقہاء کی دینی مجالس-کتاب الحظر والاِباحہ،ص١٤٤،سل-١٦٦)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
নামাজত হাঁহিলে কি হ’ব – click here
lipstick লগাব পাৰিনে ?
Recent Comments