জন্মদিনৰ খাদ্য হাৰাম নেকি

প্ৰশ্নঃ- ১)জন্মদিনৰ খাদ্য হাৰাম নেকি ? ২)জন্মদিনত কেক কাটি আনন্দ প্ৰকাশ কৰাটো বৈধ নে,শুভেচ্ছা দিব পাৰিনে এই বিষয়ে শৰীয়তে কি কয়?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- ১)জন্মদিনৰ খাদ্য হাৰাম নহয়। খাব পাৰি,এয়া বৈধ ও জায়েজ। চৰীয়তে মানা কৰা নাই।

কোনো কাম নাজায়েজ তথা নিষিদ্ধ হোৱাতো নিৰ্ভৰ কৰে এই কথাৰ ওপৰত যে সেই কামটো আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰিছে নে নাই ? যদি নিষেধ কৰিছে,মানা কৰিছে তেন্তে সেয়া নাজাইজ ও গুণাহৰ কাম আৰু নিষেধ নকৰিলে সেয়া জাইজ,কৰিব পাৰি। কাৰণ ফিক্কাহৰ এয়া নিয়ম(rule)যে

الاصل فی الاشياء الإباحة  প্ৰত্যেক বস্তৰ আচল (reality) হৈছে মোবাহ, মুলতঃ ই বৈধ অৰ্থাৎ প্ৰত্যেক বস্ত মোবাহ(বৈধ)ও হলাল।

হয়! যদি কোনো বস্তুক শ্বৰিঅতে নিষিদ্ধ কৰে তেন্তে সেয়া নিষিদ্ধ অৰ্থাৎ এই নিষেধাজ্ঞাৰ দ্বাৰা সেয়া হাৰাম প্ৰমাণিত হ’ল। নতুন হোৱাৰ বাবে বা নতুন প্ৰচলনলৰ বাবে সেয়া হাৰাম হোৱা নাই। এই নিয়ম(rule) কোৰআন,ছাহিহ হাদিছ আৰু ফোকাহা সকলৰ কথাৰে প্ৰমাণিত। হাদিছ শ্বৰীফত আহিছে;

«الْحَلاَلُ مَا أَحَلَّ اللَّهُ فِي كِتَابِهِ، وَالْحَرَامُ مَا حَرَّمَ اللَّهُ فِي كِتَابِهِ، وَمَا سَكَتَ عَنْهُ فَهُوَ مِمَّا عَفَا عَنْهُ»

হালাল সেয়া যিটো আল্লাহে তেওঁৰ কিতাপত হালাল বুলি কৈছে আৰু হাৰাম সেইটো যিটো আল্লাহে তেওঁৰ কিতাপত হাৰাম বুলি কৈছে আৰু যাৰ বিষয়ে কোনো আদেশ নাই সেয়া মাফ। (তিৰমিজি-৩/২৮০:১৭৩২)


২) জন্মদিন তথা কোনো আয়োজনত যদি শ্বৰিয়ত বিৰুধী কাম নহয় তেন্তে সেয়া জাইজ অৰ্থাৎ কৰিব পাৰি। তাত কেক কটা,আত্মীয়সকলৰ বা ওচৰ চুবুৰীয়াৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা,সকলো জাইজ,কৰিব পাৰি। আৰু যদি নেক ও ভাল নিয়্যত তথা উদ্দেশ্য লৈ উক্ত কামটো কৰা হয় তেন্তে চোৱাবো পোৱা যায়। যেনে আনক খুওৱাৰ বা আত্মীয়সকলৰ মাজত প্ৰেম ভালপোৱা গঢ়াৰ উদ্দেশ্যে।

কিন্তু আজি কালি জন্মদিনৰ আয়োজন কৰোতে বহুতো শ্বৰিয়ত বিৰুধী কাম কৰা দেখা যায় উদাহৰণ স্বৰূপে গান-গোৱা বা বজোৱা,মিউজিক,আচহুৱা ও গাইৰ মুহৰিম(যাৰ লগত নিকাহ স্থাপন কৰা জাইজ তাক গাইৰ মুহৰিম বোলা হয়) পুৰুষ,মহিলা একেলগ হোৱা,সিহঁতৰ উভয়ে অনাৱশ্যেকীয়তাত কথা-বতৰা,হাঁহি ধেমালি কৰা,এই সকলোবোৰ হাৰাম ও গুণাহৰ কাম। এনেদৰে জন্মদিন উদযাপন কৰা চূড়ান্ত ভাৱে নিষিদ্ধ। এতেকে প্ৰথমে যিটো জাইজ পদ্ধতি উল্লেখ কৰা হৈছে তেনে হিচাপে যদি জন্মদিন পালন কৰে তেন্তে তাৰ অনুমতি হ’ব। আৰু আনন্দ উল্লাখ ও ফুৰ্টি কৰাও জাইজ।

মনত ৰখা উচিত যে যিটো কাম অকলশৰীয়া ভাৱে কৰিব পাৰি সেই কাম সমৱেত হৈয়ো কৰিব পাৰি। উদাহৰণ স্বৰূপে যদি অকলশৰীয়া ভাৱে শ্বৰিয়ত বিৰুধী নকৰাকৈ কেক কাটি খাব,আনন্দ প্ৰকাশ কৰিব পাৰি তেন্তে কেইজনমানৰ লগত মিলিজুলি খাব ও কৰিব পাৰি। গতিকে যদি হাৰাম ও গুণাহৰ কাম নকৰাকৈ‌ জন্মদিন পালন কৰে তেন্তে সেয়া নিশ্চয় জাইজ,ইয়াৰ অনুমতি হ’ব অন্যথা নোৱাৰিব। ইয়াৰোপৰি শুভেচ্ছা দিয়াও বৈধ,ইয়াত কোনো অসুবিধা নাই। চাওঁক ছহীহ হাদিছৰ দ্বাৰা প্ৰমাণিত উছূলুল আমানী ইলা ওছূলুত্তাহানী।

 وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here  

কোৰআন এপ থকা মোবাইলৰ আদেশ-  ক্লিক কৰক 

জন্মদিনৰ খাদ্য হাৰাম নেকি

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d