Hair Transplant সম্পৰ্কে চৰীয়তৰ ৰায়!

Hair Transplant সম্পৰ্কে চৰীয়তৰ ৰায়!

প্ৰশ্নঃ- Hair Transplant অৰ্থাৎ অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে শৰীৰৰ নোম এঠাইৰ পৰা উঘালি আনি আন এঠাইত ৰোৱা কাৰ্য। আজি কালি প্ৰায় মূৰত চুলি নথকা মানুহে শৰীৰৰ অন্য ঠাই যেনে হাত,ভৰি বা মূৰৰ পিছফালৰ পৰা চুলি গুৰিসহ উঘালি আনি অপাৰেশ্যনৰ সহায়ত চুলি নোহোৱা ঠাইত ৰোৱে,এয়া চৰীয়ত সন্মতনে ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- surgery ৰ জৰিয়তে মূৰত মানুহৰ চুলি হওঁক বা নিজৰেই অথবা জন্তুৰ বা প্লাষ্টিকৰ কৃত্ৰিম চুলি,মূৰত লগোৱা বা ৰোৱা নাজায়েজ ও গুণাহ সেয়ে ইয়াৰ পৰা আঁতৰি থকা অৱশ্যকীয় তথা ওৱাজিব।▁▁▁▁▁▁

উল্লেখিত পদ্ধতিৰে চুলি লগোৱাটো শ্বৰীয়ত অনুযায়ী অবৈধ,কাৰণ এই পদ্ধতিত কেৱল মানুহৰ চুলি এঠাইৰ পৰা আঁতৰাই আন এঠাইত লগোৱা হয় আৰু মানুহৰ চুলি নিজে লগোৱা বা আনৰ হতুৱাই লগোৱা দুয়োটা কামেই অবৈধ আৰু হাৰাম কাৰণ এয়া মিছা,প্ৰতাৰণা,আল্লাহৰ সৃষ্টিৰ পৰিৱৰ্তন আৰু মানুহৰ চুলিৰ পৰা মুনাফা লাভ কৰা,ইফালে এইসকলো কাৰ্য হাৰাম। ফতোৱা আলমগিৰীত আছে:

إلانتفاع باجزاء الآدمی لم یجز قیل للنجاسة و قیل للکرامة ھو الصحیح کذا فی جواھر الاخلاطی

অৰ্থাৎ মানুহৰ অংগৰ পৰা লাভৱান হোৱাটো এটা মত অনুসৰি অপবিত্ৰ হোৱাৰ বাবে বৈধ নহয়। আন এটা মত অনুসৰি সন্মানীয়তাৰ বাবে ই বৈধ নহয় আৰু এইটোৱেই শুদ্ধ,একেদৰে জৱাহিৰুল ইখলাতিত আছে। (الفتاوی الھندیة،کتاب الکراھیة،الباب الثامن عشر فی التداوی والمعالجات،ج٥،ص٣٥٤)

• এঠাইৰ পৰা উঘালি আনি আন এঠাইত চুলি লগোৱাত সকলোতকৈ ডাঙৰ কথা যে এয়া আল্লাহৰ সৃষ্টিৰ পৰিৱৰ্তন কৰাৰ হ’ব যাক মুছলা বোলে অৰ্থাৎ কোনো বস্তুক তাৰ আচল ৰূপৰ পৰা সলনি কৰা যেনে মানুহৰ কাণ এখন অথবা আঙুলি এটা বা চেলাউৰিৰ নোম,ভুৰ- আদি কাটি দিয়া,চুলি নোহোৱা ঠাইত চুলি ৰুই দিয়া ইত্যাদি। এতেকে ঈমাম আহ্‌লে ছুন্নতে লিখিছে; তিবৰাণী শ্বৰীফত ছহিহ ছনদৰ সৈতে আছে হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত; আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; من مثل بالشعر فلیس له عندﷲ خلاق

যিজনে চুলিৰ লগত মুছলা কৰিব তেওঁৰ বাবে আল্লাহৰ ওচৰত কোনো ঠাই তথা অংশ নাই। মুছলাৰ অন্তৰ্ভুক্ত আৰু মুছলা হাৰাম ও গুণাহৰ কাম।(فتاوی رضویہ،ج٢٢،ص٦٦٤،رضافاؤنڈیشن،لاھور)

• গতিকে Hair Transplant ৰ অনুমতি চৰীয়তৰ দৃষ্টিত অবৈধ।

• মাহনামা আশ্বৰাফীয়াত এই বিষয়ে লিখিছে: surgery ৰ জৰিয়তে মূৰত মানুহৰ চুলি হওঁক বা নিজৰেই অথবা জন্তুৰ বা প্লাষ্টিকৰ কৃত্ৰিম চুলি,মূৰত লগোৱা বা ৰোৱা নাজায়েজ ও গুণাহ যে এনে ক্ষেত্ৰত মূৰত আঘাত কৰা আৰু নিজকে কষ্ট দিয়া হ’ব যিটো নাজায়েজ সেয়ে ইয়াৰ পৰা আঁতৰি থকা অৱশ্যকীয় তথা ওৱাজিব।

• যদি কোনোৱে ৰোৱে গুণাহগাৰ নিশ্চয় হ’ব কিন্তু অজুৰ ক্ষেত্ৰত তাৰ ওপৰত মূছেহ যথেষ্ট হ’ব।

(ماہنامہ اشرفیہ،مئ،٢٠١٨)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আল্লাহৰ বাহিৰে আনৰ শপত ল’ব পাৰিনে ? Click here 

আমাৰ ইউটিউব চেনেল click here click here 

Hair Transplant সম্পৰ্কে চৰীয়তৰ ৰায়!

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d