প্ৰশ্নঃ- তপা মানুহে wig(চুলিৰ টুপী)লগাব পাৰিবনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- প্ৰয়োজনত কোনো জন্তু বা কৃত্ৰিম পবিত্ৰ চুলিৰে নিৰ্মিত wig পিন্ধিব পাৰিব যদিহে কোনো প্ৰতাৰণা বা ঢোকা দিয়াৰ উদ্দেশ্য নাথাকে।
• গাহৰিৰ বাহিৰে অন্য কোনো প্ৰাণী,যেনে ঘোঁৰা,বান্দৰ আদিৰ নোমেৰে নিৰ্মিত বা প্লাষ্টিকেৰে নিৰ্মিত wig(চুলিৰ টুপী)লগাব পাৰি।
• গাহৰিৰ নোমেৰে বা মানুহৰ চুলিৰে নিৰ্মিত উইগ পিন্ধাটো অবৈধ আৰু হাৰাম।
মনত ৰখা উচিত! যদি এই অস্থায়ী উইগে অজুত মূৰ মূছেহ বা গা ধোৱাত মূৰৰ প্ৰকৃত চুলি বা ছাল ভিজাত বাধা দিয়ে,তেন্তে অজু আৰু গোছল কৰোতে সেইটো খোলা আৱশ্যকীয় হ’ব। যদি আঠাৰে স্থায়ীভাৱে লগোৱা হৈছে যে খোলাত অসুবিধা হ’ব বা আঘাতপ্ৰাপ্ত হ’ব তেন্তে তাৰ ওপৰতে মূছেহ যথেষ্ট হ’ব। ফতোৱা শ্বামীত আছে- إلا ما یتعذر إیصال الماء إلیه أو یتعسر
যদি(কোনো অংশলৈ)পানী প্ৰেৰণ কৰা দুৰ্গম বা কঠিন হয় তেন্তে সেয়া সুকীয়া।(شامي: ۱/۲۸۴)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মই শপত ল’লো কিন্তু পূৰ্ণ কৰিব নোৱাৰোঁ! Click here
আমাৰ ইউটিউব চেনেল click here
তপা মানুহে wig(চুলিৰ টুপী)লগাব পাৰিবনে ?
Recent Comments