ফজৰৰ নামাজ সময় শেষ হোৱাৰ পিছত মছজিদত বা ঘৰত জামাতসহ পঢ়িলে হ’বনে?

প্ৰশ্নঃ- ফজৰৰ নামাজ সময় শেষ হোৱাৰ পিছত মছজিদত বা ঘৰত জামাতসহ পঢ়িলে হ’বনে?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- পুৰুষে জামাতৰ সৈতে মছজিদত ফৰজ নামাজ আদায় কৰা ওৱাজিব। চৰীয়ত সন্মত অজুহাত অবিহনে নামাজ কাজা কৰা বা নিৰ্ধাৰিত সময় অতিবাহিত কৰি পঢ়া কবিৰা গুণাহ,নিৰ্ধাৰিত সময়ত পঢ়িব নোৱাৰিলে তাৰ কাজা পঢ়া অপৰিহাৰ্য। নামাজৰ কাজা ঘৰত বা মছজিদত মানুহ গুচি যোৱাৰ পিছত গোপনে পঢ়িব লাগে যিহেতু নামাজ কাজা কৰা গুণাহ আৰু গুণাহ প্ৰকাশ কৰাও গুণাহ। হয়! গোটেই জামাতৰ কাজা হ’লে জামাতসহ আদায় কৰা হ’ব। ফতোৱা শ্বামীত আছে –

يكره قضاءها فيه(اى فى المسجد)لان التاخير معصية فلا يظهارها 

মছজিদত নামাজৰ কাজা পঢ়া মকৰূহ,কাৰণ দেৰিকৈ পঢ়া গুণাহ,যাৰ প্ৰকাশ অনুচিত।(در مختار ،باب الاذان،١/٧٩)

কাজা নামাজ সকলো সময়তে পঢ়িব পাৰি তিনিটা সময়ৰ বাহিৰে: সূৰ্য উদয়ৰ পৰা প্ৰায় বিশ মিনিট পৰ্যন্ত,সূৰ্যাস্তৰ‌ বিশ মিনিট আগৰ পৰা সূৰ্য ডুবি যোৱালৈকে আৰু দ্বিপ্ৰহৰ(জাৱাল)ৰ সময়ত কোনো ধৰণৰ নামাজ পঢ়াৰ অনুমতি নাই। এই সময়খিনিত জিকিৰ,দুৰুদ আদি পঢ়া উত্তম। বাহাৰে শ্বৰীয়তত আছে; এই সময়বোৰত কোৰআন পঢ়া উত্তম নহয় বৰং জিকিৰ,দুৰুদ শ্বৰীফ আদিত ব্যস্ত থকা উচিত।

(بہارِ شریعت،ج۱،ص٤٥٥،مکتبۃ المدینہ)

• হয়! এই সময়খিনিত উক্ত দিনটোৰ আচৰ পঢ়িব পাৰি।

• ওপৰোক্ত তিনিটা সময়ত কাজা পঢ়িলে দায়িত্ব মুক্ত নহ’ব বৰং আকৌ পঢ়িব লাগিব।

• চৰীয়ত সন্মত অজুহাত,যাৰ বাবে জামাত এৰিব পাৰি-

• সময়ৰ নাটনিৰ বাবে ঘৰতে নামাজ পঢ়িব পাৰিনে- পঢ়ক লিংকটোৰে- click here 

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

ফজৰৰ নামাজ সময় শেষ হোৱাৰ পিছত মছজিদত বা ঘৰত জামাতসহ

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d