কোনটো সময়ত নামাজ আৰু কোৰআন পঢ়িব নাপায়

কোনটো সময়ত নামাজ আৰু কোৰআন পঢ়িব নাপায়

প্ৰশ্নঃ- সূৰ্য উদয়,সূৰ্যাস্ত আৰু দ্বিপ্ৰহৰ(জাৱাল)ৰ সময়ত পবিত্ৰ কোৰআন বা নামাজ পঢ়িব পৰা বিষয়টোক লৈ চৰীয়তে কি কয় ?

 

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- তিনিটা সময়ত নামাজ পঢ়াৰ অনুমতি নাই আৰু কোৰআন তিলাৱত অনুচিত।

১)সূৰ্য উদয়ৰ পৰা প্ৰায় বিশ মিনিট পৰ্যন্ত,২)সূৰ্যাস্তৰ‌ বিশ মিনিট আগৰ পৰা সূৰ্য ডুবি যোৱালৈকে আৰু ৩) দ্বিপ্ৰহৰ(জাৱাল)¹ৰ সময়ত কোৰআন তিলাৱত কৰা উত্তম নহয়। অৱশ্যে এই সময়বোৰত যদি কোনোবাই কোৰআন পাঠ কৰে তেন্তে তেওঁ দোষী নহয়। ইয়াৰোপৰি এইসমূহ সময়ত কোনো ধৰণৰ নামাজ পঢ়াৰ অনুমতি নাই। এই সময়খিনিত জিকিৰ,দুৰুদ আদি পঢ়া উত্তম। বাহাৰে শ্বৰীয়তত আছে; এই সময়বোৰত কোৰআন পঢ়া উত্তম নহয় বৰং জিকিৰ,দুৰুদ শ্বৰীফ আদিত ব্যস্ত থকা উচিত।       (بہارِ شریعت،ج۱،ص٤٥٥،مکتبۃ المدینہ)

¹দ্বহৱায়ে কুব্‌ৰা শ্বৰঈৰ পৰা অৰ্থাৎ আজিৰ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে দিনটোক দুটা সমান ভাগত ভাগ কৰক। প্ৰথম ভাগৰ শেষত চৰীয়তৰ দৃষ্টিত দিনটোৰ অৰ্ধভাগ বুলি গণ্য কৰা হয় আৰু এই সময়ৰ পৰা সূৰ্য হাঁলি নোযোৱালৈকে উক্ত সময়খিনিত কোনো ধৰণৰ নামাজ;ফৰজ,নফল,ছুন্নত,তিলাৱতৰ ছিজদাহ আদি কৰাৰ বা পঢ়াৰ অনুমতি নাই। ইয়াকেই সচৰাচৰ জাৱালৰ সময় বোলা হয় (দ্বিপ্ৰহৰৰ সময় প্ৰায়-১০:৪৫ ৰ পৰা ১১-২৯ লৈকে থাকে,অৱশ্যে ঠাই অনুসৰি সলনি হয়)

যিয়ে দিনটোৰ আচৰ আদায় কৰিলে তেওঁৰ পক্ষে আচৰৰ সময় শেষ বুলি গণ্য কৰা হয় অৰ্থাৎ তেওঁ এতিয়া কোনো ধৰণৰ নামাজ পঢ়িব নোৱাৰিব। • হয়! এই সময়খিনিত উক্ত দিনটোৰ আচৰ পঢ়িব পাৰিব। • ইয়াৰোপৰি আচৰৰ ফৰজৰ পিছত বেলি ডুবাৰ বিশ মিনিট আগলৈকে কাজা নামাজ পঢ়িব পাৰি কিন্তু গোপনে পঢ়া উচিত। -উল্লেখিত তিনিটা সময়ৰ বাহিৰে সকলো সময়তে কাজা পঢ়িব পাৰি।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

জানাজাৰ নামাজৰ ফৰজ ও ছুন্নতসমূহৰ লগতে পঢ়াৰ পদ্ধতি বিস্তাৰিতভাৱে – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

কোনটো সময়ত নামাজ আৰু কোৰআন পঢ়িব নাপায়

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d