প্ৰশ্নঃ- সন্তান তুলি ল’ব পাৰিনে ?
উত্তৰ:- কাৰোবাৰ সন্তান তুলি ল’ব অৰ্থাৎ adopt কৰিব পাৰি অবৈধ সন্তানেই নহওঁক কিয়,শ্বৰীয়তে ইয়াত কোনো নিষেধাজ্ঞা প্ৰদান কৰা নাই।
কিন্তু ইছলামত তোলনীয়া সন্তান(adopted son/daughter)কেতিয়াও নিজ সন্তানৰ ঠাইত হ’ব নোৱাৰে অৰ্থাৎ তোলনীয়া সন্তানৰ পিতাৰ ঠাই আচল পিতৃৰ বাহিৰে কোনেও ল’ব নোৱাৰিব। কাৰণ সন্তান তুলি ল’লেই তাৰ প্ৰকৃততা সলনি নহয়,সি নিজ পিতৃৰ সন্তানেই হৈ থাকিব আৰু তুলি লওঁতাৰ সন্তান হৈ নাযায়। যিজনে সন্তান তুলি ল’ব সি তোলনীয়া সন্তানৰ পিতা বুলিও পৰিচয় দিব নোৱাৰিব এয়া হাৰাম,উদাহৰণ স্বৰূপে কোনো পান কাৰ্ড,আধাৰ কাৰ্ড বা পাছপোৰ্ট আদিত পিতৃৰ নামৰ ঠাইত সন্তান তুলি লওঁতাৰ(adopter)নাম লিখিব নোৱাৰিব।
হয়! নিজকে অভিভাৱক বুলি পৰিচয় দিয়াত বাধা নাই।(অভিভাৱক আচল পিতৃৰ বাহিৰে আনকো কোৱা হয়।)আল্লাহ পাকে কৈছে:
ادْعُوهُمْ لِآبَائِهِمْ هُوَ أَقْسَطُ عِنْدَ اللَّهِ ۚ فَإِنْ لَمْ تَعْلَمُوا آبَاءَهُمْ فَإِخْوَانُكُمْ فِي الدِّينِ وَمَوَالِيكُمْ ۚ وَلَيْسَ عَلَيْكُمْ جُنَاحٌ فِيمَا أَخْطَأْتُمْ بِهِ وَلَٰكِنْ مَا تَعَمَّدَتْ قُلُوبُكُمْ ۚ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا.(الأحزاب-۵)
তোমালোকে সিহঁতক(তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল,পৰম দয়ালু। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইচ্ছালামে কৈছে:-
عَنْ سَعْدِ بن أَبي وقَّاصٍ أنَّ النبيَّ ﷺ قالَ: مَن ادَّعَى إِلَى غَيْرِ أبِيهِ وَهُوَ يَعْلَمُ أنَّهُ غَيْرُ أبِيهِ فَالجَنَّةُ عَلَيهِ حَرامٌ. متفقٌ عليهِ.
যিজনে নিজ পিতৃৰ পৰিচয় জনা সত্বেও আনক পিতৃ বুলি পৰিচয় দিয়ে তেন্তে তাৰ ওপৰত জান্নাত হাৰাম।
উপৰোক্ত বিশ্লেষণ তথা আয়াতৰ আলোকত বুজা গ’ল যে সন্তান বৈধ হওঁক নতুবা অবৈধ,তুলি ল’ব অৰ্থাৎ adopt কৰিব পাৰি এয়া চোৱাবৰ কাম কিন্তু কেতিয়াও নিজৰ সন্তান হৈ নপৰে। আৰু যদিহে ছোৱালী(adopted daughter)হয় তেন্তে বালিগ অৰ্থাৎ প্ৰাপ্তবয়স্ক,বিবেক সম্পন্ন হোৱাৰ পাছতেই পৰ্দা বাধ্যতামূলক,তোলনীয়া পিতাৰ সন্মুখতেই নহওঁক কিয়।
উল্লেখিত কথাবোৰত গুৰুত্ব দিয়া খুবেই জৰুৰী। বেছিকৈ জানিবলৈ যোগাযোগ কৰক। আল্লাহ তাআলাৰ ওচৰত দোআ কৰিছোঁ,যাতে তেওঁ আমাক আটাইকে সঠিক পথত পৰিচালিত কৰি জান্নাতৰ অফুৰন্ত শান্তি লাভ কৰিবলৈ তৌফিক দিয়ে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم✍️
ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
সন্তান তুলি ল’ব পাৰিনে ?
সুত আৰু ইয়াৰ ভয়াবহতা – ইছলামৰ পোহৰ
আমাৰ ইউটিউব চেনেল click here
Recent Comments