সুত আৰু ইয়াৰ ভয়াবহতা!
The curse of interest
সুত কাক বোলেঃ সুতৰ অৰ্ধ হৈছে বৃদ্ধি বা অতিৰিক্ত। চৰীয়তৰ দৃষ্টিত সামগ্ৰী বা ধনৰ বিনিময়ত দিয়া অতিৰিক্ত সামগ্ৰী বা ধনক সুত বোলা হয়। ইয়াৰ অবৈধতা কোৰআনৰ প্ৰায় সাতটা আয়াত,চল্লিশটাতকৈয়ো অধিক হাদিছ আৰু ইজমা(সৰ্বসন্মতিক্ৰমে)ৰ দ্বাৰা প্ৰমাণিত।
অন্য শব্দত ক’ব গ’লেঃ লাভ কঢ়িয়াই অনা প্ৰতিটো ঋণেই সুত। লাভৰ চৰ্তত দিয়া ঋণ সম্পৰ্কে হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে- کُلُّ قَرضٍ جر منفعة فَھُو ربا লাভ কঢ়িয়াই অনা প্ৰতিটো ঋণেই সুত।(نصب الرایة،ج٤،ص٦٠،مطبوعة مؤسسة الریان،بیروت)
সুত লোৱা বা দিয়া অথবা ইয়াত সহায় কৰা সকলো হাৰাম আৰু চূড়ান্ত ভাৱে হাৰাম। ইয়াৰ পৰিণাম একমাত্ৰ জাহান্নাম। এনেলোকৰ কোনো নামাজ,ৰোজা,হজ্জ,জাকাত একো ইবাদতেই কবুল নহয়। এনেলোকক সমাজৰ পৰা এঘৰীয়া কৰা উচিত। সুত চূড়ান্ত ভাৱে হাৰামঃ সুদ লোৱা আৰু দিয়া ইছলামত চূড়ান্ত ভাৱে হাৰাম ও গুণাহৰ কাম,ইয়াৰ পৰিণাম একমাত্ৰ জাহান্নাম। এতেকে কোৰআন শ্বৰীফত আহিছে: ۗ وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ আল্লাহে ব্যৱসায়-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে।(ছুৰা আল বাকাৰাহ,আয়াত:২৭৫) ইয়াক বৈধ বুলি ভবাজন কাফিৰ হ’ব আৰু ইয়াৰ নিষিদ্ধতাত সন্দেহ কৰাজনো কাফিৰ হৈ যাব কাৰণ ফোহাকা(islamic jurists)সকলে কৈছে; যিয়ে সৰ্বসন্মতিক্ৰমে প্ৰমাণিত হাৰামৰ অমান্য কৰিলে বা সন্দেহ কৰিলে তেন্তে তেওঁ ইছলামৰ পৰা বাহিৰ হৈ যাব। যেনে-মদ্যপান,জিনা,সুত,সমকামিতা ইত্যাদি।(قوم لوط کی تباہکاریاں,۹)
সুত গ্ৰহীতা,সুত দাতা আৰু সাক্ষী,সকলো গুণাহত সমানঃ হাদিছ শ্বৰীফত আহিছে:
لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ–
আল্লাহৰ নবীয়ে ﷺ সুত খোৱাজনৰ,সুত দিওঁতাৰ,লিখোঁতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিছে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(ছহীহ মুছলিম;১৫৯৮)
আলা হজৰত ঈমাম আহমদ ৰাজা খান ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ কিতাপত ঋণ দি লাভ লোৱা সম্পৰ্কে কৈছে: নিশ্চিতভাৱে এয়া সুত আৰু সম্পূৰ্ণৰূপে হাৰাম,কবিৰা গুণাহ ও ঘোৰ অপবিত্ৰ।(ফতোৱা ৰেজৱিয়্যাহ-১৭/২৬৯,ৰাজা ফাউণ্ডেশ্যন,লাহোৰ) এনেধৰণৰ ঋণ দিওঁতা আৰু লওঁতা সম্পৰ্কে তেওঁ কয়: যদি ঋণ দিওঁতে(সুতৰ)চৰ্তত দিয়া হয় তেন্তে নিসন্দেহে এয়া সুত আৰু নিশ্চিতভাৱে হাৰাম ও গুণাহে কবিৰা। এনে ঋণ দিওঁতা অভিশপ্ত আৰু লওঁতাও তাৰেই দৰে।(ফতোৱা ৰেজৱিয়্যাহ-১৭/২৭৮,ৰাজা ফাউণ্ডেশ্যন,লাহোৰ)
সুতখোৱাজন অৱশ্যেই অভিশপ্তঃ হাদিছ শ্বৰীফত আহিছে:
لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ-
আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুত খোৱাজনৰ,দিওঁতাৰ,লিখোতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিয়ে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(মিচকাত:পৃষ্ঠা:২৩৩) ইয়াৰোপৰি হজৰত জাবীৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: সুদ গ্রহীতা,সুদ দাতা,লিখোঁতা আৰু তাৰ সাক্ষীৰ প্ৰতি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে অভিশাপ দিছে আৰু কৈছে: এইসকলো(গুণাহত)একেই।(ছহীহ মুছলিম;১৫৯৮)
ভাবক! যাক নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে নিজেই অভিশাপ দিছে সেইজনে কেনেকৈ উন্নতি কৰিব পাৰিব! কেনেকৈ সেইজনৰ সম্পত্তি বৃদ্ধি হ’ব! সুতৰ পৰা আঁতৰি থকাৰ আদেশ স্বয়ং সৃষ্টিকাৰ্তাৰ পক্ষৰ পৰা আহিছে ইয়াৰোপৰি ছহীহ হাদিছৰ দ্বাৰা ইয়াৰ অবৈধতা প্ৰমাণিত আনকি নবীয়ে ﷺ কৈছে: সুত পৰিহাৰ কৰা। আৰু য’ত সুতৰ সন্দেহ থাকে সেয়াও বৰ্জন কৰা।(ছুনান ইবনে মাজা:২/৭৩:২২৭৬) সুতখোৰৰ ঠিকনা একমাত্ৰ জাহান্নাম & ইহঁত আল্লাহৰ শত্ৰুঃ সুত লোৱা বা সুত খোৱাজনৰ ধ্বংস নিশ্চিত,যদিও পলমকৈ সেয়া আমি বাস্তৱত দেখা পাওঁ বেমাৰ,বিপদ-আপদৰ ৰূপত। যথা কোৰআনত আহিছে: يَمْحَقُ اللَّهُ الرِّبَا وَيُرْبِي الصَّدَقَاتِ ۗ وَاللَّهُ لَا يُحِبُّ كُلَّ كَفَّارٍ أَثِيمٍ আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু ছাদ্কাক বৃদ্ধি কৰে।(বাকাৰাহ-২৭৬)
সুতখোৰৰ পাৰিবাৰিক অশান্তিঃ নবীয়ে ﷺ কৈছে: যি গাঁৱত বা নগৰত যৌন ব্যভিচাৰ(Adultery)আৰু সুত(Interest)উদয় হ’ব সেই বাসিন্দাই নিজৰ কাৰণে আল্লাহৰ আজাব হালাল কৰি ল’লে।(মুস্তাদ্ৰাক: ২-৩৩৯-২৩০৯) আৰু আজাব একমাত্ৰ জাহান্নাহৰ কঠিন আজাবকেই বোলা নহয় অথচ ঘৰত অশান্তি হায়-কাজিয়া,পুত্ৰই অভিভাৱকৰ অবাধ্য হোৱা,শাসন কৰা,স্বামী-পত্নীৰ মাজত বিবাদ ও সংঘাত,টকা পইছাৰ আয় তথা বৰকত নোহোৱা,লানি নিছিগা বেমাৰ ইত্যাদিও একো একোটা আজাবৰেই অন্তৰ্ভুক্ত।
সুত খোৱাজনৰ পৰিণামঃ সুতখোৰৰ পৰিণাম অৱশেষত জাহান্নামেই হ’ব,কিয়নো সুত খোৱাজনক আল্লাহে সুতৰ পৰা আঁতৰি অহাৰ আদেশ দিছে আৰু যদি আঁতৰি নাহে তেন্তে আল্লাহ আৰু ৰাছূলৰ লগত যুদ্ধৰ ঘোষণা কৰা হৈছে এতেকে যদি কোনোৱে এই আদেশক আওঁকাণ কৰে তেন্তে সেইজনে পোনে পোনে নিজৰ কৰ্মৰ দ্বাৰা আল্লাহৰ লগত যুদ্ধৰ ঘোষণাত প্ৰত্যাহ্বান জনালে আৰু যিয়ে এনে কৰিব তাৰ ঠিকনা একমাত্ৰ জাহান্নাম হ’ব। কোৰআন আছে: فَإِنْ لَمْ تَفْعَلُوا فَأْذَنُوا بِحَرْبٍ مِنَ اللَّهِ وَرَسُولِهِ ۖ
কিন্তু যদি তোমালোকে(বাধা দিয়াৰ পাছতো)এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা(বাকাৰাহ-২৭৯) ভাবক! সুতখোৰে আল্লাহৰ লগত শত্ৰুতা কেনেকৈ কৰিছে।
সুতৰ দ্বাৰা সম্পত্তি দেখাত বৃদ্ধি হয়ঃ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:(দেখাত সুতৰ দ্বাৰা)যদিওঁ সম্পত্তি বৃদ্ধি হয় কিন্তু পৰিণতি এয়া যে সম্পত্তি কম হ’ব।(মুছনাদে ইমাম আহমদ বিন হাম্বল:২/৫০:৩৭৫৪)
বৰকত(আশীৰ্বাদ)আৰু প্ৰচুৰতাৰ মাজত পাৰ্থক্যঃ প্ৰচুৰতা মানে অতিৰিক্ত আৰু আশীৰ্বাদ মানে স্থিৰতা,জমা হোৱা বা ওলাই নোযোৱা। অৰ্থাৎ অলপ বস্তুত যদি বৰকত হয় তেন্তে ই বহুত উপকাৰী। এতেকে অলপ বৰকতময় বৰষুণ কৃপা কিন্তু প্ৰচুৰ বৰষুণ কেতিয়াবা শাস্তি হৈ পৰে। এবছৰত এটা কুকুৰে কিমান পোৱালি জাগে আৰু এটা ছাগলী বা এটা গৰু কিমান জাগে সকলোৱেই জানে। ভাবি চালে গম পোৱা যায় যে এবছৰত কুকুৰ এটাই কেইবাটাও পোৱালি জাগে কিন্তু গৰু বা ছাগলীয়ে মাত্ৰ এটা বা দুটা পোৱালি জাগে। আৰু তাৰ পিছতো জাক(herd)সিহঁতৰ দ্বাৰা গঢ় লৈ উঠে আৰু কুকুৰৰ কেতিয়াও জাক গঠন নহয়। ইয়াৰোপৰি প্ৰতিদিনে হাজাৰ হাজাৰ গৰু ছাগলী জবেহ কৰা হয়,হজ্জৰ কালত মিনাৰ ময়দানত লাখ লাখ এই জন্তু আল্লাহৰ নামত জবেহ কৰা হয়। কোৰবানী ঈদত আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কৌটিৰ হাৰত মুছলমানে জন্তু জবেহ কৰে তথাপিও ইয়াৰ আকাল নহয় কিন্তু আল্লাহৰ ৰাস্তাত কুকুৰ কেতিয়াও জবেহ কৰা নহয় কাৰণ ই হাৰাম আৰু ইয়াৰ সংখ্যাও নিচেই কম। এতেকে আল্লাহে হাৰাম কৰা বা তেওঁ নিষিদ্ধ কৰা বস্তুটো সংখ্যাত বেছি হ’ব পাৰে কিন্তু বৰকত তথা আশীৰ্বাদৰ পৰা একেবাৰেই বহিষ্কৃত থাকে। আৰু আল্লাহে হালাল কৰাটো সংখ্যাত কম হ’লেও তাত বৰকত থাকে আৰু সেয়া দীৰ্ঘস্থায়ী হয়।
কিয়ামতৰ দিনা সুতখোৰৰ অৱস্থাঃ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুতখোৰক কিয়ামতৰ দিনা বলিয়া,ইন্দ্ৰিয়ৰ অক্ষমতা অৱস্থাত উঠোৱা হ’ব।(মোঅজামুল কাবীৰ-আওফ বিন মালিক,১০/৬০:১১০) অৰ্থাৎ সুতখোৰ সকল কিয়ামতৰ দিনা কবৰৰ পৰা উঠি হাচৰৰ ময়দানৰ পিনে এনেকুৱা ভাৱে চোঁচৰি বাগৰি যাব,এনেকুৱা লাগিব যেন সিহঁতৰ ওপৰত চয়তান উঠি সিহঁতক বলিয়া কৰিলে। সেইদিনা সকলো কবৰৰ পৰা উঠি হাচৰৰ ময়দানলৈ ৰাওনা হ’ব আনকি কাফিৰো ঠিক ভাৱে খোজ কাঢ়িব কিন্তু সুতখোৰ বিলাক সিদিনা সচ্ছলভাৱে খোজ পাতিব নোৱাৰিব আৰু এয়াই সিহঁতৰ চিন হ’ব।
সুতখোৰৰ ফৰজ নফল কোনো ইবাদতেই কবুল নহয়ঃ কিয়ামতৰ দিনা সুতখোৰক আল্লাহে ধ্বংস কৰিব। সিদিনা সুতখোৰৰ সমস্ত আমোল,ইবাদত,হজ্জ,জাকাত,ৰোজা,নামাজ ইত্যাদি নষ্ট নহ’ব,কোনো গৃহীত নহ’ব কিয়নো ইয়াৰ দ্বাৰাই এইসমূহ ইবাদত কৰিছিল। কাৰণ নষ্ট বীজৰ শস্যও নষ্টয়ে হয়। তাৰ মাল-সম্পত্তি কোনো কামত নাহে; মৃত্যুৰ আগেয়ে হওঁক বা পিছত। এতেকে হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত: সুতখোৰৰ ছদ্কা,জিহাদ,হজ্জ আৰু সদাচৰণ একোৱেই কবুল নহ’ব। (তফছিৰে কুৰতুবী:বাকাৰাহ-২৭৬)
সুতখোৱা নিজ মাতৃৰ লগত ব্যভিচাৰীত লিপ্ত হোৱা স্বৰূপঃ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুদ(ৰ গুণাহৰ)সত্তৰটা ভাগ আছে। তাৰে মাজৰ সবাতোকৈ কম পৰ্যায়ৰ গুণাহ হৈছে কোনোৱে নিজৰ মাতৃৰ লগত জিনা(Sex)কৰা।(অৰ্থাৎ সুদৰ নিম্নতম গুণাহ নিজ মাতৃৰ লগত ব্যভিচাৰী কৰাৰ সমান।)(ছুনান ইবনে মাজা:৩/৭২:২২৭৪) আকৌ কৈছে: জানি বুজি সুতৰ এক দিৰহাম(এক টকা)খোৱা ৩৬ বাৰ জিনা(ব্যভিচাৰ)তকৈয়ো নিকৃষ্ট। (মুছনাদে ইমাম আহমদ বিন হাম্বল:৮/২২৩:২২০১৬)
সুতখোৰৰ পেট ঘৰৰ সমান আৰু তাৰ ভিতৰত সাপ বিচ্ছুঃ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মই মেৰাজৰ ৰাতি এটা দলৰ কাষেৰে পাৰ হ’লো,যাৰ পেট ঘৰৰ দৰে(ডাঙৰ ডাঙৰ)। সেই পেটবোৰত সাপ আছে যিবোৰ বাহিৰৰ পৰা দেখা পোৱা যায়। মই সুধিলো হে জিব্ৰিল! এইসকল কোন লোক ? তেওঁ ক’লে: ইহঁত সুদখোৰ। (ছুনানে ইবনে মাজা,:৩/৭২:২২৭৩)
আল্লাহ! আল্লাহ! আজি আমাৰ পেটত ক্ষুদ্ৰতম পাথৰ এটা হ’লে জীৱিত থকা কঠিন হৈ পৰে তেনে ক্ষেত্ৰত কিয়ামতৰ দিনা সুতখোৰৰ অৱস্থা কি হ’ব! জাহান্নামৰ আজাব সহ্য কৰাৰ ক্ষমতা আমাৰ নাই।
আচল সম্পত্তিঃ সম্পত্তিৰ লোভে মানুহক হাৰাম হালালৰ মাজৰ পাৰ্থক্যক পাহৰাই দিয়ে। আৰু লাগে আৰু লাগে বোলাটো তাৰ মন্ত্ৰ হৈ পৰে। যথা হাদিছত আহিছে: মানহে কয়: মোৰ সম্পত্তি,মোৰ সম্পত্তি অথচ তাৰ সম্পত্তি সেয়াই যিখিনি নিজে খাই শেষ কৰিলে বা পিন্ধি পুৰণা কৰিলে অথবা ছদ্কা কৰি আগলৈ সঞ্চয় কৰিলে।(বাকীতো তাৰ হাতৰ পৰা ওলাই আনৰ হাতলৈ যাব)(ছহীহ মুছলিম:৭৬০৯)
তলত সুত সম্পৰ্কীয় কিছু অৱশ্যকীয় প্ৰশ্নোত্তৰ উল্লেখ কৰা হৈছেঃ
প্ৰশ্ন:-বেংকৰ পৰা লোন ল’ব পাৰিনে,তাৰ পৰা পোৱা অতিৰিক্ত টকাটো ল’ব পাৰিনে ?
উত্তৰঃ-সুত লোৱা আৰু দিয়া ইছলামত চূড়ান্ত ভাৱে হাৰাম ও গুণাহৰ কাম। এতেকে কোৰআন শ্বৰীফত আহিছে: ۗ وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ আল্লাহে ব্যৱসায়-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। (ছুৰা আল বাকাৰাহ,আয়াত:২৭৫) হাদিছ শ্বৰীফত আহিছে:
لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ-
আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুত খোৱাজনৰ,দিওঁতাৰ,লিখোতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিয়ে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(ছহীহ মুছলিম;১৫৯৮) চৰকাৰী বেংকক অতিৰিক্ত টকা দিয়াৰ চৰ্তত টকা লোৱা(লোন লোৱা)এই চৰ্তত বৈধ হ’ব যে বেংকক সুত ৰূপে যিটো টকা দিয়া যাব তাতকৈ অধিক লাভ হ’ব বা তাৰ সমান মুনাফা হোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে তেন্তে সুত দি বেংকৰ পৰা টকা লোৱা বৈধ হ’ব অন্যথা নহ’ব। এনেদৰেই ফতোৱা শ্বামী তথা ফতোৱা মৰকজে তৰবীয়তে ইফতাত আছে;
الظاھر ان الاباحة یفیدنیل المسلم الزیادة وقد الزم الاصحاب فی الدرس ان مرادھم من حل الربا و القمار ما اذا حصلت الزیادة للمسلم(ردالمحتار، جلد-٤، ص-١٨٨/فتاوی مرکز تربیت افتاء، جلد-٢،ص٢٦١)
আৰু সুতৰ চৰ্তত লোন লোৱাৰ অনুমতি তেতিয়াহে হ’ব যেতিয়া সঁচাকৈ শ্বৰীয়ত সন্মত প্ৰয়োজন হ’ব,নহ’লে অনুমতি নাই যদিও মুছলমানৰ মুনাফা হয়। এনেদৰেই শ্বৰীয়ত সন্মত সঁচা প্ৰয়োজন থাকিলে আৰু সুদ ব্যতীত কোনো টকা নাপালে সুদ দি হ’লেও ধাৰত টকা লোৱাৰ অনুমতি আছে। এনেদৰেই আল আশ্ববাহ ৱান্নাযাঈৰত আছে;فى القنية و البغية يجوز للمحتاج الاستقراض بالربح”(الاشباه والنظائر،ص-٩٢)
আনহাতে ফতোৱা ৰেজৱীয়্যাহত আছে যদি সঁচাকৈ জাইজ তথা চৰীয়ত সন্মত প্ৰয়োজন থাকে তেন্তে الضرورة تبيح المحظورات (অৰ্থাৎ শ্বৰিঅত সন্মত আৱশ্যকীয়তাই নিষিদ্ধ বস্তুক বৈধ কৰি দিয়ে)ৰ আধাৰত সুত দি ধাৰত(বেংকৰ পৰা হওঁক বা অইন ক’ৰবাৰ পৰা)টকা লোৱাৰ অনুমতি হ’ব কিন্তু শ্বৰীঅত সন্মত প্ৰয়োজন নহ’লে হাৰাম যেনে সম্পত্তি বৃদ্ধি কৰিবলৈ,সন্তানৰ বিবাহ কৰাবলৈ বা ঘৰ আছেই অযথা অতিৰিক্ত বনাবলৈ আদি।(ফতোৱা ৰেজৱিয়্যাহ-২/২৯৯)
আনহাতে হিন্দুস্থানত life insurance(L.I.C) অৰ্থাৎ জীৱন বীমা কৰিব পাৰি কিন্তু সকলোৱে নোৱাৰিব,যিসকলে সীমিত সময়ত নিৰ্ধাৰিত টকা দিব পাৰিব আৰু আৰ্থিক তথা ঘৰুৱা কোনো অভাৱ অনাটন ও সমস্যাৰ সন্মুখীন নহ’ব সিহঁতে কৰিব পাৰিব। ইয়াৰ বিপৰীতে কৰাৰ অনুমতি নাই। (ছহীফায়ে হিক্হে ইছলামী-৩২) জীৱন বীমাৰ পৰা Bonus ৰূপে পোৱা অধিক ধানখিনি লোৱা,খোৱা তথা ইছলামী সংস্থা,মছজিদ,মাদ্ৰাছাত ব্যয় কৰিব পাৰিব। এই ধন মূলতঃ সুদ নহয় বৰং হালাল ও বৈধ ধন,যিটো মালিকৰ সন্তুষ্টিৰ আধাৰত পোৱা যায়।অধিক তথ্যৰ বাবে “جدید بینک کاری اور اسلام” পঢ়ক। (فتاوی مرکز تربیت افتاء،ج۲،ص۲۷۲)
নোট: এই বিষয়ে অধিক দলিলৰ প্ৰয়োজন হ’লে তলৰ নাম্বাৰত যোগাযোগ কৰিব পাৰে। •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্নঃ-সুত খোৱা হাৰাম বুলি জনাৰ পিছতো যদি কোনোৱে সম্পত্তি বৃদ্ধিৰ বাবে সুত খায় আৰু কেইবছৰমান পিছত তৌবা কৰিম বুলি ভাবে তেন্তে এনে ব্যক্তি গুণাহগাৰ হ’বনে?
উত্তৰঃ– এনে ব্যক্তি অত্যন্ত নিকৃষ্ট। কঠোৰভাৱে গুণাহগাৰ আৰু জাহান্নামৰ কঠোৰতম শাস্তিৰ যোগ্য। সুত হাৰাম,ইয়াৰ নিষেধাজ্ঞা স্বয়ং সৃষ্টিকাৰ্তাৰ পক্ষৰ পৰা জাৰি কৰা হৈছে। কোৰআনত আহিছে: আল্লাহে ব্যৱসায় বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে।(আল বাকাৰাহ-২৭৫) মানুহে ভাবে সুতৰ দ্বাৰা টকা পইচা বৃদ্ধি হয়,কিন্তু নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:(দেখাত সুতৰ দ্বাৰা)যদিওঁ সম্পত্তি বৃদ্ধি হয় কিন্তু পৰিণতি এয়া যে সম্পত্তি কম হ’ব। (মুছনাদে ইমাম আহমদ বিন হাম্বল:২/৫০:৩৭৫৪) ইয়াৰোপৰি সুত আৰু সুত খোৱাজনৰ ধ্বংস নিশ্চিত,যদিও পলমকৈ সেয়া আমি বাস্তৱত দেখা পাওঁ বেমাৰ,বিপদ-আপদৰ ৰূপত। যথা কোৰআনত আহিছে:
يَمْحَقُ اللَّهُ الرِّبَا وَيُرْبِي الصَّدَقَاتِ ۗ وَاللَّهُ لَا يُحِبُّ كُلَّ كَفَّارٍ أَثِيمٍ
আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু ছাদ্কাক বৃদ্ধি কৰে।(বাকাৰাহ-২৭৬) সুত খোৱাজনৰ পৰিণাম অৱশেষত জাহান্নামেই হ’ব কিয়নো সুত খোৱাজনক আল্লাহে সুতৰ পৰা আঁতৰি অহাৰ আদেশ দিছে আৰু যদি আঁতৰি নাহে তেন্তে আল্লাহ আৰু ৰাছূলৰ লগত যুদ্ধৰ ঘোষণা কৰা হৈছে এতেকে যদি কোনোৱে এই আদেশক আওঁকাণ কৰে তেন্তে সেইজনে পোনে পোনে নিজৰ কৰ্মৰ দ্বাৰা আল্লাহৰ লগত যুদ্ধৰ ঘোষণাত প্ৰত্যাহ্বান জনালে আৰু যিয়ে এনে কৰিব তাৰ ঠিকনা একমাত্ৰ জাহান্নাম হ’ব।কোৰআন আছে: فَإِنْ لَمْ تَفْعَلُوا فَأْذَنُوا بِحَرْبٍ مِنَ اللَّهِ وَرَسُولِهِ ۖ কিন্তু যদি তোমালোকে(বাধা দিয়াৰ পাছতো)এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা(বাকাৰাহ-২৭৯)। হাৰাম কামৰ পৰা তৌবা কৰা ফৰজ। প্ৰশ্নত উল্লেখ কৰা অনুসৰি তেওঁ গুণাহত অটল থকাৰ কথাও কৈছে যে মই অলপ সম্পত্তি বঢ়াই লওঁ তাৰ পিছত তৌবা কৰিম,ইয়াৰ অৰ্থ এয়া যে মই ইমান দিনলৈ সুত খাম,যাৰ নিম্নতম গুণাহ মাতৃৰ লগত ব্যভিচাৰীত লিপ্ত হোৱাৰ সমান,তাৰ পিছত তৌবা কৰিম। এয়া সম্পূৰ্ণ হাৰাম এনে লোকক সমাজৰ পৰা এঘৰীয়া কৰা উচিত যাতে সুতৰ দৰে হাৰাম কামৰ পৰা আঁতৰি আহে। •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্নঃ-সুত খোৱা বা দিয়া ব্যক্তিৰ পিছত নামাজ হ’বনে?
উত্তৰঃ-সুত খোৱা বা দিয়া ব্যক্তিৰ পিছত নামাজ পঢ়া জায়েজ নাই। এনে ব্যক্তিৰ পিছত পঢ়া নামাজ মকৰূহে তহৰিমী অৰ্থাৎ পুনৰাই পঢ়িব লাগিব। সুত লোৱা বা দিয়া অথবা সহায় কৰা সকলো হাৰাম আৰু এওঁলোক অভিশপ্ত। সুদ খোৱাজন ফাছিকে মুঅ’লিন বা প্ৰকাশ্য গুণাহগাৰ বুলি বিবেচিত হ’ব। আৰু ফাছিকে মোঅ’লিনক ইমাম বনোৱা নিষেধ ও গুণাহ। তাৰ পিছত পঢ়া নামাজ পুনৰাই পঢ়া ওৱাজিব। যথা ফিকহে হানাফিৰ বিশ্ব বিখ্যাত গ্ৰন্থ হিদায়া শ্বৰীফত আছে:
ويكره تقديم…… الفاسق لانه لا يهتم الأمر دينه…আৰু ফাছিকৰ ইমামতি মকৰূহ(নাজায়েজ)। কাৰণ তেওঁ শ্বৰীয়তৰ আদেশ লঙ্ঘন কৰে।(হিদায়া:কিতাবুস্বালাহ,বাবুল ইমামাহ-১/৩৬৪) ইয়াৰোপৰি ফতোৱা শ্বামীত আছে:
و اما الفاسق فقد عللوا كراهة تقديمه بانه لا يهتم الأمر دينه،وبأن فى تقديمه للامامة تعظيمه،وقد وجب عليهم اهانتة شرعا[أن كراهة تقديم الفاسق كراهة تحريم]
ফোকাহায়ে(islamic jurists)কেৰামে ফাছিকৰ ঈমামতি মকৰূহ হোৱাৰ কাৰণ লিখিছে যে: সিহঁতে নিজৰ দ্বীন(শ্বৰীয়ত)ৰ সন্মান ও অনুসৰণ নকৰে। (অতিৰিক্ত লিখিছে যে:)এনে ব্যক্তিক ইমামতিত আগুৱাই দিলে তাক সন্মান দিয়া হ’ব,যিহেতু এনেকুৱা মানুহ শ্বৰীয়তৰ চকুত সন্মানৰ যোগ্য নহয় বৰং অপছন্দৰ আদেশ দিয়া হৈছে। (ফতোৱা শ্বামী-১/৫৬০,দাৰুল ফিক্ৰ বেইৰুট)
ফতোৱা ফাইজুৰ ৰাছুলত আছে; (সংক্ষেপে) হাদিছ শ্বৰীফত আহিছে: সুদ(ৰ গুণাহৰ)সত্তৰটা ভাগ আছে। তাৰে মাজৰ সবাতোকৈ কম পৰ্যায়ৰ গুণাহ হৈছে কোনোৱে নিজৰ মাতৃৰ লগত জিনা(Sex)কৰা।(অৰ্থাৎ সুদৰ নিম্নতম গুণাহ নিজ মাতৃৰ লগত ব্যভিচাৰী কৰাৰ সমান এতেকে সুত দিয়া আৰু লোৱাজনৰ পিছত নামাজ পঢ়া জায়জ নাই,এনে ব্যক্তিক ঈমাম বনোৱা গুণাহ। (ফতোৱা ফইজুৰ ৰাছূল-১/৩১৩)
ফতোৱা ফকিহে মিল্লতত আছে: যদি ঈমামতিৰ যোগ্য ব্যক্তি নাথাকে তেন্তে ফাছিক তথা গুণাহগাৰ ব্যক্তিক ঈমাম বনোৱা নহ’ব বৰং মোক্তাদি সকলে অকলশৰীয়াকৈ নামাজ আদায় কৰিব। (ফতোৱা ফকিহে ফিল্লত-১/১২৮) •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্নঃ- মাহেকীয়া গোট এটাত মাহিলী কিছু পইছা থওঁ যাতে পইছা খিনি জমা থাকে আৰু বছৰৰ শেষত ল’ব পাৰি কিন্তু সদস্যসকলকে ইয়াৰ পৰিৱৰ্তে কিছু থকা বঢ়াই দিয়ে আৰু অন্য লোকক সেই জমা ধনৰ পৰা আনক সুতত দিয়ে,এতিয়া কথা হ’ল যে এনে গোটত টকা জমা থ’ব পাৰিমনে যদি মই সিহঁতৰ পৰা সুত নলওঁ বা নাখাওঁ?
উত্তৰঃ– নোৱাৰে,কাৰণ যদিও আপুনি জমা থোৱা টকাৰ পৰা সুতত লাভ হোৱা টকাত অংশীদাৰ নাথাকে কিন্তু সেই গুণাহত নিশ্চয় লিপ্ত থাকিব আৰু আওপকীয়াকৈ হ’লেও সুতৰ ব্যৱসায়ত সহায় কৰা হ’ব আৰু এয়া গুণাহ। কোৰআনত আহিছে:وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা। (আল মাঈদাহ-২) • আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্ন:- এজন মানুহে বেছি লাভ দি সুত লৈছে…তাক যদি কম লাভত বেলেগ ঠাইত পোৱা যায় বুলি পৰামৰ্শ দিয়া হয় তেন্তে পাপ হ’ব নেকি?
উত্তৰঃ– হয় গুণাহ হ’ব। সুত লোৱা দিয়া হাৰাম ও গুণাহৰ কাম – ইয়াৰ পৰামৰ্শ দিয়া নাজায়েজ যথা কোৰআন শ্বৰীফত আহিছে: ۖ وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা। (ছুৰা আল মাঈদাহ:২) সুদ লোৱা আৰু দিয়া ইছলামত চূড়ান্ত ভাৱে হাৰাম ও গুণাহৰ কাম। এতেকে কোৰআন শ্বৰীফত আহিছে: ۗ وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ আল্লাহে ব্যৱসায়-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। (ছুৰা আল বাকাৰাহ,আয়াত:২৭৫) হাদিছ শ্বৰীফত আহিছে: لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ- আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুত খোৱাজনৰ,দিওঁতাৰ,লিখোতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিয়ে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(ছহীহ মুছলিম;১৫৯৮) •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্নঃ-সঞ্চয়ত টকা জমা কৰাটো হালাল নে হাৰাম? গাঁৱৰ(প্ৰায় ৮০-৯০ জন)মানুহে লগ লাগি প্ৰায় এবছৰ দুবছৰ ধৰি মাহত এহেজাৰ টকাকৈ জমা কৰে য’ৰ পৰা প্ৰয়োজনত সদস্য সকলে বা অন্য লোকে সুতৰ বিনিময়ত ঋণ লয়,এনে কৰাটো চৰীয়ত সন্মতনে ?
উত্তৰঃ– প্ৰশ্নত উল্লেখ কৰা পদ্ধতিটো সম্পূৰ্ণ ৰূপে সুতৰ হয় যে ঋণ দি লাভ লোৱাৰ নামেই হৈছে সুত। এয়া দিয়া,লোৱা আৰু ইয়াত সহযোগ কৰা সকলো হাৰাম নিষিদ্ধ তথা গুণাহৰ কাম। আল্লাহ পাকে কোৰআনত সুত সম্পৰ্কে কৈছে وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ আৰু আল্লাহে ব্যৱসায় বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। (ছুৰা বাকাৰাহ-২৭৫) লাভৰ চৰ্তত দিয়া ঋণ সম্পৰ্কে হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে-کُلُّ قَرضٍ جر منفعة فَھُو ربا লাভ কঢ়িয়াই অনা প্ৰতিটো ঋণেই সুত।(نصب الرایة،ج٤،ص٦٠،مطبوعة مؤسسة الریان،بیروت) হাদিছ শ্বৰীফত আহিছে:
لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ– আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুত খোৱাজনৰ,দিওঁতাৰ,লিখোতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিয়ে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(ছহীহ মুছলিম;১৫৯৮)আলা হজৰত ঈমাম আহমদ ৰাজা খান ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ কিতাপত ঋণ দি লাভ লোৱা সম্পৰ্কে কৈছে: নিশ্চিতভাৱে এয়া সুত আৰু সম্পূৰ্ণৰূপে হাৰাম,কবিৰা গুণাহ ও ঘোৰ অপবিত্ৰ। (ফতোৱা ৰেজৱিয়্যাহ-১৭/২৬৯,ৰাজা ফাউণ্ডেশ্যন,লাহোৰ) এনেধৰণৰ ঋণ দিওঁতা আৰু লওঁতাৰ বিষয়ে তেওঁ কয়: যদি ঋণ দিওঁতে(সুতৰ)চৰ্তত দিয়া হয় তেন্তে নিসন্দেহে এয়া সুত আৰু নিশ্চিতভাৱে হাৰাম ও গুণাহে কবিৰা। এনে ঋণ দিওঁতা অভিশপ্ত আৰু লওঁতাও তাৰেই দৰে। (ফতোৱা ৰেজৱিয়্যাহ-১৭/২৭৮,ৰাজা ফাউণ্ডেশ্যন,লাহোৰ) •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
প্ৰশ্নঃ- হিন্দু বেংকৰ পৰা লোন লৈ মৃত্যু হ’লে টকাটো ফিৰাই দিব লাগিব নেকি,ঋণীজনৰ মৃত্যু হ’লে ঋণ কেনেকৈ পৰিশোধ কৰা হ’ব ?
উত্তৰঃ– কাফিৰৰ লগতো প্ৰতাৰণা কৰাৰ বা ধোকা দিয়াৰ অনুমতি নাই,সেয়েহে মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰে ঋণ পৰিশোধ কৰিব লাগিব। যদি ঋণীজনৰ মৃত্যু হয় আৰু সম্পত্তি এৰি থৈ যায় তেন্তে তেওঁৰ সম্পত্তিৰ পৰা তেওঁৰ ঋণ পৰিশোধ কৰা হ’ব। কাৰোবাৰ মৃত্যু হ’লে তেওঁৰ সম্পত্তিৰ পৰা প্ৰথম তিনিটা কাম পূৰ্ণ কৰা হ’ব। ১)কফন দফন। সাধাৰণতে বন্ধু-বান্ধৱ আৰু আত্মীয়ই ইয়াৰ ব্যৱস্থা কৰে আৰু কোনেও দাবী নকৰে এয়াও শুদ্ধ। কিন্তু যদি পত্নীৰ মৃত্যু হয় আৰু স্বামী জীয়াই থাকে তেন্তে তেওঁৰ কফন দফনৰ খৰছ তেওঁৰ ধনৰ পৰা কৰা নহ’ব বৰঞ্চ স্বামীয়ে কৰিব লাগিব। ২)মৃতকৰ সম্পত্তিৰ পৰা তেওঁৰ ঋণ পৰিশোধ কৰা হ’ব। ৩)যদি কোনো বৈধ অচিয়ত কৰি যায় তেন্তে কফন দফনৰ খৰছ কৰ্তন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত তেওঁৰ পৰিত্যক্ত সম্পত্তিৰ এক তৃতীয়াংশৰে অচিয়ত(ইচ্ছা)পূৰণ কৰা হ’ব।ইয়াৰ পিছত বাকী থকা সম্পত্তিখিনি উত্তৰাধিকাৰীসকলৰ মাজত তেওঁলোকৰ ভাগ অনুযায়ী বিতৰণ কৰা হ’ব। ঋণ পৰিশোধ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেইটো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে উত্তৰাধিকাৰীসকলে ঋণ পৰিশোধ কৰাৰ আগতে সম্পত্তি ভাগ বিতৰণ কৰিব নোৱাৰিব কাৰণ ঋণ পৰিশোধৰ দায়িত্ব মৃতকৰ আছিল। যদি মৃত ব্যক্তিয়ে একো এৰি নাযায় তেন্তে উত্তৰাধিকাৰীসকলে পৰিশোধ কৰা জৰুৰী নহয় কিন্তু তথাপিও তেওঁৰ হৈ ঋণ পৰিশোধ কৰা উচিত। হজৰত আবু ছাঈদ খুদ্ৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবীৰ ﷺ সন্মূখত এটি জানাজা উপস্থিত কৰোৱা হ’ল,তেওঁ ক’লে: এখেত ঋণী নেকি? চাহাবা ”হয় ” বুলি ক’লে। নবীয়ে ﷺ ক’লে: তেওঁ ঋণ পৰিশোধ কৰিবলৈ কিবা(সম্পত্তি)এটা এৰি থৈ গৈছেনে? নাই বুলি ক’লে। তেওঁ ক’লে: তোমালোকে এওঁৰ জানাজাৰ নামাজ পঢ়া। হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে নিবেদন কৰিলে: তেওঁৰ ঋণ পৰিশোধৰ দায়িত্ব মই ল’লো। নবীজিয়ে ﷺ তেওঁৰ জানাজা পঢ়াই দিলে। আন এটি বৰ্ণনাত আহিছে,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আল্লাহে তোমাক জাহান্নামৰ পৰা মুক্তিদান কৰক যিদৰে তুমি তোমাৰ মুছলমান ভাইক ঋণ মুক্ত কৰিছা। যিজন মুছলমানে নিজৰ ভাতৃৰ ঋণ পৰিশোধ কৰে,আল্লাহে কিয়ামতৰ দিনা তেওঁৰ ঋণ পৰিশোধ কৰিব। (মিচকাত-১/৫৩৯:২৯২) বেংকৰ টকাটো ঘুৰাই নিদিয়া এক প্ৰকাৰৰ ধোকা বা প্ৰতাৰণা। হাদিছ শ্বৰীফত আহিছে:
عَنْ أَبِي الْحَمْرَاءِ، قَالَ: رَأَيْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ مَرَّ بِجَنَبَاتِ رَجُلٍ عِنْدَهُ طَعَامٌ فِي وِعَاءٍ، فَأَدْخَلَ يَدَهُ فِيهِ، فَقَالَ: لَعَلَّكَ غَشَشْتَهُ مَنْ غَشَّنَا فَلَيْسَ مِنَّا
আবু আল-হামৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক দেখিছোঁ,পাত্ৰত ঘেঁহু থকা এজন মানুহৰ কাষেৰে পাৰ হৈ গৈছে,আৰু তেওঁ ঘেঁহুত হাত দিলে আৰু তাৰ পিছত ক’লে: হয়তো তুমি প্ৰতাৰণা কৰিছা। যিয়ে আমাৰ লগত প্ৰতাৰণা কৰে,তেওঁ আমাৰ মাজৰ এজন নহয়। (ইব্নে মাজা-২২২৫) সেয়ে মুছলিম হওঁক অথবা অমুছলিম,পাব লগীয়া থাকিলে আদায় কৰিব লাগিব। •আল্লাহ পাক ও তেওঁৰ ৰাছূল ﷺ সৰ্বোত্তম জ্ঞানী।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
মৌলানা ইঞ্জামুল হক মিছবাহী। দৰং,অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
নাপাক ব্যক্তিৰ কাপোৰো নাপাক নেকি ? পত্নীৰ লগত সহবাসৰ পিছত বিছনা চাদৰ ধোৱাটো জৰুৰী নেকি ? – ইছলামৰ পোহৰ click here
Recent Comments