মহিলা কবৰস্থান অথবা মাজাৰত যোৱা কেনেকুৱা ?

প্ৰশ্নঃ-মহিলা কবৰস্থান অথবা মাজাৰত যোৱা কেনেকুৱা ?

 

উত্তৰঃ- মহিলা সকলৰ বাবে আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ৰৌজা মোবাৰকৰ(মাজাৰ শ্বৰীফৰ)বাহিৰে অন্য কবৰৰ জিয়াৰতৰ বাবে যোৱা চূড়ান্তভাৱে নিষেধ,যদিও‌ পৰ্দাৰ(বোৰ্খাৰ)সৈতে যায়,বিশেষ ভাৱে আত্মীয়ৰ কবৰত যোৱা কঠিন ভাৱে নিষেধ।ছায়্যীদি আলা হজৰত ইমাম আহলে ছুন্নত আহমদ ৰাজা খাঁন ৰাহমাতুল্লাহ আলাইহিয়ে “‌ফতোৱা ৰেজৱীয়্যাত” মহিলা কবৰস্থানত যোৱা সম্পৰ্কে লিখিছে: উত্তম এয়া যে মহিলা কবৰস্থানত যোৱাৰ অনুমতি নাই(فتاوى رضويہ،ج٩،ص٥٣٧) আৰু কৈছে: মই কওঁ যে: বিশেষ ভাৱে নৱাগত মৃত্যু হোৱা আত্মীয়ৰ কবৰত মহিলাৰ দুখঃ,আফছোচ তথা কন্দা কটা প্ৰকাশ অনিবাৰ্য অৰ্থাৎ নতুনকৈ মৃত্যু হোৱা আত্মীয়ৰ কবৰত। আৰু অলী সকলৰ মাজাৰ জিয়াৰতত গ’লে দুটা অপছন্দনীয় কৰ্মৰ মাজত এটা হোৱা নিশ্চিত। হয়তো অশালীন আদব(অৰ্থাৎ বে আদবি) কৰিব নতুবা অধিক আদব কৰিব যিটো নাযাইজ ও‌ অপছন্দনীয়,গুণাহৰ কাম। এতেকে উভয় অৱস্থাতেই যোৱা নিষেধ।আৰু “গুনয়া”ত মকৰূহ বুলি উল্লেখ কৰা হৈছে। (গুনয়া-এক কিতাপৰ নাম) কিন্তু নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মাজাৰ শ্বৰীফৰ জিয়াৰত,মাজাৰ চুম্বন কৰা ডাঙৰ মোছতাহাবেই নহয় অথচ ৱাযিবৰ কাষা কাষি। গতিকে ইয়াত যোৱাৰ পৰা মানা কৰা নহ’ব আৰু ইয়াৰ উচিত আদব তথা নিয়ম শিকোৱা হ’ব(فتاوى رضويہ،ج٩،ص٥٣٨) 

ছদৰুস্বাৰীআহ মুফতি আমজাদ আলি আজমী ৰাহমাতুল্লাহ আলাইহিয়ে বাহাৰে শ্বৰিঅতত কৈছে:

কিছু উলামাই(মুফতিয়ে)মহিলা সকলক মাজাৰত যোৱাৰ অনুমতি দিছে- “দুৰ্ৰে মোখতাৰ”ত এই মতটোকে গ্ৰহণ কৰা হৈছে। কিন্তু আত্মীয়ৰ কবৰত গ’লে কন্দা কটা ও দুখঃত চিঞৰ বাখৰ প্ৰকাশ কৰিব এতেকে যোৱা নিষেধ। আৰু নেক বান্দা তথা অলীসকলৰ মাজাৰত বৰকতৰ কাৰণে যায় যদি,বুঢ়ী মহিলা যাব পাৰে কিন্তু জোৱান মহিলা তথা গাভৰু ছোৱালী যোৱা নিষেধ। মহিলাক মাজাৰ জিয়াৰতত যোৱা মানা কৰা,উত্তম এয়াই। যে আত্মীয়ৰ কবৰত কন্দা কটা আৰু অলী সকলৰ মাজাৰত হিচাপতকৈ অধিক আদব কৰিব বা বে আদবি কৰিব,কাৰণ এই দুটা কথা মহিলাৰ ওচৰত অধিক পৰিমাণে পোৱা যায়(بہارشریعت،ج١ح٤،ص٨٤٩)


হজৰত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুই কৈছে: আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে অধিক জিয়াৰত কাৰী মহিলাৰ ওপৰত লানত(অভিশাপ)কৰিছে।


(سنن ترمذی کتاب الجنائز باب ما جاء فی کراهة زيارة القبور للنساء حديث-١٠٥٧)

আনহাতে আন এক হাদিছত আহিছে: لعن الله الزائرات القبور  যে কবৰ জিয়াৰত কাৰী মহিলাৰ ওপৰত আল্লাহে লানত বৰ্ষণ কৰক।এই বিষয়ে অধিক জানিবলৈ জানিবলৈ অধ্যয়ন কৰক “মাজাৰাত পৰ আউৰতো কি হাজিৰি” নামৰ কিতাপখন। আল্লাহ পাকে আমাক সঠিক মাছাঈল শিকাৰ তৌফিক দান কৰক।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মহিলা কবৰস্থান অথবা মাজাৰত যোৱা কেনেকুৱা ? মহিলা কবৰস্থান অথবা মাজাৰত যোৱা কেনেকুৱা ?

আমাৰ ইউটিউব চেনেল click here 

মুছলিম ধৰ্মত‌(Meditation)ধ্যান কৰা যায় নেকি এই বিষয়ে শ্বৰিয়তে কি কয়? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d