নাপাক ব্যক্তিৰ কাপোৰো নাপাক নেকি ? পত্নীৰ লগত সহবাসৰ পিছত বিছনা চাদৰ ধোৱাটো জৰুৰী নেকি ?

প্ৰশ্নঃ- নাপাক ব্যক্তিৰ কাপোৰো নাপাক নেকি ? • পত্নীৰ লগত সহবাসৰ পিছত বিছনা চাদৰ ধোৱাটো জৰুৰী নেকি?

 

উত্তৰঃ- পাক কাপোৰত যেতিয়ালৈকে কোনো অপবিত্ৰ বস্তু বা নাপাকি যেনে গোবৰ,পেচাব আদি নালাগে তেতিয়ালৈকে সেয়া পাক হৈ থাকে,ইয়াৰোপৰি যিখিনি ঠাইত নাপাকি লাগে সেইখিনি ঠাইহে নাপাক হয় বাকী কাপোৰ পাকে থাকে। হাদিছ শ্বৰীফত আহিছে –

عن أبي هريرة رضي الله عنه قال: لَقِيَنِي رَسولُ اللَّهِ صَلَّى اللهُ عليه وسلَّمَ وأَنَا جُنُبٌ، فأخَذَ بيَدِي، فَمَشيتُ معهُ حتَّى قَعَدَ، فَانْسَلَلْتُ، فأتَيْتُ الرَّحْلَ، فَاغْتَسَلْتُ ثُمَّ جِئْتُ وهو قَاعِدٌ، فَقالَ: أيْنَ كُنْتَ يا أبَا هِرٍّ، فَقُلتُ له، فَقالَ: سُبْحَانَ اللَّهِ يا أبَا هِرٍّ إنَّ المُؤْمِنَ لا يَنْجُسُ

হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে: মই নাপাকে থকা অৱস্থাত(মদিনাৰ কোনো পথত)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগত মোৰ সাক্ষাৎ হয়,তেওঁ মোৰ হাতত ধৰিলে,মই তেওঁৰ লগত গৈ‌ থাকিলোঁ অৱশেষত তেওঁ(এঠাইত)বহিলে। তেতিয়া মই তাৰ পৰা মনে মনে ঘৰলৈ গুচি আহি গোচল কৰিলো,তাৰ পিছত পুনৰ তেখেতৰ ওচৰলৈ গৈ তেওঁক তাত বহি থকা অৱস্থাতেই পালোঁ। তেওঁ ক’লে: হে আবু হুৰাইৰাহ! ক’ত আছিলা ? মই কাৰণত অৱগত কৰালো। তেওঁ ক’লে: ছুবহানাল্লাহ! মুমিনৰ(বাহ্যিক)শৰীৰ অপবিত্ৰ নহয়।(صحیح البخاری،ج١-٢٨٥)

যদি কোনোৱে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰে বা সপ্নদোষ হয় তেন্তে বীৰ্য লগা ঠাইখিনিহে নাপাক হ’ব ইয়াৰ বাহিৰে অন্য কাপোৰ যেনে গেঞ্জী,ওৰণি,বিছনা চাদৰ আদি নাপাক নহয় বৰং পাকেই থাকিব। এইবোৰৰ সৈতে নামাজ পঢ়া যাব।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here

কোৰআন এপ থকা মোবাইলৰ আদেশ মোবাইল ফোনত কোৰআন এপ বা অন্যান্য ইছলামী এপ্লিকেচন থকা অৱস্থাত উক্ত মোবাইলটো শৌচালয়ত বা বাথৰুমত লৈ গ’লে বা সেই এপ্লিকেচনটো Unstall কৰি দিলে কিবা গুণাহ হ’ব নেকি ? এনে ক্ষেত্ৰত মোবাইলটো ভৰিত লগাব বা অজু নোহোৱাকৈ মোবাইলত কোৰআন অথবা ইছলামী কিতাপ পঢ়িব পাৰিনে ? লিংকটোৰে পঢ়ক সম্পূৰ্ণ উত্তৰ। click here 

নাপাক ব্যক্তিৰ কাপোৰো নাপাক নেকি ?

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d