টেটু(Tattoo)থাকিলে অজু হ’ব নে

প্ৰশ্নঃ-টেটু(Tattoo)থাকিলে অজু হ’ব নে নহয় অলপ জনাই দিবচোন (যদি নাজানি তেওঁ নামাজ পঢ়ে নামাজ শুদ্ধ হ’ব নে) উক্ত ব্যক্তিৰ জানাজা পঢ়িব পাৰিনে ?

 

উত্তৰঃ- শৰীৰত সকলো ধৰণৰ টেটু বনোৱা হাৰাম ও গুণাহৰ কাম। আৰু যদি কোনো প্ৰাণীৰ টেতু বনোৱা হয় নামাজত সেইটো ওলাই থাকিলে নামাজ মকৰূহ হ’ব,আৰু যদি টেটু কাপোৰেৰে ঢাকি ৰখা হয় তেন্তে নামাজ মকৰূহ নহয়।এতিয়া প্ৰশ্ন হ’ল যে যদি কোনোবাই শৰীৰত টেটু অংকন কৰাৰ পিছত সি নিজৰ এই হাৰাম কামত লজ্জিত হৈ আল্লাহৰ ওচৰত তৌবা কৰিব বিছাৰে তেন্তে তাৰ পদ্ধতি কেনেকুৱা তৌবা কৰাৰ পিছত টেটু অপাৰেশ্যন কৰি ওলিয়াই পেলাব লাগিব নেকি?

যদি কোনোবাই ভুলক্ৰমে তথা অজ্ঞাত অৱস্থাত শৰীৰত টেতু বনাইছে তাৰ পিছত তাৰ কৰ্মৰ ওপৰত লজ্জিত হৈছে যে এয়া হাৰাম!তেন্তে তেওঁ আল্লাহৰ ওচৰত সঁচা অন্তৰেৰে ক্ষমা বিছাৰক ইনশ্বা আল্লাহ‌ আল্লাহে মাফ কৰিব। টেতু অপাৰেশ্যন বা কাটি পেলোৱা বাধ্যতামূলক নহয় অথচ কাপোৰেৰে ঢাকি ৰখা জৰুৰী ,যদি কোনোবাই তাৰ টেতু দেখে তেন্তে তাক কৈ দিয়ক যে মই তৌবা কৰিছোঁ,তৌবা তাৰ বাবে যথেষ্ট। হয়! যদি সহজে টেতুটো নোহোৱা কৰিব পাৰি তেন্তে সেয়া কৰা উচিত। এয়া এক হাৰাম কৰ্ম আৰু জানি বুজি হাৰামত লিপ্ত হোৱা হাৰাম ও গুণাহৰ কাম, উক্ত(মুছলমান)ব্যক্তিজনৰ জানাজা নামাজ পঢ়া যাব কোনো অসুবিধা নাই,কাৰণ হাৰাম কৰ্মত লিপ্ত হ’লে ইছলামৰ পৰা বাহিৰ হৈ নাযায় অথচ গুণাহগাৰ নিশ্চয় হ’ব,যাৰ পৰিণাম অতি ভয়ংকৰ। আল্লাহে আমাক সঠিক মাছাঈল কোৱাৰ তৌফিক দান কৰক-আমিন।• জানাজা পঢ়াত কোনো অসুবিধা নাই।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

টেটু(Tattoo)থাকিলে অজু হ’ব নে

আঁঠু ওলালে অজু ভঙ্গ হয় নেকি ? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d