পৰীক্ষা কৰিবৰ বাবে ৰক্ত উলিয়ালে অজু ভংগ হ’ব নেকি ?

প্ৰশ্নঃ- পৰীক্ষা কৰিবৰ বাবে ৰক্ত উলিয়ালে অজু ভংগ হ’ব নেকি ?

 

উত্তৰঃ-হয়‌,পৰীক্ষা কৰাৰ উদ্দেশ্যে তেজ উলিয়ালে অজু ভংগ হ’ব। কাৰণ তাৰ বাবে ইমান খিনি তেজ উলিওৱা হয়,যদি সেয়া চিৰিঞ্জত(syringe)জমা কৰা নগ’লহৈ তেন্তে দূৰ পৰ্যন্ত বিয়পি পৰিলহৈ আৰু শৰীৰৰ যি অংগক অজু বা গোচলত ধোৱা ফৰজ সেয়া তেজেৰে ৰঙাল হ’ল হেঁতেন। অজু যোৱাৰ প্ৰকৃত কাৰণ অজুত বা গোচলত ধোৱা অংগ পৰ্যন্ত তেজ বৈ যোৱা নহয় বৰং ইমান বেছি পৰিমাণে ওলোৱা যে কোনো বাধা(বা বন্ধা)নাথাকিলে শৰীৰত বৈ যোৱাৰ ক্ষমতা থকা। ইয়াৰ উদাহৰণ ফিকাহৰ কিতাপত এইটো মছআলাহ যে “জোক বা ডাঙৰ চিকৰাই(tick)তেজ খালে,আৰু ইমান খালে যে নিজে নিজে ওলালে বৈ গ’ল হেঁতেন,তেনে ক্ষেত্ৰত অজু ভংগ হ’ব অন্যথা নহয়।” যথা তনৱীৰুল আবস্বাৰত ৱা দুৰ্ৰুল মোখতাৰত আছে: (وكذا ينقضه علقة مصت عضوا وامتلأت من الدم و مثلها القراد)كان(كبيرا)لأنه حينئذ(يخرج منه دم مسفوح)سائل

❖ এনেদৰেই(ডাঙৰ)জোকে খাই ভৰি গ’লে তদ্ৰুপ ডাঙৰ চিকৰা,কাৰণ তেতিয়া সিহঁতৰ পৰা ওলাব বৈ যোৱা মাত্ৰা তেজ। (الدر المختار فوق رد المحتار،ج١،ص٢٦٨)   

❖ ফতোৱা আলমগিৰিত আছে:

القراد إذا مص عضو إنسان فامتلأ دما ان كان صغيراً لا ينقض وضوئه كما لو مصت الذباب او البعوض ان كان كبيراً ينقض و كذا علقة إذا مصت عضو إنسان حتى امتلأت من دمه انتقض وضوءه

চিকৰাই যেতিয়া শৰীৰৰ পৰা তেজ খাই ভৰি যায় যদি সৰু হয় তেন্তে অজু ভংগ নহয় যিদৰে মাখি আৰু মহে খালে ভংগ নহয় ইয়াৰোপৰি যদি ডাঙৰ হয় তেন্তে ভংগ হ’ব তদ্ৰুপ জোক। (الفتاوىٰ الهندية،ج١،ص١١)

❖ফতোৱা ৰেজৱিয়্যাহত আছে;(সংক্ষেপে,শৰীৰৰ পৰা ওলোৱা)তেজত মাটি ছটিয়াই বা কাপোৰেৰে শুকাই দিলে অথবা কোনো জোকে(তেজ-পিয়া পোকে)ইমান খিনি ৰক্ত চুপিলে,যদি ৰক্ত নিজে নিজে ওলাল হেঁতেন বিয়পি পৰিলহৈ(বৈ গ’ল হেঁতেন)তেন্তে উল্লেখ কৰা গোটেই অৱস্থাতেই অজু ভংগ হ’ব। (رسالة الطراز المعلم فیما ھو حدث من احوال الدم؛رضا فاؤنڈیشن لاہور)

❖ জোকে(অথবা অইন কোনো তেজ-পিয়া পোকে)বা চিকৰাই তেজ খালে,আৰু ইমান খালে যে সেই তেজ যদি নিজে নিজে ওলালেহৈ তেন্তে বৈ গ’ল হেঁতেন,তেতিয়া হ’লে অজু যাব অন্যথা নাযায়।       (بہار شریعت،ج١،ص٣٠٥،وضو کا بیان )  আৰু যদি অকণমান ওলায়,যাৰ বৈ যোৱাৰো ক্ষমতা নাই তেন্তে অজু ভংগ নহয়। ফতোৱা আলমগিৰি ও শ্বামী আদিত আছে: জেঠী,ওকণি,মহ,উৰহ(bedbugs),মাখি(বা অইন কোনো সৰু চিকৰা বা ৰক্তপায়ী পোক)আদিয়ে যদি ৰক্ত পিয়ে তেন্তে অজু ভংগ নহয়।

(الفتاوٰی الھندیة،کتاب الطہارۃ،الباب الأول في الوضوء،الفصل الخامس،ج۱،ص۱۱،و الدرالمختار كتاب الطہارۃ،ج۱،ص۲۹۲)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

পৰীক্ষা কৰিবৰ বাবে ৰক্ত উলিয়ালে অজু ভংগ হ’ব নেকি ?

আমাৰ ইউটিউব চেনেল click here 

ফৰজ গোছল নকৰাকৈয়ে কাম-কাজ কৰিব পাৰিনে ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d