প্ৰশ্নঃ- অজু কৰাৰ পিছত তেল,vaseline আদি লগাব পাৰিনে ?
উত্তৰঃ- অজু কৰাৰ পিছত তেল,vaseline,boroline আদি লগোৱাত কোনো অসুবিধা নাই তদ্ৰুপ অজু কৰাৰ আগত,কাৰণ ই layer(চামনি তথা স্তৰ)নধৰে। মহিলাৰ মেকআপৰ ক্ষেত্ৰত: কিছুমান অৱস্থাত layer ধৰা মেকআপ আছে সেইবোৰেৰে অজু,গোছল একো নহয়। অজু তথা গা ধুই পাক হ’বলৈ সেয়া দূৰ কৰা বাধ্যতামূলক কাৰণ তাৰ layer(চামনি তথা স্তৰ)ধৰে যাৰ ফলত শৰীৰৰ ছালত পানী নালাগে গতিকে অজু নহ’ব,অজু নহ’লে নামাজো নহ’ব। সচৰাচৰ লিপষ্টিক বা মেআপৰ layer(চামনি তথা স্তৰ)থাকে যাৰ কাৰণে ছালত(Skin)পানী নালাগে আনহাতে অজু তথা গা ধুই পাক হ’বলৈ হ’লে শৰীৰৰ প্ৰত্যেক অংশ তথা নোম গুৰি পৰ্যন্ত তিতা অনিবাৰ্য গতিকে অজু আৰু ফৰজ গোছলৰ(গা ধোৱাৰ)বাবে সেয়া আঁতৰাব লাগিব। আনহাতে তাৰ দ্বাৰা ৰোজা ভঙ্গ নহয়। {• এলক’হল বা নাপাক বস্তুৰে প্ৰস্তুত মেকআপ ব্যৱহাৰ কৰা নিষিদ্ধ।}(سراج الفقہاء کی دینی مجالس-کتاب الحظر والاِباحہ،ص١٤٤،سل-١٦٦)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
অজু কৰাৰ পিছত তেল vaseline আদি লগাব পাৰিনে ?
মহিলাই সন্তানক দুগ্ধপান কৰালে অজু ভংগ হয় নেকি – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments