শুধৰণিমূলক চল্লিশটা হাদিছ 

শুধৰণিমূলক চল্লিশটা হাদিছ

 


দ্বিতীয় চল্লিশটা হাদিছ অসমীয়া ভাষাতচল্লিশটা হাদিছৰ প্ৰচাৰত বহুতো চোৱাব আছে আৰু নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সু-সংবাদ। পূৰ্বৰ বিদ্বান লোকসকলৰ,অলী আউলিয়া সকলৰ,চাহাবাৰ অভ্যাস আছিল এয়া,কিয়নো এই সম্পৰ্কে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জান্নাতৰ সু-সংবাদ দিছে। সেয়ে‌ চোৱাবৰ আশাত ময়ো আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ মৰমৰ চল্লিশটা শুধৰণিমূলক হাদিছ লিখি এখনি চুটি পুস্তিকা তৈয়াৰ কৰিছোঁ। ইয়াৰ চোৱাব মোৰ এগৰাকী বিশেষ বন্ধুৰ মালৈ উৎৰ্সগা কৰিলোঁ। আল্লাহ পাকে কবুল কৰক। আৰু এইসমূহ হাদিছক আমাৰ সকলোৰে জীৱনত কাৰ্যকৰী কৰাৰ ক্ষমতাও দান কৰক। আ-মী-ন।


১) হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে;‌ হে আঈশ্বা!(ৰাদ্বীয়াল্লাহু আনহা)বিশেষকৈ সেই গুণাহৰ পৰা বাচি থকাৰ চেষ্টা কৰিবা যিবোৰক সাধাৰণ আৰু তুচ্ছ বুলি ভবা হয়। কাৰণ আল্লাহৰ ফালৰ পৰা সেইসমূহৰো হিচাপ কিতাপ লোৱা হ’ব। (ছুনান্‌ ইবনে মাজা:৪২৪৩)

২) নবীয়ে ﷺ কৈছে: অন্ধক সহায় কৰিবা। কলা,বোবা মানুহক বুজাই দিবা। যদি খবৰ পোৱা কোনো অভাৱী লোকৰ,অভাৱ দূৰ কৰি দিবা। কোনো কষ্টত পৰি সহায় বিচৰা জনক সহায় কৰিবৰ নিমিত্তে বেগাই যোৱা। আৰু অসহায়,দুখীয়াক খুব সহায় কৰিবা। এই সকলোবোৰ ছদকা।(মুছনাদে আহমদ ৩৬১৪)

৩) নবীয়ে ﷺ কৈছে: শুনি লোৱা ! অন্যায় নকৰিবা,কোনো মুছলমানৰ মাল-সম্পত্তি তাৰ সন্তুষ্টি অবিহনে হালাল নহয়।(মিচকাত:২৯৪৬)

৪) নবীয়ে ﷺ কৈছে: যি ব্যক্তিয়ে কোনো মুছলমানক সুখী বা আনন্দিত কৰে আল্লাহ পাকে সেই সুখীৰ দ্বাৰা এজন ফিৰিস্তা সৃষ্টি কৰে,যিজন আল্লাহৰ জিকিৰ ও উপাসনাত ব্যস্ত থাকে। যেতিয়া সেইজন ব্যক্তিৰ মৃত্যু হ’ব কবৰত উক্ত ফিৰিস্তা গৰাকী উপস্থিত হৈ সুধিব তুমি মোক চিনি পাইছা ?‌ ব্যক্তিজনে ক’ব তুমি কোন ? তেতিয়া ফিৰিস্তাই উত্তৰ দিব যে মই সেই সুখী,যিটো তুমি অমুকক দিছিলা। আজি তোমাৰ নিসংগতাত সকাহ দিম। আৰু চাৱাল জৱাব(প্ৰশ্নোত্তৰ)ত অটলে থকাত সহায় কৰিম। আৰু তোমাক বিচাৰৰ দিৱসৰ দৃশ্য প্ৰত্যক্ষ কৰাম। তোমাৰ বাবে আল্লাহৰ ওচৰত চুপাৰিছ কৰিম। আৰু তোমাৰ জান্নাতৰ ঠিকনা দেখাম।(আত্তাৰগীব ওৱাত্তাৰহীব:৩-২৯৯,হাদিছ নং-২৩)

৫) নবীয়ে ﷺ কৈছে: কিয়ামতৰ দিনাখন সকলো ব্যক্তি নিজৰ ছদকা(দান দক্ষিণা)ৰ ছাঁত বিশ্ৰাম ল’ব,এতেকে মানুহৰ কৃতকাৰ্যৰ সিদ্ধান্ত হৈ যাব।(মোঅজামুল কাবীৰ:১২/২৪৬)

৬) হজৰত আনাছ ৰাদ্বীয়াল্লাহুৱে কয় মই কোনো কথাত ইমান আনন্দিত হোৱা নাই যিমান এই হাদিছটো শুনি হৈছোঁ: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: “তোমাৰ কিয়ামত তাৰেই লগত হ’ব যাক তুমি ভাল পোৱা” তাৰ পিছত আনাছ ৰাদ্বীয়াল্লাহুৱে ক’ব ধৰিলে মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক,আবু বকৰ ও ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাক ভাল পাওঁ। তেওঁ লোকক ভাল পোৱাৰ বাবে মই আশাবাদী যে মোৰ কিয়ামত এওঁলোকৰ লগতেই হ’ব,যদিও মই তেওঁলোকৰ দৰে আমোল কৰিব পৰা নাই।(বোখাৰী শ্বৰীফ:৩৬৮৮)

৭) নবীয়ে ﷺ কৈছে: সাতটা ক্ষতিকাৰক গুণাহৰ পৰা বাচি থাকা। সোধা গ’ল সেইবোৰ কি ? তেওঁ ক’লে: আল্লাহৰ লগত অংশীদাৰ কৰা। যাদু কৰা। অনাহকত কাৰোবাৰ প্ৰাণ লোৱা,যিটো আল্লাহে হাৰাম কৰিছে। সুদ খোৱা। ইয়াতিম(মাউৰা)ৰ সম্পত্তি খোৱা। যুদ্ধাস্থলীৰ পৰা পলায়ন কৰা আৰু সু-চৰিত্ৰা মহিলাৰ প্ৰতি আৰোপ লগোৱা।(ছহীহ বোখাৰী:২৭৬৬-৬৮৫৭)

৮)নবীয়ে ﷺ কৈছে: জল আৰু স্থলভাগত(ভূ-পৃষ্ঠত)যি বয় বস্তুৱেই ধ্বংস বা নষ্ট নহওঁক কিয় তাৰ একমাত্ৰ কাৰণ হৈছে যাকাত আদায় নকৰা। (আত্তাৰগীব-১/৩০৯)

৯) নবীয়ে ﷺ কৈছে: যাকাত আদায়ৰ দ্বাৰা নিজৰ সম্পত্তিৰ সমূহক মজবুত কিল্লাত নিৰাপদে ৰাখা আৰু দান দক্ষিণাৰ দ্বাৰা নিজৰ ৰোগ সমূহৰ চিকিৎসা কৰা। আৰু আল্লাহৰ ওচৰত বিনয়ৰ সহিতে কাতৰ দোআ-আৰাধনাৰ দ্বাৰা সকলোধৰণৰ বিপদৰ সম্মুখীন হোৱা। (আত্তাৰগীব:২/১০০)

১০) নবীয়ে ﷺ কৈছে: যাক আল্লাহ পাকে ধন সম্পত্তি দিয়ে যদি সি তাৰ যাকাত আদায় নকৰে তেন্তে তাৰ সেই সম্পত্তি কিয়ামতৰ দিনা এডাল চুলি নথকা সাপৰ ৰূপত অনা হ’ব যাৰ মুখৰ দুয়ো কাষেৰে বিষাক্ত ফেন বৈ থাকিব আৰু সেই সাপ তাৰ ডিঙিত মালাৰ দৰে মেৰিয়াই থোৱা হ’ব আৰু তাৰ মুখৰ দুয়ো ফালে ধৰি ক’ব : মই তোমাৰ সম্পত্তি,মই তোমাৰ ধন।(বোখাৰী:১৪০৩)

১১) নবীয়ে ﷺ কৈছে: যি ব্যক্তিয়ে নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিলে নিশ্চয় তেওঁৰ সেই সম্পত্তিৰ পৰা বিপদ-আপদ গুচি গ’ল। (মোঅজামুল আওছাত-১৫৮৯)

১২) নবীয়ে ﷺ কৈছে: আক্ষেপ সেই ব্যক্তিৰ ওপৰত যিয়ে ৰমজান মাহ পালে কিন্তু তাৰ মাগফিৰাত(ক্ষমা প্ৰাপ্তি)ৰ পূৰ্বেই এই মাহ গুচি গ’ল। (মুছনাদে আহমদ-৩৬৬৮)

১৩) নবীয়ে ﷺ কৈছে: মই তোমালোকক যিটো কৰিব দিওঁ সেয়া কৰা। আৰু যিটো বস্তুৰ পৰা আঁতৰত থাকিব দিওঁ তাৰ পৰা আঁতৰি থাকা। (ছুনানে ইবনে মাজা:১)

১৪) নবীয়ে ﷺ কৈছে: মোৰ উম্মত ইফতাৰ অবিলম্বে কৰালৈকে কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। (বোখাৰী:১৯৫৭)

১৫) নবীয়ে ﷺ কৈছে: ”ৰমজান কি” যদি মানুহে জানিলে হেঁতেন তেতিয়া মোৰ উম্মতে সম্পূৰ্ণ বছৰ ৰমজান হোৱাতো কামনা কৰিলে হেঁতেন।(ছহীহ ইবনে হুজাইমাহ:১৮৮৬)

১৬) নবীয়ে ﷺ কৈছে: যেতিয়া জানাজা তৈয়াৰ কৰা হয় আৰু মানুহে কান্ধত উঠাই লয় তেতিয়া সেই মৃত ব্যক্তিজন যদি নেক হয় তেন্তে সি কয় মোক সোনকালে লৈ যোৱা,সোনকালে লৈ যোৱা। আৰু যদি নেক নহয় তেন্তে কয়: হায় আফছোচ! মোৰ জানাজা ক’ত লৈ গৈ আছা ? এই শব্দবোৰ মানুহ আৰু জিনৰ বাহিৰে সকলো জীৱই শুনা পায়। মানুহে কেতিয়াবা শুনিলে অজ্ঞান হৈ পৰিব। (ছহীহ বোখাৰী:১৩৮০-১৩১৪)

১৭) নবীয়ে ﷺ কৈছে: যি ব্যক্তিয়ে ফৰজ নামাজ আদায় কৰি(একাগ্ৰতাৰে)দোৱা কৰিব,তেওঁৰ দোৱা কবুল হ’ব। এনেদৰেই যি ব্যক্তিয়ে কোৰআন খতম কৰি দোৱা কৰিব তেওঁৰো দোৱা কবুল হ’ব।(মোঅজামুল কাবীৰ লিত্বাব্ৰাণী:আবু হাজিম বিন দীনাৰ,আনিল ইৰবাদ্ব বিন ছাৰিবাহ)

১৮) নবীয়ে ﷺ কৈছে: দুনীয়া(পাৰ্থিৱ জীৱন)গৈ আছে,আখিৰাত আহি আছে আৰু দুয়োৰে প্ৰাপ্তিৰ পথৰ পথিক সকলো। তুমি আখিৰাত বিচাৰোতা হোৱা,আৰু দুনীয়া বিচাৰোতা নহ’বা। আজি আমোল(ৰ সময়)ইয়াত হিচাপ নাই,যিহেতু কাইলৈ হিচাপ হ’ব আৰু আমোল(ৰ সময়)নহ’ব। (মিচকাতুল মাস্বাবীহ:৫২১৫)

১৯) নবীয়ে ﷺ কৈছে:ডাঙৰ গুণাহ সমূহৰ মাজৰ পৰা সৰ্বোত্তম গুণাহ হৈছে অনাহকত কোনো মুছলমানক অপমানৰ উদ্দেশ্যে মুখ খোলা। আৰু এটা গালিৰ পৰিৱৰ্তে দুটা গালি দিয়াও কবিৰা(ডাঙৰ)গুণাহৰ অন্তৰ্ভুক্ত। (ছুনানে আবু দাউদ:৪৮৭৭)(ইয়াৰ অৰ্থ এইটো মুঠেই নহয় যে এটা গালিৰ পৰিৱৰ্তে এটা দিয়া বৈধ বৰং এয়াও অবৈধ)

২০) নবীয়ে ﷺ কৈছে:(কিয়ামতৰ দিনা)দহজন লোকৰ প্ৰতিনিধিকো এনে অৱস্থাত অনা হ’ব যে তেওঁৰ হাত কান্ধত বন্ধা থাকিব,এতেকে তেওঁৰ ন্যায়ে তেওঁক মুক্তি দিব বা তেওঁৰ অন্যায়ে ধ্বংস কৰি দিব।(মিচকাতুল মাস্বাবীহ:৩৬৯৭)

২১) নবীয়ে ﷺ অন্তিম খোতবাত কয়: হে মানৱ! তোমালোকৰ প্ৰতিপালন এজন।আৰু তোমালোকৰ পিতৃও(আদম)এজনেই। খবৰদাৰ! কোনো আৰবীৰ অনাআৰবী লোকৰ ওপৰত আৰু কোনো অনাআৰবীৰ আৰবী লোকৰ ওপৰত,কোনো বগাক ক’লাৰ ওপৰত,আৰু ক’লাক বগাৰ ওপৰত প্ৰাধান্য দিয়া নহ’ব কিন্তু তাক্কৱা(আল্লাহৰ ভয়)ৰ ভিত্তিত। (মুছনাদে আহমদ:৪৫৬৮)

২২) আব্দুৰ ৰহমান বিন আবুবকৰ পৰা বৰ্ণিত। তেওঁ আপোন পিতৃ আবুবকৰ(ৰাদ্বিআল্লাহু আনহুৰ)পৰা বৰ্ণনা কৰিছে যে এজন ব্যক্তিয়ে নবী(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)ক নিবেদন কৰিলে, হে আল্লাহৰ নবী! মানুহৰ ভিতৰত কোন সৰ্বশ্ৰেষ্ঠ?” তেওঁ(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে) ক’লে:সেইজন,যাৰ জীৱন দীৰ্ঘ আৰু তেওঁৰ অমোল(কৰ্ম)ভাল। আকৌ সুধিলে- মানুহৰ মাজত বেয়া কোন ? তেওঁ(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে)ক’লে: যাৰ আয়ুস দীঘলীয়া কিন্তু তেওঁৰ অমোল বা কৰ্ম বেয়া। (তিৰমিজি:২৫০০)

২৩) নবীয়ে ﷺ কৈছে: যি ব্যক্তিয়ে অভাৱ অনাটনত পতিত হ’লে ধৈৰ্য নধৰি মানুহৰ মাজত কৈ ফুৰে তাৰ কেতিয়াও সেয়া দূৰ নহ’ব। আৰু যিয়ে অভাৱত থকা সত্বেও কাকো নকৈ একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰি ধৈৰ্য ধৰে তেন্তে অনতিপলমে অথবা দেৰিকৈ হ’লেও আল্লাহ পাকে দূৰ কৰিব।(তিৰমিজি:২৩২৬)

২৪) নবীয়ে ﷺ কৈছে:(ধন সম্পত্তিৰ দাস বা গোলাম নষ্ট হওঁক)দিনাৰ,দিৰহাম,কাতিফা(ডাঙৰ কোমল কাপোৰ)আৰু খামিছা(এটা ক’লা বা ৰঙা পোছাক যাৰ শিকলি থাকে)ৰ দাস ধ্বংস হওক,কিয়নো যদি এয়া তাক দিয়া হয় তেন্তে সি সন্তুষ্ট হয় আৰু যদি দিয়া নহয় তেন্তে সি অসন্তুষ্ট হয়। (বোখাৰী- ৬৪৩৫)

২৫) নবীয়ে ﷺ কৈছে: কিয়ামত সংঘটিত নহ’ব,যেতিয়ালৈকে বছৰ মাহৰ দৰে,মাহ সপ্তাহৰ দৰে,আৰু সপ্তাহ দিনৰ দৰে,আৰু দিন ঘন্টাৰ দৰে,আৰু ঘন্টা জুই জ্বলাৰ দৰে পাৰ নহ’ব। (অৰ্থাৎ সময়ত কোনো বৰকত নাথাকিব,গম নোপোৱাকৈয়েই দিনবোৰ গুচি যাব)(তিৰমিজি-২৫০৩)

২৬) নবীয়ে ﷺ কৈছে: সত্য পথত থকা সত্বেও যিয়ে তৰ্ক কৰা এৰি দিয়ে তাৰ বাবে মই জান্নাতৰ প্ৰতিশ্ৰুতি দিওঁ। আৰু মই সেই ব্যক্তিৰ বাবে জান্নাতৰ মাজভাগত এটা ঘৰৰ প্ৰতিশ্ৰুতি দিওঁ যিয়ে মিছা কথা কোৱা ত্যাগ কৰে আনকি ধেমালিৰ ক্ষেত্ৰতো। আৰু মই জান্নাতৰ সৰ্বোচ্চ অংশত এটা ঘৰৰ নিশ্চয়তা দিওঁ যাৰ আচৰণ ভাল। (আবু দাউদ- ৮৪০২)

২৭) নবীয়ে ﷺ কৈছে: যেতিয়া চাবান মাহৰ পোন্ধৰ তাৰিখ (চবে বৰাত)আহিব তেতিয়া তোমালোকে ৰাতি নামাজ পঢ়া আৰু দিনত ৰোজা ৰখা।(ছুনান ইবনে মাজা-১/৩৯৮,হাদিছ নং-১৪৪৬,বাবু মাজাআ ফি লাইলাতিন্নিছফি মিন চাবান)

২৮) নবীয়ে ﷺ কৈছে: চন্দ্ৰ চাই ৰোজা ৰখা আৰম্ভ কৰা আৰু চন্দ্ৰ চাই ইফতাৰ(ঈদ)কৰা। আৰু যদি বতৰ ডাৱৰীয়া হৈ থাকে তেন্তে চাবানৰ ৩০ দিন সম্পূৰ্ণ কৰা।(বোখাৰী:১৯০৯)

২৯) নবীয়ে ﷺ কৈছে: যদি কোনো ব্যক্তিৰ আছৰৰ নামাজ কাযা হয় তেনেহ’লে যেনিবা তেওঁৰ পৰিবাৰ-পৰিজন আৰু ধন-সম্পদ সকলো ধ্বংস হৈ গ’ল। (ছহীহ বুখাৰী, কিতাব মাৱাক্বীতুচ চালাত-৫৫২) তাৰ মানে এইটো নহয় যে বাকীবোৰ এৰিলে লোকচান নহয়। 

৩০) নবীয়ে ﷺ কৈছে: তোমালোকে‌ শোৱাৰ সময়ত আয়াতুল কুৰছি পঢ়ি লোৱা,আল্লাহৰ পক্ষৰ পৰা এগৰাকী ফিৰিস্তা নিয়োজিত কৰা হ’ব। আৰু ৰাতিপুৱা লৈকে তোমাৰ কাষত চয়তান আহিব নোৱাৰিব।(বোখাৰী:২৩১১)

৩১) নবীয়ে ﷺ কৈছে:এজন মুছলমান আন এজনৰ বাবে অট্টালিকা স্বৰূপ। যাৰ এটা ইটাই আনটো ইটাক মজবুত কৰি তোলে। (মুছলিম:২৫৮৫)

৩২) নবীয়ে ﷺ কৈছে:(প্ৰকৃত)মুছলিম সেইজনেই যিয়ে অইন মুছলমান ভাতৃৰ বাবেও সেয়াই পছন্দ কৰে যিটো নিজৰ বাবে কৰে। যি মুছলমানে অজু কৰি আল্লাহৰ জিকিৰ কৰি কৰি শুই যায় আৰু ৰাতিৰ কোনো অ‍ংশত সজাগ হৈ আল্লাহৰ ওচৰত কোনো কল্যাণ ও বস্তু বিচাৰে,আল্লাহ পাকে সেয়াই তাক দান কৰে। (আবু দাউদ শ্বৰীফ:৫০৪২)

৩৩) নবীয়ে ﷺ কৈছে: তুমি যেতিয়া ৰোগীৰ বা মূমূৰ্ষ(মৃত হ’ব লগীয়া) অৱস্থাত থকা লোকৰ কাষত যোৱা তেতিয়া ভাল(নেকীৰ)কথা কোৱা, কাৰণ যেতিয়া তুমি কোৱা ফিৰিস্তাই তাত আমীন কয়।(মিচকাত:২১২৯)

৩৪) নবীয়ে ﷺ কৈছে: নিজৰ ঘৰ সমূহক কবৰস্থানত পৰিণত নকৰিবা। সেই ঘৰ,য’ত ছুৰা আল বাকাৰাহ পঢ়া হয় তাত চয়তানে প্ৰৱেশ নকৰে। (তিৰমিজি:২৮৭৭)

৩৫) নবীয়ে ﷺ কৈছে: নিশ্চয় ছদকা(দান দক্ষিণা)দিওঁতা(অগ্নিপূৰ্ণ) কবৰৰ তাপৰ পৰা নিৰাপদে থাকিব কাৰণ ছদকাই সেই উত্তাপক ঠাণ্ডা কৰি তুলিব। আৰু নিশ্চয় কিয়ামতৰ দিনা মুমিনসকল তেওঁলোকৰ ছদকাবোৰৰ ছাঁত বিশ্ৰাম ল’ব।(আল যোঅজামুল কাবীৰ: ১২/৪৫২)

৩৬) নবীয়ে ﷺ কৈছে: হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাই কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে দোআ কৰিছিল “হে আল্লাহ! তুমি মোক অতি সুন্দৰকৈ সৃষ্টি কৰিছা,সেয়েহে মোৰ চৰিত্ৰও সুন্দৰ কৰি দিয়া” (মিচকাতুল মাস্বাবীহ:৫০৯৯)

৩৭) নবীয়ে ﷺ কৈছে: হজৰত নাফি’ ৰাদ্বীয়াল্লাহু আনহুৱে বৰ্ণনা কৰে: হজৰত ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাই বাঁহীৰ মাত শুনি তেওঁৰ দুয়ো আঙুলি কাণত ৰাখি লয় আৰু সেই ৰাস্তাৰ পৰা আঁতৰি দিয়ে। তাৰ পিছত মোক ক’লে; হে নাফি’ তুমি কিবা শুনিছা নে নাই ? মই ক’লো: নাই। তেতিয়া তেওঁ কাণৰ পৰা আঙুলি গুচাই দিয়ে,আৰু ক’লে: এদিনাখন মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগত আছিলোঁ,তেওঁ এনেকুৱাই শব্দ শুনা পোৱাত এনেদৰেই কৰিছিল।(আবু দাউদ:৪৯২৪)

৩৮) নবীয়ে ﷺ কৈছে: হে আল্লাহ, মই তোমাৰ ওচৰত পৌৰুষত্বহীনতাৰ পৰা আশ্ৰয় বিচাৰো,আৰু মই তোমাৰ ওচৰত কৃপণতাৰ পৰা আশ্ৰয় বিচাৰো। আৰু মই তোমাৰ ওচৰত নিকৃষ্টতম বয়সত উপনীত হোৱাৰ পৰা আশ্ৰয় বিচাৰো। আৰু মই তোমাৰ ওচৰত পৃথিৱীৰ কষ্ট আৰু কবৰৰ শাস্তিৰ পৰা আশ্ৰয় বিচাৰো।(মিচকাত-২৪৫৮)

৩৯) নবীয়ে ﷺ কৈছে: অন্ধকাৰত খোজ কাঢ়ি মছজিদলৈ যোৱা সকলক কিয়ামতৰ দিনা পূৰ্ণ(নিখুঁত প্ৰজ্বলিত)নূৰৰ সু-সংবাদ দি দিয়া। (তিৰমিজি:২২৩)

৪০) নবীয়ে ﷺ কৈছে: যিয়ে কোনো মুমিনৰ পৃথিৱীৰ কষ্টৰ মাজৰ‌ কোনো কষ্ট দূৰ কৰি দিব আল্লাহে তাৰ আখিৰাতৰ কষ্টৰ মাজৰ‌ কোনো কষ্ট দূৰ কৰি দিব। যিজনে কোনো মুমিনৰ দোষ-ত্ৰুটি গোপনে ৰাখিব আল্লাহে দুনীয়া ও আখিৰাতত তাৰ দোষ-ত্ৰুটি আৱৰি ৰাখিব।‌ আল্লাহ পাকে বান্দাৰ সহায় কৰি থাকে যেতিয়ালৈকে বান্দাই নিজৰ (মুছলমান) ভাতৃৰ প্ৰতি সহায়ৰ হাত আগবঢ়ায় থাকে।(তিৰমিজি:১৪২৫)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

মৌলানা ইঞ্জামুল হক মিছবাহী,দৰং অসম।

অসমীয়াত চল্লিশটা হাদিছ – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

শুধৰণিমূলক চল্লিশটা হাদিছ শুধৰণিমূলক চল্লিশটা হাদিছ শুধৰণিমূলক চল্লিশটা হাদিছ

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d