প্ৰশ্নঃ- উৰাজহাজত নামাজ পঢ়িব পাৰিনে ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ-উৰাজাহাজত নামাজ পঢ়াৰ ক্ষেত্ৰত কেইবাটাও পদ্ধতি আছে: ১)জাহাজখন বিমানবন্দৰ(airport)ত ৰৈ আছে। ২)উৰন্ত অৱস্থাত আছে। ৩)ৰানৱেত চলন্ত অৱস্থাত আছে।
•প্ৰথম আৰু দ্বিতীয় অৱস্থাত জাহাজত নামাজ পঢ়িলে নিসন্দেহে হৈ যাব,পুনৰাই পঢ়াৰ প্ৰয়োজন নাই যে প্ৰথম অৱস্থাত জাহাজখন মাটি স্থিৰ হৈ আছে,সেয়েহে মাটিত পঢ়া স্বৰুপ হ’ব। এই সম্পৰ্কে বিখ্যাত গ্ৰন্থ “নূৰুল ইজাহ” ত আছে
وكان شيء من السفينه على قرار الارض صحت الصلاة و إلا فلا تصح على المختار
নৌকাৰ কোনো এটা অংশ যদি মাটিত স্থিৰ হৈ থাকে তেন্তে তাত নামাজ পঢ়িব পাৰি।
•আৰু দ্বিতীয় অৱস্থাত চলন্ত নৌকা স্বৰূপ হ’ব। আৰু চলন্ত নৌকা সম্পৰ্কেও উল্লেখিত কিতাপত আছে:
صلاة الفرص و هى جارية…..صحيحة (عند ابى حنيفة رضى الله عنه)
চলন্ত নৌকাত ফৰজ নামাজ পঢ়িব পাৰি।
(نور الایضاح،فصل فی الصلاۃ فی السفینة،ص٤٣)
তদ্ৰুপ ফতোৱা ফক্কীহে মিল্লত প্ৰথম খণ্ড,পৃষ্ঠা ২২৮ ত আৰু বাহাৰে শ্বৰীয়ত প্ৰথম খণ্ডতো আছে।
(فتاویٰ فقیہ ملت ج۱،ص٢٢٨،شبیر برادرز اردو بازار، ملخصا بہار شریعت ج:١ ح:٣ ص:٤٨٨/مجلس المدینۃ العلمیہ)
•আৰু তৃতীয় অৱস্থাত জাহাজখনৰ স্থিৰতা বাকী থকা নাই সেয়েহে তেনে অৱস্থাত তাত ফৰজ,ওৱাজিব আৰু ফজৰৰ ছুন্নত আদায় কৰা নহ’ব যে জাহাজখন ৰখোৱাৰ শক্তি চালকৰ হাতত আছে। এতেকে নামাজৰ ওৱাক্ত শেষ হোৱাৰ সম্ভাৱনা থাকিলে জাহাজতেই পঢ়ি লোৱা হ’ব কিন্তু পিছত পুনৰাই পঢ়া জৰুৰী হ’ব।
• ইয়াৰোপৰি চলন্ত ৰেলগাড়ীত হওঁক অথবা জাহাজত, নামাজ পঢ়িলে কিব্লাৰ পিনে মুখ কৰা চৰ্ত। যিফালে কিব্লা ঘুৰিব সেইফালেই মুখ ঘুৰোৱা হ’ব। কিন্তু যদি কোনো ওজৰ তথা অসুবিধা থাকে তেন্তে যিদৰে সম্ভৱ পঢ়িলেই হ’ল।
(ملخصا بہار شریعت ج:١ ح:٣ ص:٤٨٨/مجلس المدینۃ العلمیہ)
থিয় হৈ পঢ়াৰ সুবিধা থাকিলে থিয় হৈয়েই পঢ়িব লাগিব অন্যথা বহি পঢ়িলেই হ’ব।
وَاللهُ اَعْلَم وَرَسُوْلُهُ اَعْلَمُ عَزَّوَجَلْ صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
(:উৰাজহাজত নামাজ পঢ়িব পাৰিনে ?:)
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments