জাকাত সম্পৰ্কে চমু আলোচনা
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
জাকাত কাক বোলা হয়: আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ উদ্দেশ্যে শ্বৰীয়তে নিৰ্দিষ্ট কৰা সম্পদৰ এটি অংশ কোনো মুছলমান ফকিৰক মালিক বনাই দিয়াক জাকাত বোলা হয়। উক্ত ফকিৰজন হাশ্বিমী হ’ব নোৱাৰিব। • তনৱীৰুল আবস্বাৰ:৩/২০৩-২০৬
জাকাত কেতিয়া ফৰজ হৈছে: ৰোজা ফৰজ হোৱাৰ আগতে চন ২ হিজৰীত জাকাত ফৰজ হৈছে।
(الدرالمختار،کتاب الزکوٰۃ،ج۳،ص۲۰۲)
আল্লাহ পাকে কোৰআন পাকত কৈছে: وَالَّذِينَ هُمْ لِلزَّكَاةِ فَاعِلُونَ আৰু সফল হৈছে সেইসকল যিসকলে যাকাত আদায় কৰে।
لَنْ تَنَالُوا الْبِرَّ حَتَّىٰ تُنْفِقُوا مِمَّا تُحِبُّونَ ۚ وَمَا تُنْفِقُوا مِنْ شَيْءٍ فَإِنَّ اللَّهَ بِهِ عَلِيمٌ
তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় নকৰালৈকে তোমালোকে কেতিয়াও চাৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।
وَالَّذِينَ يَكْنِزُونَ الذَّهَبَ وَالْفِضَّةَ وَلَا يُنْفِقُونَهَا فِي سَبِيلِ اللَّهِ فَبَشِّرْهُمْ بِعَذَابٍ أَلِيمٍ
আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
يَوْمَ يُحْمَىٰ عَلَيْهَا فِي نَارِ جَهَنَّمَ فَتُكْوَىٰ بِهَا جِبَاهُهُمْ وَجُنُوبُهُمْ وَظُهُورُهُمْ ۖ هَٰذَا مَا كَنَزْتُمْ لِأَنْفُسِكُمْ فَذُوقُوا مَا كُنْتُمْ تَكْنِزُونَ
যিদিনা সেইবোৰ জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, কোৱা হ’ব,এইবোৰেই তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা।(ছুৰা তৌবা-৩৪)
হাদিছ শ্বৰীফত আহিছে: যিয়ে নামাজ পঢ়ে কিন্তু যাকাত আদায় নকৰে তেন্তে তেওঁ তেনে মুছলমান নহয় যাৰ আমোলসমূহ গৃহীত হ’ব বা কবূল কৰা হ’ব।(আত্তাৰগীব-২/১০৮)
যাকাত কাৰ ওপৰত ফৰজ: এজন ব্যক্তিৰ ওপৰত যাকাত ফৰজ হ’বলৈ কেইটামান চৰ্ত আছে। ১) মুছলমান হ’ব লাগিব। ২)বালিগ তথা প্ৰাপ্তবয়স্ক হ’ব লাগিব। ৩)জ্ঞানী হ’ব লাগিব পাগলৰ প্ৰতি যাকাত ফৰজ নহয়। ৪)স্বাধীন হ’ব লাগিব,দাসৰ প্ৰতি যাকাত ফৰজ নহয়। ৫)সম্পত্তি তথা মাল নিছাবৰ সমতুল্য থাকিব লাগিব,নিছাবতকৈ কম হ’লে যাকাত ৱাজিব নহ’ব। ৬)পৰিপূৰ্ণ ভাৱে মালখিনিৰ মালিক হ’ব লাগিব। ৭)মাল ঋণৰ পৰা মুক্ত হৈ নিছাবৰ সমতুল্য হ’ব লাগিব। ৮)নিছাব নিত্য প্ৰয়োজনীয় মালৰ বাহিৰে হ’ব লাগিব। ৯)মাল বৃদ্ধি হোৱা হ’ব লাগিব যথা পোনপটীয়াকৈ হওঁক অথবা আওপকীয়া ভাৱে। ১০)নিছাবৰ মালখিনিত পৰিপূৰ্ণ ভাৱে এবছৰ অতিবাহিত হ’ব লাগিব, অৰ্থাৎ বছৰৰ আগতে যাকাত ৱাজিব নহ’ব। উপৰোক্ত চৰ্ত খিনিৰ গৰাকীৰ প্ৰতি যাকাত ফৰজ হ’ব।(بہار شریعت،ج-١،ص٨٧٦-٨٨٤،علمیہ)
নিছাব কাক বোলে: যিমানখিনি মাল তথা সম্পত্তি হ’লে যাকাত ফৰজ হয় তাক নিছাব বোলে।
নিছাবৰ পৰিমাণ আৰু বৰ্তমানৰ হিচাপ:
সোণৰ নিছাব বিশ মিছকাল অৰ্থাৎ ছাৰে সাত তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম(৯৩.৩১২ মিলিগ্ৰাম)আৰু ৰূপৰ নিছাব দুশ দিৰহাম অৰ্থাৎ ছাৰে বাৱন্ন তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(৬৫৩.১৮৪ মিলিগ্ৰাম)।(عزمتِ زکات،ص٦٢)
যদি সোণ ৰূপ পৃথক পৃথককৈ উপৰোক্ত পৰিমাণত নাই কিন্তু দুয়োটা মিলালে যিকোনো এটাৰ পৰিমাণ হয় তেন্তে সেইজন ব্যক্তি নিছাবৰ মালিক,তেওঁৰ প্ৰতি যাকাত ৱাজিব হ’ব। উদাহৰণ স্বৰূপে এজন ব্যক্তিৰ ওচৰত বিশ গ্ৰাম সোন আছে আৰু দহ গ্ৰাম ৰূপ যিটো নিজে নিছাবৰ সমাতুল্য নহয় কিন্তু দুয়োখিনিৰ দাম ইমান হৈ যায় যাৰ দ্বাৰা ছাৰে বাৱন্ন তোলা(৬৫৩.১৮৪ মিলিগ্ৰাম)ৰূপ কিনিব পাৰি তেনেহলে সেইজন ব্যক্তি নিছাবৰ মালিক। তেওঁৰ প্ৰতি যাকাত ৱাজিব হ’ব। যদি কোনো ব্যক্তিৰ ওচৰত তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম (93.312)সোন অথবা ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(653.184) ৰূপ বা তাৰ দামৰ পৰিমাণ ধন জমা আছে তেন্তে সেইজনৰ প্ৰতি যাকাত ৱাজিব হ’ব।
কিমান টকা থাকিলে যাকাত দিব লাগে: আজিৰ তাৰিখত(9-4-2023)ৰূপৰ প্ৰতিগ্ৰামৰ মূল্য 80.2 টকা,এতেকে এই হিচাপে যদি কাৰোবাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে হাতত(বেংকত,সোণ-ৰূপ বা ব্যৱসায়ৰ আকাৰত) নিম্নতম 52,386 টকা থাকে আৰু এবছৰ অতিবাহিত হৈছে যদি যাকাত ৱাজিব হ’ব(আমাৰ অঞ্চলত ৰমজান মাহত যাকাত আদায় কৰা হয় গতিকে প্ৰত্যেক ৰমজানৰ নিৰ্ধাৰিত তাৰিখে যাকাত ৱাজিব হয়)।
যাকাত শতকৰা কিমান:যাকাত শতকৰা আঢ়ৈ টকাকৈ দিব লাখিব উদাহৰণ স্বৰূপে কাৰোবাৰ হাতত নিত্য প্ৰয়োজনীয় বয় বস্তুৰ বাহিৰে ১ এক লাখ টকা আছে তেন্তে বছৰৰ মূৰত আঢ়ৈ হাজাৰ টকা যাকাত দিব লাখিব। জাকাত সম্পৰ্কে চমু আলোচনা
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
Advance জাকাত আদায় কৰিব পাৰিনে ? Click here
ঋণ থাকিলে জাকাত দিব লাগিব নেকি ? Click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments