কোৰআনৰ অনুবাদ কিয় পঢ়োৱা নহয়?

প্ৰশ্নঃ- আমাৰ কিছু অঞ্চলত আচৰ বা ইশ্বাৰ নামাজৰ পিছত মছজিদত কিছু উৰ্দু বা বাঙালী ভাষাৰ কিতাপৰ পৰা ইছলামী শিক্ষা দিয়া হয়,মোৰ প্ৰশ্ন হ’ল যে –

• কোৰআন চৰীফৰ অসমীয়া অনুবাদ কিয় পঢ়োৱা নহয় ?

• কোৰআনৰ বাহিৰে চাহাবাৰ কাহিনী,হাদিছ কিয় পঢ়োৱা হয় ?

•┈┈┈┈••✦✿✦••┈┈┈┈•

উত্তৰঃ- কোৰআনৰ অনুবাদ পঢ়া বাধ্যতামূলক অৰ্থাৎ ফৰজ বা ওৱাজিব নহয় বৰং হাৰাম ও হালাল সম্পৰ্কে জনাহে ফৰজ। ইয়াৰোপৰি কোৰআনৰ অৰ্থ বা তাৰ ভাৱাৰ্থ বুজিবলৈ ঠায়ে ঠায়ে সুকীয়াকৈ ইছলামী শিক্ষানুষ্ঠান (মাদ্ৰাছা)বনোৱা হৈছে ইচ্ছুকজনে তাত ভৰ্তি হোৱা উচিত।

• হাদিছ আৰু চাহাবাৰ কাহিনীও কোৰআনেই হয়,কোৰআনৰ বাহিৰা নহয় বৰং কোৰআনত আছে – নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে যি কয় কেৱল অহী অনুযায়ীহে কয়,মনে সজা একো নকয়।(ছুৰা নজম-৩,৪)

• ছুৰা ফাতিহাত কোৱা হয়- “হে আল্লাহ ! যিসকলক তুমি নিয়ামত দান কৰিছা তেওঁলোকৰ পথত আমাক পৰিচালিত কৰা”,

– এয়াই হৈছে প্ৰকৃততে সফলতা লাভ কৰা। আৰু সেইসকল লোকৰ মাজৰ পৰাই হৈছে চাহাবাসকল, যাৰ বিষয়ে আল্লাহে কৈছে –

رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ وَأَعَدَّ لَهُمْ جَنَّاتٍ تَجْرِي تَحْتَهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ

আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।

• গতিকে ইহকাল ও পৰকালত সফলতা অৰ্জন কৰিবলৈ হ’লে সফল ব্যক্তিৰ জীৱন কাহিনী জনা,নবীৰ লগত তেওঁলোকৰ প্ৰেম ভালপোৱা,নবীৰ আদৰ্শ জনা অত্যন্ত আৱশ্যকীয়। আনকি কোৰআনেও এয়াই আদেশ দিছে।

• সম্পূৰ্ণ কোৰআন আৰু হাদিছৰ জ্ঞান লোৱা প্ৰত্যেক ব্যক্তিৰ ওপৰত জৰুৰী তথা আৱশ্যকীয় নহয় বৰং হালাল হাৰামৰ জ্ঞান আহৰণ কৰাহে আৱশ্যকীয় বা ফৰজ।

• দ্বীন কোৱা হয় সেই ৰাস্তাক যিয়ে মালিক পৰ্যন্ত পৌচায় দিয়ে। আৰু একমাত্ৰ সত্য ৰাস্তা হৈছে দ্বীনে ইছলাম। কোৰআনত আল্লাহে কৈছে –

إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ

নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন।

طَلَبُ الْعِلْمِ فَرِیْضَةٌ عَلٰی کُلِّ مُسْلِمٍ

জ্ঞান আহৰণ কৰাটো প্ৰতিজন মুছলমান(পুৰুষ,মহিলা)ৰ প্ৰতি বাধ্যতামূলক।

(سنن ابن ماجہ،حدىث ۲۲۴۔ج۱۔ص۱۷)

মুফতি আহমদ য়াৰ খান ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ বাখ্যা কৰি লিখিছে- 

“প্ৰতিজন মুছলমান পুৰুষ আৰু মহিলাৰ বাবে জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক।” ইয়াত জ্ঞানৰ দ্বাৰা শ্বৰীয়তৰ প্ৰয়োজন অনুসৰি জ্ঞানৰ কথা কোৱা হৈছে। এতেকে নামাজ ৰোজা সম্পৰ্কীয় কথা সমূহ প্ৰত্যেক মুছলমানৰ প্ৰতি শিকা অনিবাৰ্য বা ফৰজ।ঋতুস্ৰাৱ আৰু প্ৰসূতিৰ প্ৰয়োজনীয় বিষয়বোৰ শিকা প্ৰতিগৰাকী মহিলাৰ প্ৰতি,ব্যৱসায়ৰ বিষয়বোৰ শিকা প্ৰতিজন ব্যৱসায়ীৰ পক্ষে,হজ্জলৈ যোৱাসকলৰ ওপৰত হজ্জৰ বিষয়সমূহ শিকা অনিবাৰ্য কৰ্তব্য।

• কিন্তু ধৰ্মৰ সম্পূৰ্ণ জ্ঞান অৰ্জন কৰাটো প্ৰত্যেকৰে পক্ষে অনিবাৰ্য ফৰজ নহয় বৰং যদি চহৰৰ এজন ব্যক্তিয়েও অৰ্জন কৰে তেন্তে সকলো দোষমুক্ত হৈ যায়।”

(مراٰۃ المناجیح:ج١،ص١٩٦)

• যিকোনো ভাষা বুজিবলৈ,তাৰ গভীৰ জ্ঞান অৰ্জন কৰিবলৈ,তাৰ ভাবাৰ্থ বুজিবলৈ সৰ্বপ্ৰথমে উক্ত ভাষাৰ বুনিয়াদী প্ৰণালীকে ধৰি তাৰ সম্পূৰ্ণ জ্ঞান অৰ্জন কৰিব লাগিব অন্যথা মাথোঁ অনুবাদ পঢ়ি অসম্ভৱ। কোৰআন বা হাদিছৰ জ্ঞান প্ৰদানৰ বাবে ইচ্ছুক সকলৰ বাবে সুকীয়াকৈ শিক্ষা প্ৰতিষ্ঠান মাদ্ৰাছাৰ আকাৰত ঠায়ে ঠায়ে বনোৱা আছে বহুলভাৱে জানিবলৈ এনে শিক্ষা প্ৰতিষ্ঠানত ভৰ্তি হোৱা উচিত।

• ইয়াৰোপৰি কোৰআনৰ কিছুমান আয়াত হৈছে মুহকাম যাৰ দ্বাৰা চৰীয়তৰ আদেশ বলৱৎ হয় এয়াই হৈছে কোৰআনৰ মূল; আৰু আন কিছুমান হ’ল মুতাশ্বাবিহ। মুহকাম আয়াত অৰ্থাৎ যিবোৰৰ পৰা হাৰাম হালালৰ নীতি-নিয়ম বলৱৎ কৰা হয়,তাৰ সংখ্যা প্ৰায় পাঁচ শ আৰু ইয়াৰ বাহিৰে বাকীবোৰ আয়াতত পূৰ্বৰ উম্মতৰ আল্লাহৰ আদেশৰ অবাধ্যতাৰ পৰিণতি,সিহঁতৰ ওপৰত অহা আজাবৰ বিৱৰণ,জান্নাত আৰু জাহান্নাম ও উপদেশ বা সতৰ্কমূলক কথা উল্লেখ কৰা হৈছে।

• কোৰআন শ্বৰীফত দুই ধৰণৰ আয়াত আছে;

১)মুহকাম অৰ্থাৎ সেই আয়াত সমূহ যাৰ অৰ্থত কোনো কঠিনতা(ইশ্বতিবাহ)নাই বৰং কোৰআন বুজাৰ যোগ্যতা থকা লোকে সহজেই বুজিব পাৰে।

২)মুতাশ্বাবিহ অৰ্থাৎ সেই আয়াত সমূহ যাৰ বাহ্যিক অৰ্থ হয়তো বুজিবই নোৱাৰি যেনে কিছু ছুৰাৰ আৰম্ভণিত অহা শব্দবোৰ “আলিফ লাম মী-ম” ইত্যাদি। অথবা তাৰ বাহ্যিক অৰ্থ বুজা যায় কিন্তু তাৰ দ্বাৰা উদ্দেশ্য বেলেগ থাকে যেনে আল্লাহ পাকৰ “য়াদ অৰ্থাৎ হাত “তেওঁৰ “ৱাজ্হ অৰ্থাৎ চেহেৰা”ৰ আয়াত। এই আয়াত সমূহৰ বাহ্যিক অৰ্থ বুজাতো যায় কিন্তু আচলতে সেয়া উদ্দেশ্যত নাথাকে। ইয়াৰোপৰি তাৰ প্ৰকৃত উদ্দেশ্যৰ অৰ্থত কেইবাটাও অৰ্থৰ সম্ভাৱনা থাকে আৰু তাৰে মাজৰ কোনটো অৰ্থ লোৱা হয়, তাৰ প্ৰকৃত অৰ্থ একমাত্ৰ আল্লাহ পাকেহে জানে অথবা তেওঁ যাক তাৰ জ্ঞান দিয়ে।

• গতিকে প্ৰশ্নত সোধামতে ভবা ভুল হ’ব যে হাদিছ আৰু চাহাবাক কোৰআনৰ পৰা পৃথক কৰি দেখুওৱা হৈছে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d