প্ৰশ্নঃ- নামাজত আগৰ কাটাৰ সম্পূৰ্ণ ভৰি গ’লে পিছত অহা মুক্তাদিজন অকলে পিছৰ কাটাৰত থিয় হ’ব পাৰিবনে ? বিছমিল্লাহিৰ ৰস্‌মানীৰ ৰসীম। উত্তৰঃ- আগৰ কাটাৰ পৰিপূৰ্ণ হৈ গ’লে পিছত অহা ব্যক্তিজনে বেলেগ এজনৰ অপেক্ষা কৰিব। ইমাম ৰুকুত যোৱাৰ সময়লৈ কোনো ব্যক্তি নাহিলে ইমামৰ সোঁ পিনে পিছৰ কাটাৰত তেওঁ অকলে থিয় হ’ব। আল বাসৰুৰ ৰাঈকত লিখা আছে: وَالْقِيَامُ وَحْدَهُ أَوْلَى فِي زَمَانِنَا لِغَلَبَةِ الْجَهْلِ عَلَى الْعَوَامّ. অৰ্থাৎ আমাৰ যুগত অজ্ঞতাৰ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰত বেছি হোৱাৰ বাবে অকলে থিয় হোৱাটোৱে বেছি ভাল। নামাজৰ আলোচনা, ইমামতিৰ বিৱৰণ, নামাজ ভংগ হোৱা সম্পৰ্কত সবিশেষ, খণ্ড: ১, পৃষ্ঠা: ৩৭৩, প্ৰকাশন: দাৰুল কিতাবিল ইছলামী। এনেদৰেই ৰদ্দুল মুসতাৰ খণ্ড: ২, পৃষ্ঠা: ৫০২, প্ৰকাশন: দাৰুল মা’ৰিফাহ আৰু মাজমাউল আনহুৰ খণ্ড: ১, পৃষ্ঠা: ১৮৮, প্ৰকাশন: দাৰুল কুতুবিল ইল্মিয়্যাতো আছে। কিছু কিতাপত পিছত অহা মুক্তাদিজন অকলশৰীয়া হ’লে আগৰ কাটাৰৰ পৰা এইটো মাছআলাহত অৱগত থকা ব্যক্তি হ’লে টানি আনি নিজৰ লগত লোৱাটো ভাল অৱশ্যে অকলে থিয় হৈ নামাজ পঢ়িলেও হ’ব বুলি উল্লেখ আছে।‌ ফতাৱা ফকিহে মিল্লাত, বাবুল জামাআত, খণ্ড: ১, পৃষ্ঠা: ১৫৩, প্ৰকাশন: শ্বাব্বীৰ ব্ৰাদাৰ্ছ। বাহাৰে শ্বৰীঅত, খণ্ড: ১, ভাগ: ৩, পৃষ্ঠা: ৬৩৩, মাছআলাহ নং: ৫১, প্ৰকাশন: আল মাদিনাতুল ইল্মিয়্যাহ। আল্লাহ পাক সৰ্বোত্তম জ্ঞানী। মুফ্‌তী ইঞ্জামুল হক মিছবাহী, দৰং, অসম। ২৩ ছফৰ ১৪৪৭ হিজ্‌ৰী, ১৮ আগষ্ট ২০২৫ খৃষ্টাব্দ।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d