মাহেকীয়া হোৱা মহিলাই কদৰৰ ৰাতি কি কৰিব ?

প্ৰশ্নঃ- মাহেকীয়া হোৱা মহিলাই কদৰৰ ৰাতি কি কৰিব ?

উত্তৰঃ- মাহেকীয়া হোৱা মহিলাই নামাজ আৰু ৰোজা যিহেতু ৰাখিব নোৱাৰে,তিলাৱত আৰু কোৰআন স্পৰ্শ কৰিব নোৱাৰে সেয়ে আজিৰ ৰাতি তেওঁলোকে আনৰ হতুৱাই বা মোবাইলেৰে কোৰআন শুনা উচিত।
জিকিৰ,তছবীহ,দোৱা,দুৰুদ,তৌবা আৰু ইস্তিগফাৰ কৰা উচিত।
তলত দিয়া খিনি পঢ়িব পৰা যাব। তছবিহঃ ১)ছুবসানাল্লাহ। ২)আলসামদুলিল্লাহ। ৩)লা ইলাহা ইল্লাল্লাহ। ৪)আল্লাহু আকবাৰ।
তৌবাঃ আস্তাগফিৰুল্লাহাল আযীমাল্লাযী লা ইলাহা ইল্লা হুৱাল সায়্যুল কায়্যুম,ৱা আতূবু ইলাইহ্‌।
দোৱা কৰকঃ আল্লাহুম্মা ইন্নাকা আফুওউন তুসিব্বুল আফ্‌ৱা ফা’ফু আন্নী ইয়া গফূৰু।
দুৰুদঃ আল্লাহুম্মা স্বাল্লি আলা মুসাম্মাদিও ৱা আলিহি আলফা আলফা মাৰ্ৰাহ।
দোৱা কৰকঃ আত্মীয়ৰ লগতে সমগ্ৰ বিশ্বৰ মুছলমানৰ বাবে কান্দি কান্দি বিনয়েৰে দোৱা কৰক।
বিঃদ্ৰঃ- প্ৰতিদিনে সকলোবোৰ নিম্নতম এশ বাৰকৈ পঢ়াৰ চেষ্টা নিশ্চয় কৰা উচিত,ইয়াৰোপৰি এক পাৰাকৈ শুনা উচিত।
হাদীছ শ্বৰীফত আছে:
عَنْ عَائِشَةَ أَنَّهَا قَالَتْ کَانَ رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ يَتَّکِئُ فِي حِجْرِي وَأَنَا حَائِضٌ فَيَقْرَأُ الْقُرْآنَ
হজৰত আইশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেওঁ কৈছে: নবীজিয়ে ﷺ ঋতুস্ৰাৱৰ সময়ত মোৰ কোলাত হেলান দিছিল আৰু তেওঁ পবিত্ৰ কোৰআন পাঠ কৰিছিল।(মুছলিম শ্বৰীফ,ঋতুস্ৰাৱৰ বিৱৰণ,হাদীছ নং: ৬৯৩)।
ফতাৱা আলমগীৰিত:
و منها حرمة قراءة القرآن: لا تقرأ الحائض والنفساء والجنب شيئا من القرآن والآية اه‍.
অৰ্থাৎ ঋতুস্ৰাৱ বা নিফাছ(সন্তান Delivery ৰ পিছৰ সময়কাল)হোৱা মহিলা অথবা নাপাক ব্যক্তিয়ে কোৰআন তিলাৱত কৰিব নোৱাৰে। (অধ্যায়:পবিত্ৰতা,পৰিচ্ছেদ:আদ্দিমাউল মুখতাচ্ছাতি বিন্নিষছা,খণ্ড:১,পৃষ্ঠা:৪৩,সংস্কৰণ: দাৰুল কুতুবুল ইল্মিয়্যাহ,বেইৰুট)। ؎ وَاللّٰهُ تَعَالٰى اَعْلَم.
▁▁▁▁▁▁▁▁▁▁▁▁
✍ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ১০ ৰমজান ১৪৪৫ হিজ্‌ৰী, ২১ মাৰ্চ ২০২৪

মাহেকীয়া হোৱা মহিলাই কদৰৰ ৰাতি কি কৰিব ? মাহেকীয়া হোৱা মহিলাই কদৰৰ ৰাতি কি কৰিব ?

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –