হজৰত তালহা বিন উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নজ্দৰ এজন বাসিন্দা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত উপস্থিত হয়,যাৰ চুলি সিঁচৰতি(ইফাল-সিফাল)হৈ আছিল। তেওঁৰ মাতৰ গুণাগুণনিতো শুনা গৈছিল কিন্তু কি কৈছে বুজা নগৈছিল। এতেকে কাষলৈ আহোঁতে বুজা গৈছিল যে তেওঁ ইছলাম সম্পৰ্কে কিছু জানিব বিচাৰিছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: দিন ৰাতিৰ ভিতৰত ফৰজ কৰা হৈছে পাঁচ ওৱাক্তৰ নামাজ। নিবেদন কৰিলে: ইয়াৰ বাহিৰে মোৰ ওপৰত অতিৰিক্ত কোনো ফৰজ নামাজ আছে ? তেওঁ কয়: নাই কিন্তু যি(নফল নামাজ)তুমি সুখী হৈ পঢ়া। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: ৰমজানৰ ৰোজা ফৰজ কৰা হৈছে। নিবেদন কৰিলে: ৰমজানৰ বাহিৰেও মোৰ ওপৰত অইন কোনো ফৰজ ৰোজা আছে ? তেওঁ ক’লে: নাই কিন্তু যি (নফল ৰোজা)তুমি সুখী হৈ ৰাখা। তাৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জাকাতৰ কথা কয়। নিবেদন কৰিলে: ইয়াৰ উপৰিও আৰু কোনো বস্তু মোৰ পক্ষে আৱশ্যকীয় নেকি ? তেওঁ ক’লে:নহয় কিন্তু যিটো তুমি শান্ত মনেৰে ছদকা কৰা। বৰ্ণিনাকাৰীয়ে কয়: তেওঁ এনেদৰে কৈ উভতি গ’ল যে “আল্লাহৰ কছম মই ইয়াত কোনো ধৰণৰ বৃদ্ধি আৰু হ্ৰাস নকৰোঁ।” নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: যদি সি(তাৰ এই প্ৰতিজ্ঞাত)সত্য তেন্তে সফল হ’ল। (নজ্দ এখন চহৰৰ নাম,বৰ্তমানৰ ৰিয়াজ)(মুছলিম শ্বৰীফ-১/৪০:১১)
Menu
Recent Comments