চল্লিশটা চুটি হাদীছ

চল্লিশটা চুটি হাদীছ


হাদীছ নং ১. إِنَّمَا الأَعْمَالُ بِالنِّيَّاتِ

সকলো কৰ্ম  নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰে।


হাদীছ নং  ২. الطَّهُورُ شَطْرُ الإِيمَانِ

পবিত্ৰতা (পৰিচ্ছন্নতা) ঈমানৰ অংশ


হাদীছ নং ৩. الحَيَاءُ مِنَ الإِيمَانِ

লাজ-সংকোচ ঈমানৰ অংশ


হাদীছ নং ৪. الصَّلَاةُ نُورٌ

নামাজ হল উজ্জ্বলতা বা নূৰ।


হাদীছ নং ৫. الصَّوْمُ جُنَّةٌ

ৰোজা জাহান্নামৰ পৰা বচোৱা ঢাল।


হাদীছ নং ৬. إِنَّ الدِّينَ يُسْرٌ

নিশ্চয় ধৰ্ম সহজ।


হাদীছ নং ৭. تَهَادُوا تَحَابُّوا

উপহাৰ দিয়ক, মৰম বৃদ্ধি পাব।


হাদীছ নং ৮. الحَيَاءُ كُلُّهُ خَيْرٌ

লাজ-সংকোচত আছে সম্পূৰ্ণ কল্যাণ।


হাদীছ নং ৯. مَنْ غَشَّنَا فَلَيْسَ مِنَّا

যিয়ে প্ৰতাৰণা কৰে তেওঁ আমাৰ পদ্ধতিত নাই।


হাদীছ নং ১০. الدُّعَاءُ مُخُّ العِبَادَةِ

দোআ ইবাদত-উপাসনাৰ মূল।


হাদীছ নং ১১. بَلِّغُوا عَنِّي وَلَوْ آيَةً

মোৰ এটা হাদীছো যদি জানা, সেইটোও আনক জনোৱা।


হাদীছ নং ১২. نيَّةُ المؤمِنِ خَيرٌ من عَمَلِه

মুমিনৰ নিয়্যত তেওঁৰ কামতকৈ উত্তম।


হাদীছ নং ১৩. لا آكُلُ وأَنا مُتَّكِئٌ

মই আঁউজি আহাৰ গ্ৰহণ নকৰোঁ।


হাদীছ নং ১৪. النَّدمُ تَوبةٌ

অনুতাপেই হৈছে আচল তৌবাহ।


হাদীছ নং ১৫. لَا يَدْخُلُ الجَنَّةَ قَاطِعٌ

যিয়ে সম্পৰ্ক বিছিন্ন কৰে, তেওঁ জান্নাতত নাযাব।


হাদীছ নং ১৬. كُلُّ مَعْرُوفٍ صَدَقَةٌ

প্ৰতিটো সৎ কাম হৈছে স্বদকা।


হাদীছ নং ১৭. السَّلَامُ قَبْلَ الكَلَامِ

কথা পতাৰ আগতে ছলাম কৰা।


হাদীছ নং ১৮. لا تَسُبُّوا الأمْواتَ

মৃতলোকৰ বিষয়ে বেয়াকৈ নকবা


হাদীছ নং ১৯. مَنْ صَمَتَ نَجَا

যিয়ে নীৰৱে থাকে, তেওঁ শান্তিত থাকে।


হাদীছ নং ২০. لَا يَدْخُلُ الجَنَّةَ قَتَّاتٌ

অপবাদ দিওঁতা জান্নাতত নাযাব।


হাদীছ নং ২১. إِنَّ خِيَارَكُمْ أَحَاسِنُكُمْ أَخْلَاقًا

তোমালোকৰ মাজত সৰ্বোত্তম সেইজন, যাৰ আচৰণ সৰ্বশ্ৰেষ্ঠ।


হাদীছ নং ২২. لَا تَسُبُّوا أَصْحَابِي

মোৰ চাহাবৰ বিষয়ে বেয়াকৈ নকবা।


হাদীছ নং ২৩. خَيْرُكُمْ مَنْ تَعَلَّمَ القُرْآنَ وَعَلَّمَهُ

তোমালোকৰ মাজত সৰ্বোত্তম সেইজন, যিয়ে ক্কৰ্‌আন শিকে আৰু শিকায়।


হাদীছ নং ২৪. مَنْ لَمْ يَشْكُرِ النَّاسَ لَمْ يَشْكُرِ اللهَ

যিয়ে মানুহৰ কৃতজ্ঞ নহ, তেওঁ আল্লাহৰো কৃতজ্ঞ নহল।


হাদীছ নং ২৫. من لم يَرحَمِ النّاسَ لم يرحَمْه اللهُ

যিয়ে মানুহৰ ওপৰত দয়া নকৰে, আল্লাহ পাকেও তেওঁৰ ওপৰত দয়া নকৰে।


হাদীছ নং ২৬. سِبابُ المُسْلِمِ فُسُوقٌ، وقِتالُهُ كُفْرٌ

মুমিনক গালি দিয়া পাপ, আৰু তেওঁৰ সৈতে যুদ্ধ কৰা কুফ্‌ৰ।


হাদীছ নং ২৭. المُسْلِمُ مَنْ سَلِمَ المُسْلِمُونَ مِنْ لِسَانِهِ وَيَدِهِ

সেইজনেই সত্য মুছলমান, যাৰ ভাষা আৰু হাতৰ পৰা আন মুছলমান নিৰাপদে থাকে।


হাদীছ নং ২৮. الدُّنْيَا سِجْنُ المُؤْمِنِ وَجَنَّةُ الكَافِرِ

দুনীয়া মুমিনৰ বাবে কাৰাগাৰ আৰু কাফিৰৰ বাবে জান্নাত।


হাদীছ নং ২৯. مَنْ سَتَرَ مُسْلِمًا سَتَرَهُ اللهُ يَوْمَ القِيَامَةِ

যিয়ে মুছলমানৰ দোষ ঢাকিব, আল্লাহ পাকে ক্কিয়ামতৰ দিনা তেওঁৰ দোষ ঢাকিব।


হাদীছ নং ৩০. لَقِّنُوا مَوْتاكُمْ لا إلَهَ إلّا اللَّهُ

মূমূৰ্ষ অৱস্থাত লা ইলাহা ইল্লাল্লাহ পঢ়ি শুনোৱা।


হাদীছ নং ৩১. الظُّلْمُ ظُلُمَاتٌ يَوْمَ القِيَامَةِ

অন্যায় ক্কিয়ামতৰ দিনা ঘোৰ অন্ধকাৰ হৈ পৰিব।


হাদীছ নং ৩২. المُسْلِمُ أَخُو المُسْلِمِ

মুছলমান, মুছলমানৰ ভাই।


হাদীছ নং ৩৩. الخمرُ أمُّ الخبائثِ

মদ সকলো দুষ্কৰ্মৰ মূল।


হাদীছ নং ৩৪. اتَّقِ دَعْوَةَ المَظْلُومِ

অত্যাচাৰিত ব্যক্তিৰ বদ-দোআৰ পৰা সাৱধানে থাকা।


হাদীছ নং ৩৫. إِنَّ المُؤْمِنَ لَا يَنجُسُ

মুমিন আভ্যন্তৰীণ ৰূপত কেতিয়াও অপবিত্ৰ নহয়।


হাদীছ নং ৩৬. عَمُّ الرَّجُلِ مِثْلُ أَبِيهِ

খুৰা পিতা স্বৰূপ।


হাদীছ নং ৩৭. الدِّينُ النَّصِيحَةُ

ধৰ্ম মানে হল পৰামৰ্শ আৰু কল্যাণকামিতা।


 হাদীছ নং ৩৮. المُؤْمِنُ مِرْآةُ المُؤْمِنِ

মুমিন আন এজন মুমিনৰ  বাবে আয়না স্বৰূপ।


হাদীছ নং ৩৯. العَيْنُ حَقٌّ

কুদৃষ্টি (Evil Eye) লগাটো সত্য।


হাদীছ নং ৪০. لَا تَسُبُّوا الدَّهْرَ

সময়ক গালি নিদিবা।


নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: মোৰ উম্মতৰ মাজৰ যিয়ে চল্লিশটা হাদীছ মুখস্থ কৰি ল, যাৰ দ্বাৰা উম্মত লাভৱান হ, ক্কিয়ামতৰ দিনা তেওঁ এজন ফক্কীহ আৰু আলীমৰ ৰূপত উঠিব।


মাতৃৰ মৰ্যাদা – CLICK HERE 

আল্লাহৰ অলীৰ মৰ্য্যাদা- CLICK HERE 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d