চল্লিশ হাদিছ

অসমীয়াত চল্লিশটা হাদিছ

অসমীয়াত চল্লিশটা হাদিছ – চল্লিশটা হাদিছৰ প্ৰচাৰত বহুতো চোৱাব আছে আৰু নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সু-সংবাদ। পূৰ্বৰ বিদ্বান লোকসকলৰ,অলী আউলিয়া সকলৰ চাহাবাৰ অভ্যাস আছিল এয়া কিয়নো এই সম্পৰ্কে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জান্নাতৰ সু-সংবাদ দিছে। সেয়ে‌ চোৱাবৰ আশাত ময়ো আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ মৰমৰ চল্লিটা হাদিছ লিখি এটা পোষ্ট তৈয়াৰ কৰিলোঁ। আল্লাহ পাকে কবুল কৰক আৰু ইয়াৰ ওপৰত আমোল কৰাৰ ক্ষমতাও দান কৰক। আ-মী-ন।

১)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: জিব্ৰিল মোৰ ওচৰত আহি হাতত ধৰি জান্নাতৰ সেই দুৱাৰ খন দেখুৱাই দিয়ে, যিখনেৰে মোৰ উম্মত জান্নাতত প্ৰৱেশ কৰিব। _ এয়া শুনি আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৱে ক’লে:ইয়া ৰাছুলাল্লাহ! মোৰ ইচ্ছা যদি ময়ো আপোনাৰ কাষত থাকিলো হেঁতেন সেই দুৱাৰ খন আপোনাৰ লগত ময়ো চালোঁ হেঁতেন। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: হে আবু বকৰ মোৰ উম্মতৰ ভিতৰত জান্নাতত প্ৰৱেশ কৰোঁতা প্ৰথম ব্যক্তি তুমি হ’বা। (আবু দাউদ,৪/২৮০, হাদিছ নং ৪৬৫২)

২) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: পৰিপূৰ্ণ মোমিন সেইজন যাৰ আচাৰ ব্যৱহাৰ সবাতোকৈ উত্তম। (তিৰমিজি:১১৬২)

৩) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আল্লাহৰ সকলোতকৈ পছন্দৰ বাক্য চাৰিটা;১)ছুবহানাল্লাহ, ২)আলহামদুলিল্লাহ, ৩)লা ইলাহা ইল্লাল্লাহ, ৪)আল্লাহু আকবাৰ। তুমি ইয়াৰ মাজৰ যিটোৱেই প্ৰথমে পঢ়িবা কোনো অসুবিধা নাই। )ছহীহ মুছলিম:৫৭২৪)

৪)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ষড়যন্ত্র কৰোতা আৰু ধোকা দিওঁতা জাহান্নামত আছে। (অৰ্থাৎ জাহান্নাম তাৰ ঠিকনা)(মুছনাদুল ফিৰদাউছ:বাবুল মীম-৪/২১৭,হাদিছ:৬৬৫৮)

৫) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: হিংসা বা ঈৰ্ষাই নেকী(কল্যাণ)ক এনেকুৱা ভাৱে ধ্বংস কৰি পেলায় যিদৰে জুয়ে কাঠ(wood)ক নষ্ট কৰি পেলায়। আৰু দান ছদকাই গুণাহক এনেধৰণে মুচি পেলায় যিদৰে পানীয়ে অগ্নি নুমাই পেলায়। নামাজ মোমিনৰ নূৰ বা উজ্জ্বলতা আৰু ৰোজা হৈছে জুইৰ(পৰা বচোৱা)ঢাল। (ইবনে মাজা:৪২১০)

৬) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: হজৰত আবু আয়্যূব আনছাৰী ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে এজন গাঁৱৰ ব্যক্তি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত আহি নিবেদন ক’লে: ইয়া ৰাছূলাল্লাহ! মোক এটি চুটি উপদেশ দিয়ক। তেওঁ ক’লে: যেতিয়া নামাজ পঢ়িবা জীৱনৰ অন্তিম নামাজ(বুলি ভাবি)পঢ়িবা। আৰু কেতিয়াও এনে কথা নক’বা য’ত কাইলৈ ক্ষমা খুজিব লগা হয়। আৰু মানুহৰ সম্পত্তিৰ পৰা নিৰাশা হৈ যোৱা। (ছুনান ইবনে মাজা:৪/৪৫৫,হাদিছ:৪১৭১)

৭) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: এদিনাখন নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তিনিবাৰ এনেদৰে ক‌য়:মোৰ সহকাৰী বা প্ৰতিনিধিৰ ওপৰত আল্লাহৰ ৰহমত অৱতীৰ্ণ হওঁক। নিবেদন কৰা হ’ল যে আপোনাৰ সহকাৰী কোনো ? তেওঁ ক’লে; মোৰ ছুন্নতক ভাল পোৱা আৰু আনক শিকোৱা বোৰ।(জামিঅ’ বয়ানে ইল্ম,১/২০১,হাদিছ:২২০)

৮)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যি ব্যক্তিয়ে এনেদৰে দুৰূদ পঢ়িব “আল্লাহুম্মা ছাল্লি আলা মোহাম্মাদিও ৱা আনযিলহুল মাকআদাল মোকাৰ্ৰাবা ইনদাকা য়াওমাল কিয়ামাহ।” তেওঁৰ বাবে মোৰ শ্বাফাআত(চুপাৰিছ) ওৱাজিব হৈ যায়। (আত্তাৰগীব ওৱাত্তাৰহীব:,কিতাবুজ্জিকৰি ওৱাদ্দোআ,২/৩২৯,হাদিছ:৩০)

৯) “জাযাল্লাহু আন্না’ মোহাম্মাদাম্মা’ হুৱা আহলুহু” হজৰত ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:যি ব্যক্তিয়ে এই(দুৰূদ)পঢ়িব তাৰ বাবে সত্তৰ ফিৰিস্তাই এক হাজাৰ দিনলৈ নেকী লিখি থাকে। (মাজমউজ জৱাইদ:কিতাবুল আদইয়্যাহ,১০/২৫৪,হাদিছ:১৭৩০৫)

১০)”লা ইলাহা ইল্লাল্লাহুল হালীমুল কাৰীম,ছুবহানাল্লাহি ৰাব্বিছ ছামা’ৱা’তিচ্ছাবই ৱা ৰাব্বিল আৰশ্বিল আজীম” নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:যি ব্যক্তিয়ে এই দোআটো তিনিবাৰ পঢ়িলে,(এনেকুৱা হৈ গ’ল)যেন সি শ্ববে কদৰহে পালে। (তাৰিখ ইবনে আছাকিৰ,১৯/১৫৫,হাদিছ:৪৪১৫)

১১)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: •হে আলী! মোমিনৰ বাহিৰে কোনেও তোমাক ভাল পাব নোৱাৰে। মুনাফিকৰ বাহিৰে কোনেও তোমাৰ প্ৰতি আক্ষেপ ৰাখিব নোৱাৰে। •আলীৰ প্ৰতি প্ৰেমে গুণাহক জুয়ে কাঠ পুৰি ধ্বংস কৰাৰ দৰে কৰে ধ্বংস কৰে। •হে আলী যিয়ে তোমাৰ অনুসৰণ কৰিলে,সি আল্লাহৰ অনুসৰণ কৰিলে। •মই জ্ঞানৰ চহৰ হওঁ আৰু আলী হৈছে তাৰ দুৱাৰ। •আলী মোৰ পৰা আৰু মই আলীৰ পৰা। (তিৰমিজী:১৩/১৭৭,কানজুল ওম্মাল:১১/১২৫,মোস্তাদৰাক হাকিম:৩/১২৩,কানজুল ওম্মাল:১৩/১৪৮,আহমদ বিন হাম্বল:৫/৬০৬)

১২) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যি ব্যক্তিয়ে মছজিদৰ পৰা কষ্টদায়ক(মাটি, শিলগুটি)আঁতৰাই দিব আল্লাহ পাকে তাৰ বাবে জান্নাতত এটা ঘৰ বনাই দিব। (ইবনে মাজা:৭৫৭)

১৩)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মানুহে নিজৰ জীৱনত(যেতিয়া অভাৱ হয়)এক দিৰহাম দান কৰা মৃত্যুৰ সময়ত এশ দিৰহাম দান কৰাতকৈ উত্তম। (আবু দাউদ:২৮৬৬)

১৪)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া বান্দাই আখিৰাতত সেইসমূহ দোআৰ চোৱাব দেখিব যিবোৰ দুনীয়াত কবুল হোৱা নাছিল,সি কামনা কৰিব; যদি মোৰ দুনীয়াৰ কোনো দোআই কবুল নহৈ সকলোবোৰ আখিৰাতৰ বাবে জমা হ’ল হেঁতেন! (আহছানুল ৱিআ,পৃষ্ঠা-৩৭,হাশ্বিয়াহ মাআত্তাওদ্বীহ)

১৫) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যি ব্যক্তিয়ে তাৰ সন্মূখত অইন লোক আদব(সন্মান)সহকাৰে থিয় হৈ থকাটো পছন্দ কৰে তেন্তে সি তাৰ ঠিকনা জাহান্নামত বনাই লওঁক।(জামিউত তিৰমিজী:২৭৫৫,আবু দাউদ:৫২২৯,মিচকাত:৪৬৯৯)

১৬)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া তোমালোকৰ মাজৰ কাৰোবাক ছদকা আদায়ৰ কামত নিযুক্ত কৰা হয়,যদি সিহঁতে আমাৰ পৰা বেজী বা তাতোধিক লুকাই লয় তেন্তে সেয়াও বিশ্বাসঘাটকতা যাক সি কিয়ামতৰ দিনা আনিব। (চান্দা কৰি ভোজ-ভাত বা বিনা নিযুক্তিৰে পেটত ভৰোৱা বোৰৰ বাবে চিন্তাৰ বিষয়)(মুছলিম শ্বৰীফ;৭৮৭,হাদিছ:৪৭৪৩)

১৭) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:এজন ব্যক্তিয়ে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক সুধিলে: যদি কোনোৱে মোৰ সম্পত্তি কাঢ়িব খোজে(তেতিয়া কি কৰিম)? নবীয়ে ﷺ ক’লে তাক মাল নিদিবা। সুধিলে: যদি সি মোৰ লগত কাজিয়া কৰে তেতিয়া ? নবীয়ে ﷺ ক’লে তুমিও কাজিয়া কৰা(তোমাৰ মাল বচোৱাৰ বাবে)। সুধিলে: যদি সি মোক মাৰি পেলায় তেন্তে ? নবীয়ে ﷺ ক’লে তুমি ছহীদ(ৰ শাৰীত হৈ যাবা)। সুধিলে: মই তাক মাৰি পেলাও যদি ? নবীয়ে ﷺ ক’লে তেন্তে সি দোজোখী হ’ব। (মুছলিম:৩৬০-১৪০)

১৮)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সন্মূখত এনেকুৱা এজন ব্যক্তিৰ কথা উত্থাপন কৰা হ’ল যিয়ে পুৱা লৈকে শুই থাকে (অৰ্থাৎ ফজৰ নপঢ়ে)। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: এনে মানুহৰ কাণত চয়তানে পেচাব কৰে।(ইবনে মাজা:১৩৩০,নাছাঈ-১৬০৮)

১৯)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: পকা চুলি নুঘালিবা কাৰণ যি মুছলমানৰ ইছলামত থকা অৱস্থাত কোনো চুলি পকে সেই চুলি কিয়ামতৰ দিনা তাৰ বাবে নূৰ হ’ব আৰু তাৰ পৰিৱৰ্তে আল্লাহ পাকে এটা নেকী দান কৰিব আৰু এটা গুণাহ ক্ষমা কৰি দিব। (আবু দাউদ:৪২০২,ইবনে মাজা:৩৭২১)

২০)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: কিয়ামতৰ দিনা তোমালোকে নিশ্চয় প্ৰাপ্য পাবলগীয়াক সিহঁতৰ হক্ক বা প্ৰাপ্য দিব লাগিব আনকি শিং থকা ছাগলীৰ পৰা শিং নথকা ছাগলীৰ প্ৰতিশোধ লোৱা হ’ব।(মুছলিম;২৫৮২)

২১)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মেৰাজৰ ৰাতি মই কিছু লোকক সিহঁতৰ ওঁঠ জুইৰ কেঁচিৰে কাটি থকা দেখিছোঁ। মই সুধিলো : হে জিব্ৰিল ইহঁত কোন ? ক’লে: ইহঁত আপোনাৰ উম্মতৰ (সেই) বক্তা(ওৱাজ কৰোঁতা)যিয়ে মানুহক নেকীৰ আদেশ দিছে কিন্তু নিজক পাহৰি গৈছে(অৰ্থাৎ আনক আদেশহে দিয়ে নিজে হ’লে আমোল নকৰে)(শ্বাৰহুছ ছুন্নাহ:৭/৩৬২,হাদিছ;৪০৫৪)

২২)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুদ(ৰ গুণাহৰ)সত্তৰটা ভাগ আছে। তাৰে মাজৰ সবাতোকৈ কম পৰ্যায়ৰ গুণাহ হৈছে কোনোৱে নিজৰ মাতৃৰ লগত জিনা(Sex)কৰা।(অৰ্থাৎ সুদৰ নিম্নতম গুণাহ নিজ মাতৃৰ লগত ব্যভিচাৰী কৰাৰ সমান।)(ছুনান ইবনে মাজা:৩/৭২:২২৭৪)

২৩)হজৰত জাবীৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: সুদ লওতা,সুদ দিওঁতা,লিখোঁতা আৰু তাৰ সাক্ষীৰ প্ৰতি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে অভিশাপ দিছে আৰু কৈছে: এইসকলো(গুণাহত)একেই।(ছহীহ মুছলিম;১৫৯৮)

২৪)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: জানি বুজি সুতৰ এক দিৰহাম(এক টকা)খোৱা ৩৬ বাৰ জিনা(ব্যভিচাৰ)তকৈয়ো নিকৃষ্ট।(মুছনাদে ইমাম আহমদ বিন হাম্বল:৮/২২৩:২২০১৬)

২৫)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:(দেখাত সুদৰ দ্বাৰা)যদিওঁ সম্পত্তি বৃদ্ধি হয় কিন্তু পৰিণতি এয়া যে সম্পত্তি কম হ’ব। ((মুছনাদে ইমাম আহমদ বিন হাম্বল:২/৫০:৩৭৫৪)

২৬)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মেৰাজৰ ৰাতি এটা দলৰ কাষেৰে পাৰ হ’লো যাৰ পেত ঘৰৰ দৰে(ডাঙৰ ডাঙৰ)।সেই পেটবোৰত সাপ আছে যিবোৰ বাহিৰৰ পৰা দেখা পোৱা যায়। মই সুধিলো হে জিব্ৰিল! এইসকল কোন লোক ? তেওঁ ক’লে: ইহঁত সুদখোৰ। (ছুনানে ইবনে মাজা,:৩/৭২:২২৭৩)

২৭)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুদ পৰিহাৰ কৰা আৰু য’ত সুদৰ সন্দেহ থাকে সেয়াও বৰ্জন কৰা। (ছুনান ইবনে মাজা:২/৭৩:২২৭৬)

২৮)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যাৰ অন্যায়ৰ পৰা তাৰ চুবুৰীয়াই নিৰাপদ অনুভৱ নকৰে সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। (মুছলিম শ্বৰীফ:পৃষ্ঠা-৪৩,হাদিছ:৭৩)

২৯)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সন্দেহৰ পৰা আঁতৰি থাকা কাৰণ সন্দেহ হৈছে সকলোতকৈ ডাঙৰ মিছা কথা। মানুহৰ দোষ বিচাৰি নুফুৰিবা। পাৰস্পৰিক হিংসা পৰিহাৰ কৰা। এজনে আনজনৰ পৰা মুখ নিফিৰাবা,আৰু ঘৃণাও নকৰিবা অথচ হে আল্লাহৰ বান্দা! পাৰস্পৰিক ভাতৃত্ববোধ বজাই ৰাখা। (বোখাৰী:৬০৬৪)

৩০) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে অন্তিম খোতবাত কয়: হে মানৱ! তোমালোকৰ প্ৰতিপালন এজন।আৰু তোমালোকৰ পিতৃও(আদম)এজনেই। খবৰদাৰ! কোনো আৰবীৰ অনাআৰবী লোকৰ ওপৰত আৰু কোনো অনাআৰবীৰ আৰবী লোকৰ ওপৰত,কোনো বগাক ক’লাৰ ওপৰত, আৰু ক’লাৰ বগাৰ ওপৰত প্ৰাধান্য দিয়া নহ’ব কিন্তু তাক্কৱা(আল্লাহৰ ভয়)ৰ ভিত্তিত। (মুছনাদে আহমদ:৪৫৬৮)

ছদকা সম্পৰ্কীয় হাদিছ;

৩১) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ৰাতিপুৱা ছদকা(দান)কৰা কিয়নো বিপদ আপদে ছদকাৰ আগত খোজ দিব নোৱাৰে।(দান ছদকাৰ দ্বাৰা বিপদ আপদ দূৰ হয়)(মোঅজামুল আওছাত:৫৬৪৩)

৩২) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: নিজৰ(মুছলমান)ভাতৃৰ লগত কাজিয়া নকৰিবা,আৰু সিহঁতৰ লগত উপহাসো(insult)নকৰিবা। আৰু সিহঁতক এনেকুৱা কোনো প্ৰতিশ্ৰুতি নিদিবা যিটো তুমি পূৰণ কৰিব নোৱাৰিবা। (তিৰমিজী শ্বৰীফ:১৯৯৫)

৩৩)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: তোমালোকৰ মাজৰ কোনেও মৃত্যুৰ কামনা নকৰিবা,কিয়নো যদি নেক ব্যক্তি হয় তেন্তে হ’ব পাৰে সি অধিক নেকী(পুণ্য)কৰিব,আৰু গুণাহগাৰ হ’লে হয়তো তৌবা কৰি আল্লাহৰ সন্তুষ্টি প্ৰাপ্ত কৰিব। (ছুনানে নাছাঈ,কিতাবুল জানাইজ;৪/২)

৩৪) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যিয়ে দয়া নকৰিব তাক দয়া কৰা নাযাব। যিয়ে ক্ষমা নকৰিব তাক ক্ষমা কৰা নহ’ব। যিয়ে তৌবা নকৰিব তাৰ তৌবা কবুল কৰা নহ’ব। (কানজুল ওম্মাল:৩/৯৪)

৩৫)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: প্ৰতিদিনে যেতিয়া সূৰ্য উদয় হয় তেতিয়া দিনটোৱে এনেদৰে ঘোষণা কৰে:“যদি কোনো ভাল কৰিব বিচাৰিছা কৰি লোৱা,আজিৰ পিছত আৰু কদাপিও মই ঘূৰি নাহো”(শ্বুঅবুল ঈমান-৩/৩৮৫,হাদিছ নং:৩৮৪)

৩৬) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: তোমাৰ অধিনত থকা লোকসকল তোমাৰ ভাতৃ(স্বৰূপ),এতেকে যাৰ অধিনত তাৰ কোনো ভাতৃ থাকিব সেয়াই খুৱাওক যি সি নিজে খায়। সেই কাপোৰেই পিন্ধাওক যি সি নিজে পিন্ধে। আৰু সিহঁতক কষ্টত পৰাকৈ কামৰ বোজা নিদিবা,যদি কোনো কঠিন কাম দিয়া তেন্তে তুমি নিজেও তাক সহায় কৰা। (বোখাৰী:৩১)

সুদ সম্পৰ্কীয় হাদিছ;

৩৭) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুদ(ৰ গুণাহৰ)সত্তৰটা ভাগ আছে। তাৰে মাজৰ সবাতোকৈ কম পৰ্যায়ৰ গুণাহ হৈছে কোনোৱে নিজৰ মাতৃৰ লগত জিনা(Sex)কৰা।(অৰ্থাৎ সুদৰ নিম্নতম গুণাহ নিজ মাতৃৰ লগত ব্যভিচাৰী কৰাৰ সমান।)(ছুনান ইবনে মাজা:৩/৭২:২২৭৪)

৩৮) হজৰত জাবীৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুত লওতা,সুত দিওঁতা,লিখোঁতা আৰু তাৰ সাক্ষীৰ প্ৰতি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে অভিশাপ দিছে আৰু কৈছে: এইসকলো(গুণাহত)একেই।(ছহীহ মুছলিম;১৫৯৮)

৩৯) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: জানি বুজি সুদৰ এক দিৰহাম(এক টকা)খোৱা ৩৬ বাৰ জিনা(ব্যভিচাৰ)তকৈয়ো নিকৃষ্ট।(মুছনাদে ইমাম আহমদ বিন হাম্বল:৮/২২৩:২২০১৬)

৪০) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: দেখাত সুদৰ দ্বাৰা)যদিওঁ সম্পত্তি বৃদ্ধি হয় কিন্তু পৰিণতি এয়া যে সম্পত্তি কম হ’ব। ((মুছনাদে ইমাম আহমদ বিন হাম্বল:২/৫০:৩৭৫৪)

অসমীয়াত চল্লিশটা হাদিছ ▁▁ অসমীয়াত চল্লিশটা হাদিছ ▁▁ অসমীয়াত চল্লিশটা হাদিছ

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মেৰাজৰ ৰাতি এটা দলৰ কাষেৰে পাৰ হ’লো যাৰ পেট ঘৰৰ দৰে(ডাঙৰ ডাঙৰ)।সেই পেটবোৰত সাপ আছে যিবোৰ বাহিৰৰ পৰা দেখা পোৱা যায়। মই সুধিলো হে জিব্ৰিল! এইসকল কোন লোক ? তেওঁ ক’লে: ইহঁত সুদখোৰ। (ছুনানে ইবনে মাজা,:৩/৭২:২২৭৩)

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: সুদ পৰিহাৰ কৰা আৰু য’ত সুদৰ সন্দেহ থাকে সেয়াও বৰ্জন কৰা। (ছুনান ইবনে মাজা:২/৭৩:২২৭৬)

অসমীয়াত চল্লিশটা হাদিছ ৰ ওপৰত আমোল কৰাৰ ক্ষমতা দান কৰক।

আকিদা তকদিৰ ঈমান হাচৰ কাক বোলা হয় – ইছলামৰ পোহৰ Click here 

আমাৰ ইউটিউব চেনেল Click here 

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d